• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

6 years ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

10 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

11 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

11 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

12 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

12 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

13 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

14 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

15 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

16 hours ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

16 hours ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

17 hours ago
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

কোভিড-১৯ৰ পাৰ্শ্বক্ৰিয়া

editor by editor
July 10, 2020
in ক'ভিড-১৯, বাণিজ্য, লেখা
0
ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে
12
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোবোৰ অৰ্থনীতিৰ সূত্ৰ আৰু মডেলে সকলো বিসংগতিপূৰ্ণ পৰিস্থিতিত কাম নকৰা হয়। এই AW Phlips Curveও একে শ্ৰেণীৰ সূত্ৰ।

ইতিমধ্যে কোৱাৰ দৰে মন্থৰ বিকাশৰ গতি বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি আকাশলংঘী নিবনুৱা, বেংকৰ বিভিন্ন প্ৰৱঞ্চনা-আত্মসাৎ ইত্যাদি মিশ্ৰিত যন্ত্ৰণাত ভুগি থকা অৰ্থনীতিৰ কথা ইতিমধ্যে এজন অৰ্থনীতিবিদ অৰুণ সিং ডাঙৰীয়াই উল্লেখ কৰিছে। হঠাৎ আৱিৰ্ভাৱ হোৱা ক’ৰোনাৰ পৰৱৰ্তীকালত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সমিলমিলেৰে পৰি থকা আন্তঃগাঁথনি-প্ৰকল্পবিলাক সম্পূৰ্ণ কৰিব লাগে যাতে বজাৰলৈ ধনৰ আমদানি ঘটে। গ্ৰামাঞ্চলৰ চাহিদা বঢ়াবলৈ ঘৰুৱা পুঁজি-বজাৰ, কৃষি, যন্ত্ৰপাতি ইত্যাদিৰ যোগান জটিলহীন কৰিব লাগিব।

ইতিমধ্যে আমাৰ দেশত এখন পুৰি এখন পুৰি/পুৰা (Pura/Puri), (Providing urban authorities rural  India/Assam) এইখন আঁচনি প্ৰয়াত ৰাষ্ট্ৰপতি কালাম মহোদয়ে ৰূপায়িত কৰিছিল। এই আঁচনি ৰূপায়িত কৰিবলৈ হ’লে এই দুৰ্দশাগ্ৰস্ত সময়ত কিছু ধন গাঁও অঞ্চলত বিনিয়োগ কৰাৰ সুবিধা ওলাব। তদুপৰি বৰ্তমান কালত প্ৰধানমন্ত্ৰী মহোদয়ে SWAMITVA স্কীম মুকলি কৰিলে আৰু এই আঁচনিৰ অধীনত বৰ্তমান কালত গাঁও অঞ্চলত কিছু ধন বিনিয়োগ কৰিলে যথেষ্ট উন্নতি হ’ব বুলি ক’ব পৰা যাব। এই আঁচনিয়ে বিশেষ কেইটামান দিশ সাঙুৰি লৈছে।  সেইকেইটা হ’ল- গ্ৰাম স্বৰাজ আৰু গাঁও অঞ্চলৰ দ্ৰুত উন্নয়নৰ কাৰণে মুকলি কৰা এই আঁচনি ক’ভিড-১৯ সময় উপযোগী। ইয়াৰ ভিতৰত দুটা গাঁৱৰ যোগাযোগৰ কাৰণে ২টা ৱেব প’ৰ্টেল মুকলি কৰা হ’ল। উন্নয়নৰ প্ৰকল্প বিলাক আঁচনিৰ পৰা সমাপ্তলৈকে একে ঠেলাতে পাৰ কৰা ব্যৱস্থা কৰা হৈছে। তৃতীয়তে, ড্ৰ’ন ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ সম্পত্তিবিলাকৰ ভৌগোলিক ছবি অন্তৰ্গত কৰা হ’ল। এই আঁচনিৰ জৰিয়তে সম্পদৰ ওপৰত থকা যিবোৰ মতানৈক্য আছিল সেইবোৰ নিষ্পত্তি কৰি সম্পদসমূহ নিয়মিতভাৱে বেংক ঋণৰ উপযোগী কৰি গঢ়ি তোলে। ইয়াৰ দ্বাৰা সামাজিক দূৰত্ব ৰক্ষা কৰি ‘দু-গজ কি দূৰি’ মন্ত্ৰ ফাকি ৰক্ষা কৰি এই আঁচনিখন বলৱৎ কৰা হৈছে। এনেধৰণৰ সৰুসুৰা দুই-চাৰি আঁচনিয়ে আমাৰ দৰে দেশৰ অৰ্থনীতিৰ পট সলনি কৰিব।

আঞ্চলিক ভিত্তিত সমসাময়িক কালৰ বিষয়ৰ ওপৰত পাৰ্গতালি থকা ব্যক্তিসকলক চৰকাৰে যদি ইচ্ছা কৰে তেনেহ’লে দায়িত্বপূৰ্ণ আঁচনি ৰূপায়ণত আৰু পৰামৰ্শ লোৱাত নিয়োজিত কৰিব পাৰে। বৰ্তমান কালত চৰকাৰৰ হাতত এইপাত অস্ত্ৰৰ অভাৱ। মেকানিকেল ইঞ্জিনীয়াৰে ইলেক্ট্ৰিকেলৰ পদবী গ্ৰহণ কৰিছে আৰু তেনেদৰে ইতিহাসৰ মানুহে RBIত উপদেশ দিছেহি। সেইকাৰণে উচিত লোকৰ উচিত স্থানত বহুওৱাৰ যথোচিত সময় আহি পৰিছে। আমি ইতিমধ্যে কৈছো যে আঁচনি প্ৰস্তুতৰ কাৰণে বিচক্ষণ আৰু বিশেষজ্ঞ উভয়ৰে প্ৰয়োজন। বৰ্তমান চলি থকা যুঁজখনৰ পৰৱৰ্তী কালত প্ৰত্যাহ্বান জনাবলৈ অভাৱ আৰু টনা-টনি আৰু অন্যফালে বিকাশ দুয়োটাই প্ৰয়োজন। আমি ইতিমধ্যে বখানিছো যে বিকাশ আৰু অভাৱ লগতে জীৱন বচোৱা আৰু জীৱিকা উভয় কথাবোৰ জড়িত হৈ আছে। বৰ্তমান চলি থকা ঠুনুকা বিত্তীয় পৰিস্থিতিত ক’ভিড-১৯ৰ পৰৱৰ্তীকালত নচলিব বুলি ধাৰণা কৰা হৈছে। সেইকাৰণে সকলোবোৰ ৰাজনৈতিক দল মিলি উমৈহতীয়াভাৱে দেশৰ অৰ্থনীতিত সংস্কাৰ বিচৰা হওক। অন্যথা বৃহৎ আকাৰৰ গণতন্ত্ৰত বৃহৎ ডেকা জনসংখ্যাৰ শ্ৰম অথলে যাব। ক’ভিড-১৯ৰ লকডাউনৰ পাছত নিৰাপত্তা ৰক্ষা কৰি যিবোৰ সংবেদনশীল উদ্যোগ আছে সেইবোৰৰ মুকলি কৰিব লাগে। সদায়ৰ কাৰণে লকডাউন অব্যাহত থাকিব নোৱাৰে। যিহেতুকে বৰ্তমানৰ সমস্যাত মুদ্ৰাস্ফীতি অব্যাহত নাথাকিব গতিকে নিয়োগকাৰীসকলক বিশ্বাসত লৈ দীৰ্ঘকালীন আৰু মধ্যকালীন বিত্তীয় অৱস্থাৰ ৰাজহৰ স্থিৰতা অনাৰ ব্যৱস্থা কৰিব লাগে। মুদ্ৰা হাৰ আৰু সুদৰ হাৰৰ তাৰতম্য নঘটোৱাকে যিমানখিনি কৰিব পৰা যায় সিমানখিনিলৈকে আগবঢ়া উচিত।

ভাৰতবৰ্ষই ১৯৪৭ চনৰ পাছত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অৰ্থনৈতিক ভাবুকিৰ সন্মুখীন হৈছে। এই সময়ত দেশত বিত্তীয় জৰুৰী অৱস্থাৰ প্ৰয়োজন হ’ব বুলি ভবা হৈছে। যদিওবা আমাৰ বিত্তীয় নীতি অতি শক্তিশালী আৰু চৰকাৰী ব্যয় যথেষ্ট শক্তিশালী তথাপি ক’ভিড-১৯ৰ পৰৱৰ্তী কাল কিছু কঠিন হ’ব। কেৱলমাত্ৰ প্ৰয়োজনীয় ক্ষেত্ৰতহে ব্যয় কৰা উচিত হ’ব। অগ্ৰাধিকাৰ সূত্ৰত ধন ব্যয় কৰি পুনৰ সংস্থাপনৰ সকলো ক্ষেত্ৰতে দিহা কৰিব লাগিব। দৰিদ্ৰ আৰু নিম্ন-মধ্য সকলো যাতে লকডাউনৰ পাছতো জীয়াই থাকে তাৰ ব্যৱস্থা অতি প্ৰয়োজন হ’ব। NGO আৰু ৰাজহুৱা প্ৰতিষ্ঠান যৌথভাৱে মিলি খাদ্য, স্বাস্থ্য, নিৰাপত্তা, নিৰাপদতা, ধাৰ পৰিশোধন ইত্যাদিৰ ওপৰত গুৰুত্ব দিব লাগিব। ক্ষুদ্ৰ উদ্যোগবোৰে বাচি থাকিবৰ কাৰণে অধিক পৰিমাণৰ (SIDBI) ঋণ পোৱাৰ দিহা কৰিব লাগে।

ক্ৰমশঃ

(লেখক ড০ অমল কে বৰপূজাৰী অসমৰ এগৰাকী আগশাৰীৰ বাণিজ‍্য আৰু বিত্ত বিশ্লেষক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amal k borpujariasom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত
জীৱনশৈলী

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

January 14, 2026
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ
জীৱনশৈলী

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

January 14, 2026
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ
জীৱনশৈলী

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

January 14, 2026
Next Post
অঘৰী-অৱহেলিত দিপালী আজি অদম্য সাহসৰ প্ৰতীক

অঘৰী-অৱহেলিত দিপালী আজি অদম্য সাহসৰ প্ৰতীক

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল’লে বিধায়ক নুৰুল হুদাই

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে বিধায়ক নুৰুল হুদাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.