• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

3 weeks ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

4 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

4 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

6 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

7 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

7 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

8 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

8 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

9 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

9 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

10 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

কেনেকৈ মনলৈ আহিল এই ব্যৱসায়ৰ চিন্তা?

editor by editor
September 5, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ, বিশ্ব, স্বাস্থ্য
0
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
0
SHARES
271
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে পিঠি খজুৱাই দিলে কোনোবাই টকা ল’ব বুলি ভাবিবই নোৱাৰি। কিন্তু চীনৰ এজন ৩২ বছৰীয়া যুৱকে মানুহৰ গা–পিঠি খজুৱাই দিয়াকেই এক অভিনৱ ব্যৱসায়লৈ ৰূপান্তৰ কৰি এতিয়া মাহে লাখ লাখ টকা উপাৰ্জন কৰিছে। তেওঁৰ এই অদ্ভুত ব্যৱসায় ইতিমধ্যে চীনৰ ছ’চিয়েল মিডিয়াতো যথেষ্ট চৰ্চা লাভ কৰিছে। এই অভিনৱ ব্যৱসায়ৰ উদ্যোক্তাগৰাকী হৈছে ঝাং শ্বিয়াওকিয়াও। তেওঁৰ বয়স ৩২ বছৰ আৰু চীনৰ শ্বেনঝেন চহৰত তেওঁ এই ব্যৱসায় আৰম্ভ কৰিছে। ‘Suma’ নামৰ ব্ৰেণ্ডৰ অধীনত তেওঁ ‘itch-scratching’ অৰ্থাৎ মানুহৰ শৰীৰৰ খজুৱতি বা পিঠি খজুৱাই দিয়াৰ বিশেষ সেৱা আগবঢ়াইছে। তেওঁ প্ৰথমখন দোকান শ্বেনঝেনৰ বাওৱান জিলাত চলিত বৰ্ষৰ মে’ৰ আৰম্ভণিতে মুকলি কৰে। ইয়াৰ প্ৰায় এমাহৰ পাছতে ফুটিয়ানত দ্বিতীয়খন দোকানো আৰম্ভ কৰে।

এই সেৱাৰ বাবে গ্ৰাহকে প্ৰতি ঘণ্টাত প্ৰায় ৩০০ ইউয়ান দিব লাগে। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ প্ৰায় ৪,২০০ টকা। গ্ৰাহকক বিছনাৰ দৰে বিশেষ স্থানত শুৱাই দি প্ৰশিক্ষিত কৰ্মীয়ে শৰীৰৰ নিৰ্দিষ্ট অংশ লাহে লাহে খজুৱাই দিয়ে। ইয়াৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা দীঘল আৰু জোঙা নখৰ দৰে সঁজুলিও ব্যৱহাৰ কৰা হয়। এই সেৱাৰ উদ্দেশ্য কেৱল খজুৱতি দূৰ কৰা নহয়। উদ্যোক্তাগৰাকীৰ মতে, ইয়াৰ জৰিয়তে গ্ৰাহকে মানসিক চাপ কমোৱা, শৰীৰ-মন শিথিল কৰা আৰু ভালদৰে টোপনি যোৱাত সহায় পোৱা বুলি অনুভৱ কৰে।

দুখন দোকান মিলি বৰ্তমান প্ৰতি মাহত প্ৰায় ১ লাখ ইউয়ান, অৰ্থাৎ প্ৰায় ১৪ লাখ টকাৰ মুঠ ব্যৱসায়িক আয় কৰাৰ কথা ঝাঙে প্ৰকাশ কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল—এই ১৪ লাখ টকা তেওঁৰ ব্যক্তিগত লাভ নহয়; ই হৈছে দোকান দুখনৰ মুঠ ব্যৱসায়িক আয়। তেওঁ দাবী কৰা মতে, ব্যৱসায়টোৱে ইতিমধ্যে break-even point পাৰ কৰি লাভ কৰিবলৈ আৰম্ভ কৰিছে।

আনহাতে, চীনৰ Cover News-ক দিয়া সাক্ষাৎকাৰত ঝাঙে ইয়াতকৈ অধিক আয়ৰ দাবী কৰিছে। তেওঁৰ মতে, আগতে প্ৰকাশিত ১ লাখ ইউয়ানৰ হিচাপটো যথেষ্ট কমকৈ কোৱা হৈছিল আৰু আগষ্টত এখন দোকানৰ মাহিলী turnover প্ৰায় ১৩ লাখ ইউয়ানৰ ওপৰত আছিল; আনখন দোকানে কোনো কোনো মাহত ১৫–১৭ লাখ ইউয়ান পৰ্যন্ত turnover কৰিছিল বুলি তেওঁ কয়। অৱশ্যে এই অধিক আয়ৰ পৰিসংখ্যা উদ্যোক্তাগৰাকীৰ নিজা দাবী।

ঝাঙৰ জীৱনো আৰম্ভণিৰ পৰা সফল নাছিল। কলেজ শেষ কৰাৰ পাছৰ প্ৰথম বছৰত তেওঁ ৭টা চাকৰি সলনি কৰিছিল। এই সকলোবোৰ চাকৰি মূলতঃ sales-সম্পৰ্কীয় আছিল। পাছত তেওঁ নিজাকৈ ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। ২০২৫ চনত তেওঁ ছ’চিয়েল মিডিয়াত বিভিন্ন বিষয় লৈ কাম কৰাৰ চেষ্টা কৰিছিল। এদিন তেওঁ ছ’চিয়েল মিডিয়াত এগৰাকী মহিলাই স্বামীক পিঠি খজুৱাই দিয়াৰ এটা ভিডিঅ’ দেখা পায়। ভিডিঅ’টোত যথেষ্ট engagement দেখি তেওঁৰ মনত নতুন ব্যৱসায়ৰ চিন্তা আহে। ইয়াৰ পাছত তেওঁ পোনপটীয়াকৈ দোকান খোলাৰ পৰিৱৰ্তে প্ৰায় ৪ মাহ ASMR-ধৰণৰ খজুৱাই দিয়াৰ ভিডিঅ’ বনাই বজাৰখন পৰীক্ষা কৰে। তেওঁ ১,০০০ৰো অধিক লোকৰ পৰা surveyৰ জৰিয়তে জানিবলৈ চেষ্টা কৰে—মানুহে শৰীৰৰ কোন অংশ খজুৱাবলৈ ভাল পায়, কিমান দাম দিবলৈ ৰাজী আৰু কেনেধৰণৰ পৰিৱেশ বিচাৰে। সেই তথ্যৰ ওপৰত ভিত্তি কৰিয়েই সেৱাৰ মূল্য আৰু পেকেজ নিৰ্ধাৰণ কৰা হয়।

চীনত এনে ব্যৱসায়ৰ পূৰ্বৰ উদাহৰণ নথকাৰ বাবে ঝাঙে কোনো বিশেষ গুৰুৰ পৰা এই কৌশল শিকা নাছিল। তেওঁ নিজেই বিভিন্ন তথ্য অধ্যয়ন কৰি শৰীৰৰ কোনবোৰ অংশত খজুৱালে অধিক আৰাম অনুভৱ হয়, সেই বিষয়ে পৰীক্ষা-নিৰীক্ষা কৰে। তেওঁ শৰীৰক ৫টা ডাঙৰ খজুৱতিৰ অঞ্চল আৰু ৩০টাৰো অধিক সৰু অঞ্চলত ভাগ কৰি সেৱাৰ এক বিশেষ শৈলী তৈয়াৰ কৰে। এই পদ্ধতি উন্নত কৰিবলৈ প্ৰায় ৪ মাহ ধৰি বন্ধু আৰু followers-ৰ ওপৰত পৰীক্ষা চলাই feedback লৈছিল।

Cover Newsৰ প্ৰতিবেদন অনুসৰি, তেওঁৰ বিপণিত কেইবাটাও package আছে। উদাহৰণস্বৰূপে—
৩০ মিনিট: মূৰ আৰু পিঠি খজুৱাই দিয়া।
৬০ মিনিট: মূৰ, পিঠি, কান্ধ-ডিঙি, মুখ, হাত আৰু কাষলতি আদি অংশ সামৰি সেৱা।
৮০ মিনিট: সম্পূৰ্ণ শৰীৰৰ সেৱা; ইয়াৰ মূল্য প্ৰায় ২৮৯ ইউয়ান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24china
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.