অসম লাইভ ২৪ঃ এমাহৰ মূৰত কাৰ্যালয়লৈ আহিল দায়িত্বশীল মন্ত্ৰী। হাস্পতাল, হোম কোৱাৰেণ্টীন আদিৰ অন্তত নিজৰ কাৰ্যালয়ত বহিলেহি স্বয়ং স্বাস্থ্যমন্ত্ৰী। দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন বৰ্তমান কোভিডমুক্ত। কাৰ্যক্ষেত্ৰলৈ উভতি আহি মন্ত্ৰীগৰাকীয়ে ক’লে ঘৰলৈ উভতি অহা যেন অনুভৱ হৈছে। উল্লেখ্য, কোভিড-১৯ আক্ৰান্ত সত্যেন্দ্ৰ জৈনৰ অৱস্থা অতি জটিল হৈ পৰিছিল। অৱশেষত প্লাজমা থেৰাপীৰে সুস্থ হৈ উঠিল মন্ত্ৰীগৰাকী। ১৯ জুনত ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ পৰা অতি জটিল অৱস্থাত মন্ত্ৰীগৰাকীক ব্যক্তিগত খণ্ডৰ মেক্স হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল। এই লৈ বিতৰ্কৰো সূত্ৰপাত ঘটিছিল। কিয় স্বাস্থ্যমন্ত্ৰীগৰাকীক চৰকাৰী হাস্পতালৰ পৰা নাৰ্ছিংহোমলৈ নিবলগা হ’ল বুলি একাংশই চৰকাৰক সমালোচনা কৰিছিল। ইয়াৰ উত্তৰত সত্যেন্দ্ৰ জৈনে কয়- ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালত তেওঁ চিকিৎসাধীন হৈ থকা অৱস্থাত প্লাজমা চিকিৎসা প্ৰয়োগৰ অনুমতি নাছিল। সেয়ে, তেওঁক জৰুৰী চিকিৎসাৰ বাবে নাৰ্ছিংহোমখনলৈ লৈ যোৱা হৈছিল। সুস্থ হৈ উঠা মন্ত্ৰী সত্যেন্দ্ৰ জৈনে প্লাজমা দান কৰিবলৈ সাজু হৈছে। যিদিনাই চিকিৎসকে অনুমতি দিব সেইদিনাই তেওঁ প্লাজমা দান কৰিব। উল্লেখ্য, হোম কোৱাৰেণ্টীন হৈ থকা অৱস্থাতো অক্সিজেন লৈ থাকিবলগা হৈছিল সত্যেন্দ্ৰ জৈনে। কাৰ্যালয়ত ভৰি দি কোভিড বিজয়ী মন্ত্ৰীগৰাকীয়ে পুনৰ ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ