অসম লাইভ২৪ঃ তীৰ্থ যাত্ৰালৈ আহি আৰু ঘৰলৈ উভটি যোৱা নহ’ল ভক্তৰ। স্নানযাত্ৰাৰ পূৰ্ণিমা তিথিত পুৰীৰ জগন্নাথ মন্দিৰত বিগ্ৰহ দৰ্শনৰ বাবে আহিছিল তেওঁ। মন্দিৰত থকা অৱস্থাতেই বুকুত বিষ অনুভৱ কৰিছিল ভক্তজনে। লগে লগেই ভক্তজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আদবাটতেই মৃত্যুক সাবটে ভক্তগৰাকীয়ে।
দেওবাৰে স্নান পূৰ্ণিমা। পুৰীৰ মন্দিৰত জগন্নাথক আজিৰ দিনটোতেই গা ধুওৱা হয়। এই তিথিত পুৰীৰ মন্দিৰত ভক্তৰ সমাগম বাঢ়ে। পূৰ্বৰ দৰে এইবাৰো একাধিক ভক্তই এই তিথিত ভীৰ কৰিছে জগন্নাথ মন্দিৰত। ভীৰৰ বাবেই বহু ভক্ত অসুস্থ হৈ পৰিছে বুলি জনাইছে মন্দিৰৰ কৰ্তৃপক্ষই। প্ৰাথমিকভাৱে পোৱা খবৰ অনুসৰি মৃত ভক্তগৰাকীৰ পূৰ্বৰে পৰাই শাৰীৰিক অসুস্থতা আছিল। মন্দিৰ দৰ্শনৰ পাছতেই তেওঁ হঠাৎ অসুস্থবোধ কৰে। মন্দিৰৰ এগৰাকী নিৰাপত্তাৰক্ষীক বুকু বিষ সম্পৰ্কে জনায়। অসুস্থ হৈ মন্দিৰৰ বাকৰিতেই বাগৰি পৰে ভক্তজন। সেই স্থানত থকা এজন নিৰাপত্তাৰক্ষীয়ে লগে লগেই এম্বুলেঞ্চেৰে ভক্তজনক হাস্পতাললৈ লৈ যায় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই ভক্তজনৰ মৃত্যু ঘটে।
উল্লেখ্য যে, মৃত ভক্তগৰাকী ওড়িশাৰ। নাম অম্বালাল। পৰিয়ালৰ লোকৰ সৈতেই মন্দিৰ দৰ্শনৰ বাবে আহিছিল অম্বলাল। কি কাৰণত হঠাতেই মৃত্যুক আঁকোৱালি ল’লে সেই কথা বৰ্তমানো জানিব পৰা হোৱা নাই। প্ৰাথমিক অনুমানত, হৃদৰোগত আক্ৰান্ত হৈয়েই মৃত্যু হোৱা বুলি জনাইছে মন্দিৰ কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ