• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

6 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

8 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

8 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

9 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

9 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

10 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

11 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

11 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

12 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

13 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

14 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

14 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

কোভিড-১৯ৰ পাৰ্শ্বক্ৰিয়া

editor by editor
July 10, 2020
in ক'ভিড-১৯, বাণিজ্য, লেখা
0
ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে
12
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোবোৰ অৰ্থনীতিৰ সূত্ৰ আৰু মডেলে সকলো বিসংগতিপূৰ্ণ পৰিস্থিতিত কাম নকৰা হয়। এই AW Phlips Curveও একে শ্ৰেণীৰ সূত্ৰ।

ইতিমধ্যে কোৱাৰ দৰে মন্থৰ বিকাশৰ গতি বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি আকাশলংঘী নিবনুৱা, বেংকৰ বিভিন্ন প্ৰৱঞ্চনা-আত্মসাৎ ইত্যাদি মিশ্ৰিত যন্ত্ৰণাত ভুগি থকা অৰ্থনীতিৰ কথা ইতিমধ্যে এজন অৰ্থনীতিবিদ অৰুণ সিং ডাঙৰীয়াই উল্লেখ কৰিছে। হঠাৎ আৱিৰ্ভাৱ হোৱা ক’ৰোনাৰ পৰৱৰ্তীকালত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সমিলমিলেৰে পৰি থকা আন্তঃগাঁথনি-প্ৰকল্পবিলাক সম্পূৰ্ণ কৰিব লাগে যাতে বজাৰলৈ ধনৰ আমদানি ঘটে। গ্ৰামাঞ্চলৰ চাহিদা বঢ়াবলৈ ঘৰুৱা পুঁজি-বজাৰ, কৃষি, যন্ত্ৰপাতি ইত্যাদিৰ যোগান জটিলহীন কৰিব লাগিব।

ইতিমধ্যে আমাৰ দেশত এখন পুৰি এখন পুৰি/পুৰা (Pura/Puri), (Providing urban authorities rural  India/Assam) এইখন আঁচনি প্ৰয়াত ৰাষ্ট্ৰপতি কালাম মহোদয়ে ৰূপায়িত কৰিছিল। এই আঁচনি ৰূপায়িত কৰিবলৈ হ’লে এই দুৰ্দশাগ্ৰস্ত সময়ত কিছু ধন গাঁও অঞ্চলত বিনিয়োগ কৰাৰ সুবিধা ওলাব। তদুপৰি বৰ্তমান কালত প্ৰধানমন্ত্ৰী মহোদয়ে SWAMITVA স্কীম মুকলি কৰিলে আৰু এই আঁচনিৰ অধীনত বৰ্তমান কালত গাঁও অঞ্চলত কিছু ধন বিনিয়োগ কৰিলে যথেষ্ট উন্নতি হ’ব বুলি ক’ব পৰা যাব। এই আঁচনিয়ে বিশেষ কেইটামান দিশ সাঙুৰি লৈছে।  সেইকেইটা হ’ল- গ্ৰাম স্বৰাজ আৰু গাঁও অঞ্চলৰ দ্ৰুত উন্নয়নৰ কাৰণে মুকলি কৰা এই আঁচনি ক’ভিড-১৯ সময় উপযোগী। ইয়াৰ ভিতৰত দুটা গাঁৱৰ যোগাযোগৰ কাৰণে ২টা ৱেব প’ৰ্টেল মুকলি কৰা হ’ল। উন্নয়নৰ প্ৰকল্প বিলাক আঁচনিৰ পৰা সমাপ্তলৈকে একে ঠেলাতে পাৰ কৰা ব্যৱস্থা কৰা হৈছে। তৃতীয়তে, ড্ৰ’ন ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ সম্পত্তিবিলাকৰ ভৌগোলিক ছবি অন্তৰ্গত কৰা হ’ল। এই আঁচনিৰ জৰিয়তে সম্পদৰ ওপৰত থকা যিবোৰ মতানৈক্য আছিল সেইবোৰ নিষ্পত্তি কৰি সম্পদসমূহ নিয়মিতভাৱে বেংক ঋণৰ উপযোগী কৰি গঢ়ি তোলে। ইয়াৰ দ্বাৰা সামাজিক দূৰত্ব ৰক্ষা কৰি ‘দু-গজ কি দূৰি’ মন্ত্ৰ ফাকি ৰক্ষা কৰি এই আঁচনিখন বলৱৎ কৰা হৈছে। এনেধৰণৰ সৰুসুৰা দুই-চাৰি আঁচনিয়ে আমাৰ দৰে দেশৰ অৰ্থনীতিৰ পট সলনি কৰিব।

আঞ্চলিক ভিত্তিত সমসাময়িক কালৰ বিষয়ৰ ওপৰত পাৰ্গতালি থকা ব্যক্তিসকলক চৰকাৰে যদি ইচ্ছা কৰে তেনেহ’লে দায়িত্বপূৰ্ণ আঁচনি ৰূপায়ণত আৰু পৰামৰ্শ লোৱাত নিয়োজিত কৰিব পাৰে। বৰ্তমান কালত চৰকাৰৰ হাতত এইপাত অস্ত্ৰৰ অভাৱ। মেকানিকেল ইঞ্জিনীয়াৰে ইলেক্ট্ৰিকেলৰ পদবী গ্ৰহণ কৰিছে আৰু তেনেদৰে ইতিহাসৰ মানুহে RBIত উপদেশ দিছেহি। সেইকাৰণে উচিত লোকৰ উচিত স্থানত বহুওৱাৰ যথোচিত সময় আহি পৰিছে। আমি ইতিমধ্যে কৈছো যে আঁচনি প্ৰস্তুতৰ কাৰণে বিচক্ষণ আৰু বিশেষজ্ঞ উভয়ৰে প্ৰয়োজন। বৰ্তমান চলি থকা যুঁজখনৰ পৰৱৰ্তী কালত প্ৰত্যাহ্বান জনাবলৈ অভাৱ আৰু টনা-টনি আৰু অন্যফালে বিকাশ দুয়োটাই প্ৰয়োজন। আমি ইতিমধ্যে বখানিছো যে বিকাশ আৰু অভাৱ লগতে জীৱন বচোৱা আৰু জীৱিকা উভয় কথাবোৰ জড়িত হৈ আছে। বৰ্তমান চলি থকা ঠুনুকা বিত্তীয় পৰিস্থিতিত ক’ভিড-১৯ৰ পৰৱৰ্তীকালত নচলিব বুলি ধাৰণা কৰা হৈছে। সেইকাৰণে সকলোবোৰ ৰাজনৈতিক দল মিলি উমৈহতীয়াভাৱে দেশৰ অৰ্থনীতিত সংস্কাৰ বিচৰা হওক। অন্যথা বৃহৎ আকাৰৰ গণতন্ত্ৰত বৃহৎ ডেকা জনসংখ্যাৰ শ্ৰম অথলে যাব। ক’ভিড-১৯ৰ লকডাউনৰ পাছত নিৰাপত্তা ৰক্ষা কৰি যিবোৰ সংবেদনশীল উদ্যোগ আছে সেইবোৰৰ মুকলি কৰিব লাগে। সদায়ৰ কাৰণে লকডাউন অব্যাহত থাকিব নোৱাৰে। যিহেতুকে বৰ্তমানৰ সমস্যাত মুদ্ৰাস্ফীতি অব্যাহত নাথাকিব গতিকে নিয়োগকাৰীসকলক বিশ্বাসত লৈ দীৰ্ঘকালীন আৰু মধ্যকালীন বিত্তীয় অৱস্থাৰ ৰাজহৰ স্থিৰতা অনাৰ ব্যৱস্থা কৰিব লাগে। মুদ্ৰা হাৰ আৰু সুদৰ হাৰৰ তাৰতম্য নঘটোৱাকে যিমানখিনি কৰিব পৰা যায় সিমানখিনিলৈকে আগবঢ়া উচিত।

ভাৰতবৰ্ষই ১৯৪৭ চনৰ পাছত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অৰ্থনৈতিক ভাবুকিৰ সন্মুখীন হৈছে। এই সময়ত দেশত বিত্তীয় জৰুৰী অৱস্থাৰ প্ৰয়োজন হ’ব বুলি ভবা হৈছে। যদিওবা আমাৰ বিত্তীয় নীতি অতি শক্তিশালী আৰু চৰকাৰী ব্যয় যথেষ্ট শক্তিশালী তথাপি ক’ভিড-১৯ৰ পৰৱৰ্তী কাল কিছু কঠিন হ’ব। কেৱলমাত্ৰ প্ৰয়োজনীয় ক্ষেত্ৰতহে ব্যয় কৰা উচিত হ’ব। অগ্ৰাধিকাৰ সূত্ৰত ধন ব্যয় কৰি পুনৰ সংস্থাপনৰ সকলো ক্ষেত্ৰতে দিহা কৰিব লাগিব। দৰিদ্ৰ আৰু নিম্ন-মধ্য সকলো যাতে লকডাউনৰ পাছতো জীয়াই থাকে তাৰ ব্যৱস্থা অতি প্ৰয়োজন হ’ব। NGO আৰু ৰাজহুৱা প্ৰতিষ্ঠান যৌথভাৱে মিলি খাদ্য, স্বাস্থ্য, নিৰাপত্তা, নিৰাপদতা, ধাৰ পৰিশোধন ইত্যাদিৰ ওপৰত গুৰুত্ব দিব লাগিব। ক্ষুদ্ৰ উদ্যোগবোৰে বাচি থাকিবৰ কাৰণে অধিক পৰিমাণৰ (SIDBI) ঋণ পোৱাৰ দিহা কৰিব লাগে।

ক্ৰমশঃ

(লেখক ড০ অমল কে বৰপূজাৰী অসমৰ এগৰাকী আগশাৰীৰ বাণিজ‍্য আৰু বিত্ত বিশ্লেষক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amal k borpujariasom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?
জীৱনশৈলী

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

May 21, 2026
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?
অসম

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

May 21, 2026
Next Post
অঘৰী-অৱহেলিত দিপালী আজি অদম্য সাহসৰ প্ৰতীক

অঘৰী-অৱহেলিত দিপালী আজি অদম্য সাহসৰ প্ৰতীক

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল’লে বিধায়ক নুৰুল হুদাই

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে বিধায়ক নুৰুল হুদাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.