অসম লাইভ ২৪ঃ মুন মাৰ্ক নামেৰে এখন ৰেডিঅ’ চালিত বাহনৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে আমেৰিকাৰ এখন হাইস্কুলৰ ৬ গৰাকী শিক্ষাৰ্থীয়ে। ৰেডিঅ’ পৰিচালিত আৰ্হিৰে নিৰ্মাণ কৰা ‘মুন মাৰ্ক’ক ২০২১ চনত অক্টোবৰ মাহত ‘স্পে’চ এক্স ফেৰকন ৯’ ৰকেটৰ সহায়ত প্ৰক্ষেপণ কৰা হ’ব চন্দ্ৰলৈ। ৰেডিঅ’ পৰিচালিত বাহনৰ মডেলৰ প্ৰতি আকৰ্ষিত হৈ আমেৰিকাৰ এটি অট’ম’বাইল কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়াইছে বাহনখন। পোনপ্ৰথমে কোম্পানীটোৱে বাগিচাৰ ওখৰা-মখৰা ৰাস্তাত বাহনখনৰ গতিবেগ পৰীক্ষা কৰিছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ উন্নয়ন সাধনেৰে চন্দ্ৰলৈ প্ৰক্ষেপিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ‘মুন মাৰ্ক’ নামৰ এই অট’ম’বাইল কোম্পানীটোৱে নিজৰ কোম্পানীৰ নামতে নামাংকিত কৰিছে এই বাহনখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















