সকলোবোৰ অৰ্থনীতিৰ সূত্ৰ আৰু মডেলে সকলো বিসংগতিপূৰ্ণ পৰিস্থিতিত কাম নকৰা হয়। এই AW Phlips Curveও একে শ্ৰেণীৰ সূত্ৰ।
ইতিমধ্যে কোৱাৰ দৰে মন্থৰ বিকাশৰ গতি বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি আকাশলংঘী নিবনুৱা, বেংকৰ বিভিন্ন প্ৰৱঞ্চনা-আত্মসাৎ ইত্যাদি মিশ্ৰিত যন্ত্ৰণাত ভুগি থকা অৰ্থনীতিৰ কথা ইতিমধ্যে এজন অৰ্থনীতিবিদ অৰুণ সিং ডাঙৰীয়াই উল্লেখ কৰিছে। হঠাৎ আৱিৰ্ভাৱ হোৱা ক’ৰোনাৰ পৰৱৰ্তীকালত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সমিলমিলেৰে পৰি থকা আন্তঃগাঁথনি-প্ৰকল্পবিলাক সম্পূৰ্ণ কৰিব লাগে যাতে বজাৰলৈ ধনৰ আমদানি ঘটে। গ্ৰামাঞ্চলৰ চাহিদা বঢ়াবলৈ ঘৰুৱা পুঁজি-বজাৰ, কৃষি, যন্ত্ৰপাতি ইত্যাদিৰ যোগান জটিলহীন কৰিব লাগিব।
ইতিমধ্যে আমাৰ দেশত এখন পুৰি এখন পুৰি/পুৰা (Pura/Puri), (Providing urban authorities rural India/Assam) এইখন আঁচনি প্ৰয়াত ৰাষ্ট্ৰপতি কালাম মহোদয়ে ৰূপায়িত কৰিছিল। এই আঁচনি ৰূপায়িত কৰিবলৈ হ’লে এই দুৰ্দশাগ্ৰস্ত সময়ত কিছু ধন গাঁও অঞ্চলত বিনিয়োগ কৰাৰ সুবিধা ওলাব। তদুপৰি বৰ্তমান কালত প্ৰধানমন্ত্ৰী মহোদয়ে SWAMITVA স্কীম মুকলি কৰিলে আৰু এই আঁচনিৰ অধীনত বৰ্তমান কালত গাঁও অঞ্চলত কিছু ধন বিনিয়োগ কৰিলে যথেষ্ট উন্নতি হ’ব বুলি ক’ব পৰা যাব। এই আঁচনিয়ে বিশেষ কেইটামান দিশ সাঙুৰি লৈছে। সেইকেইটা হ’ল- গ্ৰাম স্বৰাজ আৰু গাঁও অঞ্চলৰ দ্ৰুত উন্নয়নৰ কাৰণে মুকলি কৰা এই আঁচনি ক’ভিড-১৯ সময় উপযোগী। ইয়াৰ ভিতৰত দুটা গাঁৱৰ যোগাযোগৰ কাৰণে ২টা ৱেব প’ৰ্টেল মুকলি কৰা হ’ল। উন্নয়নৰ প্ৰকল্প বিলাক আঁচনিৰ পৰা সমাপ্তলৈকে একে ঠেলাতে পাৰ কৰা ব্যৱস্থা কৰা হৈছে। তৃতীয়তে, ড্ৰ’ন ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ সম্পত্তিবিলাকৰ ভৌগোলিক ছবি অন্তৰ্গত কৰা হ’ল। এই আঁচনিৰ জৰিয়তে সম্পদৰ ওপৰত থকা যিবোৰ মতানৈক্য আছিল সেইবোৰ নিষ্পত্তি কৰি সম্পদসমূহ নিয়মিতভাৱে বেংক ঋণৰ উপযোগী কৰি গঢ়ি তোলে। ইয়াৰ দ্বাৰা সামাজিক দূৰত্ব ৰক্ষা কৰি ‘দু-গজ কি দূৰি’ মন্ত্ৰ ফাকি ৰক্ষা কৰি এই আঁচনিখন বলৱৎ কৰা হৈছে। এনেধৰণৰ সৰুসুৰা দুই-চাৰি আঁচনিয়ে আমাৰ দৰে দেশৰ অৰ্থনীতিৰ পট সলনি কৰিব।
আঞ্চলিক ভিত্তিত সমসাময়িক কালৰ বিষয়ৰ ওপৰত পাৰ্গতালি থকা ব্যক্তিসকলক চৰকাৰে যদি ইচ্ছা কৰে তেনেহ’লে দায়িত্বপূৰ্ণ আঁচনি ৰূপায়ণত আৰু পৰামৰ্শ লোৱাত নিয়োজিত কৰিব পাৰে। বৰ্তমান কালত চৰকাৰৰ হাতত এইপাত অস্ত্ৰৰ অভাৱ। মেকানিকেল ইঞ্জিনীয়াৰে ইলেক্ট্ৰিকেলৰ পদবী গ্ৰহণ কৰিছে আৰু তেনেদৰে ইতিহাসৰ মানুহে RBIত উপদেশ দিছেহি। সেইকাৰণে উচিত লোকৰ উচিত স্থানত বহুওৱাৰ যথোচিত সময় আহি পৰিছে। আমি ইতিমধ্যে কৈছো যে আঁচনি প্ৰস্তুতৰ কাৰণে বিচক্ষণ আৰু বিশেষজ্ঞ উভয়ৰে প্ৰয়োজন। বৰ্তমান চলি থকা যুঁজখনৰ পৰৱৰ্তী কালত প্ৰত্যাহ্বান জনাবলৈ অভাৱ আৰু টনা-টনি আৰু অন্যফালে বিকাশ দুয়োটাই প্ৰয়োজন। আমি ইতিমধ্যে বখানিছো যে বিকাশ আৰু অভাৱ লগতে জীৱন বচোৱা আৰু জীৱিকা উভয় কথাবোৰ জড়িত হৈ আছে। বৰ্তমান চলি থকা ঠুনুকা বিত্তীয় পৰিস্থিতিত ক’ভিড-১৯ৰ পৰৱৰ্তীকালত নচলিব বুলি ধাৰণা কৰা হৈছে। সেইকাৰণে সকলোবোৰ ৰাজনৈতিক দল মিলি উমৈহতীয়াভাৱে দেশৰ অৰ্থনীতিত সংস্কাৰ বিচৰা হওক। অন্যথা বৃহৎ আকাৰৰ গণতন্ত্ৰত বৃহৎ ডেকা জনসংখ্যাৰ শ্ৰম অথলে যাব। ক’ভিড-১৯ৰ লকডাউনৰ পাছত নিৰাপত্তা ৰক্ষা কৰি যিবোৰ সংবেদনশীল উদ্যোগ আছে সেইবোৰৰ মুকলি কৰিব লাগে। সদায়ৰ কাৰণে লকডাউন অব্যাহত থাকিব নোৱাৰে। যিহেতুকে বৰ্তমানৰ সমস্যাত মুদ্ৰাস্ফীতি অব্যাহত নাথাকিব গতিকে নিয়োগকাৰীসকলক বিশ্বাসত লৈ দীৰ্ঘকালীন আৰু মধ্যকালীন বিত্তীয় অৱস্থাৰ ৰাজহৰ স্থিৰতা অনাৰ ব্যৱস্থা কৰিব লাগে। মুদ্ৰা হাৰ আৰু সুদৰ হাৰৰ তাৰতম্য নঘটোৱাকে যিমানখিনি কৰিব পৰা যায় সিমানখিনিলৈকে আগবঢ়া উচিত।
ভাৰতবৰ্ষই ১৯৪৭ চনৰ পাছত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অৰ্থনৈতিক ভাবুকিৰ সন্মুখীন হৈছে। এই সময়ত দেশত বিত্তীয় জৰুৰী অৱস্থাৰ প্ৰয়োজন হ’ব বুলি ভবা হৈছে। যদিওবা আমাৰ বিত্তীয় নীতি অতি শক্তিশালী আৰু চৰকাৰী ব্যয় যথেষ্ট শক্তিশালী তথাপি ক’ভিড-১৯ৰ পৰৱৰ্তী কাল কিছু কঠিন হ’ব। কেৱলমাত্ৰ প্ৰয়োজনীয় ক্ষেত্ৰতহে ব্যয় কৰা উচিত হ’ব। অগ্ৰাধিকাৰ সূত্ৰত ধন ব্যয় কৰি পুনৰ সংস্থাপনৰ সকলো ক্ষেত্ৰতে দিহা কৰিব লাগিব। দৰিদ্ৰ আৰু নিম্ন-মধ্য সকলো যাতে লকডাউনৰ পাছতো জীয়াই থাকে তাৰ ব্যৱস্থা অতি প্ৰয়োজন হ’ব। NGO আৰু ৰাজহুৱা প্ৰতিষ্ঠান যৌথভাৱে মিলি খাদ্য, স্বাস্থ্য, নিৰাপত্তা, নিৰাপদতা, ধাৰ পৰিশোধন ইত্যাদিৰ ওপৰত গুৰুত্ব দিব লাগিব। ক্ষুদ্ৰ উদ্যোগবোৰে বাচি থাকিবৰ কাৰণে অধিক পৰিমাণৰ (SIDBI) ঋণ পোৱাৰ দিহা কৰিব লাগে।
ক্ৰমশঃ
(লেখক ড০ অমল কে বৰপূজাৰী অসমৰ এগৰাকী আগশাৰীৰ বাণিজ্য আৰু বিত্ত বিশ্লেষক)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ