• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্প আমাৰ নিচেই আপোন!

ট্ৰাম্প আমাৰ নিচেই আপোন!

6 years ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

18 minutes ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

1 hour ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

2 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

2 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

3 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

6 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

6 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

7 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

8 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

8 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ট্ৰাম্প আমাৰ নিচেই আপোন!

editor by editor
September 6, 2020
in লেখা
0
ট্ৰাম্প আমাৰ নিচেই আপোন!
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এনেকুৱা কিছু ব্যক্তি থাকে, যাৰ সংস্পৰ্শত একোটা অনুষ্ঠানৰ জেউতি চৰে। অসম সাহিত্য সভাৰ সভাপতিৰ আসনত বহি বেজবৰুৱা ধন্য হোৱা নাছিল, ধন্য হৈছিল সাহিত্য সভা। অসম মুলুকত শংকৰদেৱে জন্ম লৈ ৰাজ্যখনক ধন্য কৰিছিল। কালাম ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ পদটোৰ লগতে দেশখনৰ গৰিমা বঢ়াইছিল। এইসকল ব্যক্তিয়ে কোনো অনুষ্ঠান, পদবী আৰু ভাৰতক ধন্য কৰাৰ বিপৰীতে কিছুসংখ্যক বিতৰ্কিত আৰু সমাজত নিন্দিত লোকে কৌশলেৰে নিজৰ যশ বঢ়াবলৈ গৰিমামণ্ডিত অনুষ্ঠান তথা দেশৰ সন্মানীয় পদত অধিষ্ঠিত হয়। এওঁলোক এনেকুৱা পদত অধিষ্ঠিত হোৱাৰ ফলত অনুষ্ঠান আৰু দেশৰ গৌৰৱত এটুকুৰা ক’লা ৰঙৰ দাগ লাগে।

পৃথিৱীৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকাতো এনেকুৱা ঘটনা ঘটিছে। মহা শক্তিধৰ ৰাষ্ট্ৰখনৰ শিক্ষিত নাগৰিকেই ইয়াৰ বাবে জগৰীয়া। ক’ব খুজিছো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিষয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ তালিকাখনত ড’নাল্ড ট্ৰাম্প এনে এটা নামৰ সংযোজন, যিটোৱে পৃথিৱীত ৰাষ্ট্ৰখনৰ মৰ্যাদা হ্ৰাস কৰি পেলালে। কি প্ৰক্ৰিয়াৰে ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল, সেয়া জনাই ভালকৈয়ে জানে। আমেৰিকাত বহু বিৰতিত ট্ৰাম্পে ঠেক গণ্ডীৰ জাতীয়তাবাদৰ সূচনা কৰিছিল। আমেৰিকা কেৱল তেওঁলোকৰ বুলি দাবী কৰিছিল ট্ৰাম্পে। আমেৰিকা যেন বগা মানুহৰহে দেশ, এই দেশত বাহিৰৰ কাৰো অধিকাৰ থাকিব নোৱাৰিব বুলি ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰত মুকলিকৈ কৈছিল। ট্ৰাম্পৰ বয়স, যৌন কেলেংকাৰি সকলো অতি কৌশলেৰে অতি জাতীয়তাবাদী প্ৰচাৰৰ দ্বাৰা ঢাকি পেলোৱা হৈছিল। শিক্ষিত ভোটাৰে ট্ৰাম্পৰ ভাষণত মোহিত হৈ ভোট দিছিল।

আজি সেই ভোটাৰ চিন্তিত। সেই ভোটাৰে উপলব্ধি কৰিছে তেওঁলোকৰ ভুলৰ বাবে ট্ৰাম্পৰ দৰে এজন উন্মাদ আৰু বহুবল্কী আমেৰিকাৰ দৰে ৰাষ্ট্ৰ এখনৰ মুৰব্বী হ’বলৈ পালে। ভোটাৰৰ ভুলৰ বাবে হিলাৰী ক্লিণ্টনৰ দৰে সমাজ আৰু মানুহৰ হিতকাৰী এগৰাকী প্ৰাৰ্থী ট্ৰাম্পৰ হাতত পৰাস্ত হৈছিল।হিলাৰী ক্লিণ্টনক ৰাষ্ট্ৰপতি হোৱাৰ পৰা বাৰণ কৰাৰ অপৰাধে আমেৰিকাৰ শিক্ষিত নাগৰিকক মানসিকভাৱে কষ্ট দিছে।

পৃথিৱীবাসীৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। পৃথিৱীখনক মানুহৰ বাসোপযোগী কৰি তুলিবলৈ হ’লে ট্ৰাম্পৰ সলনি বাৰাক অ’বামা বা হিলাৰী ক্লিণ্টনৰ দৰে ব্যক্তিৰ প্ৰয়োজন অধিক। ট্ৰাম্পৰ কাৰ্যকালত আমেৰিকাত বৰ্ণ বিদ্বেষ ভয়ানকভাৱে বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে জৰ্জ ফ্লয়দ নামৰ এজন ব্যক্তি বৰ্ণ বিদ্বেষৰ বলি হৈছিল। ইয়াৰ পাছতে আমেৰিকাত সৃষ্টি হৈছিল বিক্ষোভ আৰু ধৰ্ণাৰ। হেজাৰ বিজাৰ লোক ৰাজপথলৈ ওলাই আহিছিল। শ্বপিং মল, ৰেষ্টোৰা, দোকান-পোহাৰত চলিছিল লুটপাত। জুই জ্বলাই দিয়া হৈছিল চৰকাৰী বাহন, থানা আৰু বিভিন্ন বজাৰ গৃহ। বৰ্ণ বিদ্বেষৰ এই ঘটনা পৃথিৱীৰ আটাইতকৈ আধুনিক ৰাষ্ট্ৰখনত ট্ৰাম্পৰ ছত্ৰছায়াত সংঘটিত হ’ল। পৰৱৰ্তী সময়ত আমেৰিকাত বৰ্ণ বিদ্বেষৰ আৰু কে’বাটাও ঘটনা সংঘটিত হয়। ক’লা ৰঙৰ বহু লোক চৰকাৰী আতিশয্যৰ বলি হোৱাৰ লগতে কে’বাজনো ক’লা বৰণীয়া মানুহক হত্যাও কৰা হয়। চৰকাৰী উদ্যোগত আৰম্ভ হোৱা বৰ্ণ বিদ্বেষৰ ঘটনাৰ বিৰুদ্ধে বগা ৰঙৰ বহু যুৱক-যুৱতী, সাংবাদিক, লেখক, গায়ক, অভিনেতা-অভিনেত্ৰী তথা সমাজকৰ্মী ৰাজপথলৈ ওলাই আহি ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। ট্ৰাম্পৰ শাসনত আমেৰিকা বহু পিছুৱাই গ’ল। সভ্যতা, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি সকলোতে আমেৰিকা ক্ষতিৰ সন্মুখীন হয়।

ট্ৰাম্পৰ ৰাজনীতি আমাৰ বাবে এতিয়া অতি চিনাকি। নিৰ্বাচন আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ গুৰি ধৰিছে ট্ৰাম্পে। কোনো কোনো ক্ষেত্ৰত ভাৰতৰ আজিৰ ৰাজনীতিৰ লগত ট্ৰাম্পৰ ৰাজনীতিৰ বহু মিল দেখিবলৈ পাওঁ। ভাৰতত ধৰ্মৰ নামত ক্ষমতা দখলৰ ৰাজনীতি আৰম্ভ হোৱাৰ দৰে ট্ৰাম্পে মানুহৰ গাৰ ৰঙক ৰাজনীতিৰ আহিলা কৰিছে। ক’ভিড-১৯ত পৃথিৱীৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা ৰাষ্ট্ৰৰ তালিকাত আমেৰিকা অন্তৰ্ভুক্ত হৈছে। ক’ভিড-১৯ক প্ৰতিহত কৰিব নোৱৰাত আমেৰিকাত বছৰৰ শেষলৈ ৪,১০,০০০ লোকৰ মৃত্যু হ’ব বুলি আশংকা কৰা হৈছে। যি সময়ত চীনে ক’ভিড-১৯ প্ৰতিৰোধ কৰি দেশখনত স্বাভাৱিক কাম-কাজ আৰম্ভ কৰিবলৈ লৈছে, সেই সময়ত আমেৰিকাই ক’ভিড-১৯ৰ ওচৰত হাৰ মানিছে। ট্ৰাম্পৰ ব্যৰ্থতাক লৈ বিৰোধীৰ লগতে আমেৰিকাৰ জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰাত ইয়াৰ উত্তৰ দিব নোৱাৰি ৰাইজৰ দৃষ্টি অন্যপিনে নিবলৈ বিচাৰিছে। ট্ৰাম্পে ক’ভিড-১৯ৰ বাবে WHO আৰু চীনক জগৰীয়া কৰি আমেৰিকাবাসীৰ সন্মুখত লম্ফ-জম্ফ কৰিবলৈ লৈছে। ট্ৰাম্পৰ ব্যৰ্থতাৰ সলনি চীনক জগৰীয়া কৰি ৰাইজক চীনৰ বিৰুদ্ধে উচতাই সাৰিব বিচাৰিছে।

শেহতীয়াকৈ ট্ৰাম্পক লৈ আমেৰিকাত সৃষ্টি হৈছে হাস্যৰসৰো। অহা তিনি নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। নিৰ্বাচনৰ আগে আগে ট্ৰাম্পে আমেৰিকাৰ জনতাক চমক দিবলৈ বিভিন্ন কৌশলৰ আশ্ৰয় লৈছে। ক’ভিড-১৯ প্ৰতিৰোধত ব্যৰ্থ ট্ৰাম্পে এতিয়া ক’ভিড-১৯ৰ ভেকচিন তথা প্ৰতিষেধক আৱিষ্কাৰত গুৰুত্ব দিছে। নিৰ্বাচনৰ আগে আগে ট্ৰাম্পে ক’ভিড-১৯ৰ ভেকচিন ওলাল বুলি প্ৰচাৰ চলাব পাৰিলে ভোট পাব বুলি শেষ আশা কৰিছে। ট্ৰাম্পে প্ৰতিষেধক আৱিষ্কাৰ হ’ল বুলি প্ৰচাৰ চলাবলৈ ইমান বেছি উদগ্ৰীৱ হৈ পৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই উদ্বিগ্নতাৰ আঁৰত নিৰ্বাচনৰ অংক জড়িত হৈ আছে বুলি সকলোৱে গম পাইছে। সেয়ে আমেৰিকাৰ চিকিৎসা বিজ্ঞানীসকলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ট্ৰাম্পক অনুৰোধ কৰিবলগীয়া হৈছে যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ক’ৰোন মহামাৰীৰ প্ৰতিষেধক আৱিষ্কাৰ হ’ল বুলি যাতে প্ৰচাৰ নকৰে। মহামাৰীৰ প্ৰতিষেধক আৰু নিৰ্বাচন দুয়োটা একেলগ কৰিব নালাগে বুলি চিকিৎসা বিজ্ঞানীসকলে মন্তব্য কৰিছে। ৰাজনীতিকে নিৰ্বাচন খেলক আৰু চিকিৎসা বিজ্ঞানীসকলক প্ৰতিষেধক আৱিষ্কাৰৰ সাধনাত নিৰলে ব্যস্ত থাকিবলৈ দিয়ক। এই ধ্বনি এতিয়া আমেৰিকাৰ সৰ্বস্তৰৰ নাগৰিকে চিকিৎসা বিজ্ঞানীসকলৰ সমৰ্থনত প্ৰচাৰ কৰিছে।

নিৰ্বাচন জিকিবলৈ আমেৰিকাৰ দৰে এখন ৰাষ্ট্ৰৰ নেতাই প্ৰথমবাৰৰ বাবে এনেকুৱা নিকৃষ্টতম পন্থাৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে। ট্ৰাম্পে যেন ভাৰতৰ পৰাহে এনেকুৱা কায়দা-কিটিপবোৰ শিকি লৈছে! আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ট্ৰাম্প, যি ক্ষমতাত থাকোতে ৰাজপথত তেওঁৰ অপসাৰণ বিচাৰি জনতাই সমদল বাহিৰ কৰিছিল। ট্ৰাম্পৰ আমেৰিকাত ভৰি দি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ‘অব কী বাৰ ট্ৰাম্প চৰকাৰ’ বুলি ভাৰতীয়সকলৰ মাজত প্ৰচাৰ চলাইছিল। এতিয়া আমেৰিকাবাসী ভাৰতীয়ই ট্ৰাম্পক ৰাষ্ট্ৰপতি হিচাপে বিচৰা নাই। ট্ৰাম্প ভাৰতৰ বন্ধু বুলি আমাৰ চৰকাৰে প্ৰচাৰ চলাই থকাৰ সময়ত ট্ৰাম্পে চীনৰ লগতো সুসম্পৰ্ক গঢ়িবলৈ বিচাৰিছে। ট্ৰাম্পৰ দৰে দুতলীয়া বন্ধুৱে ভাৰতৰ উন্নয়নত কোনো বৰঙণি যোগাব পৰা নাই। বৰঞ্চ ট্ৰাম্পৰ শাসনত আমেৰিকাত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ সমাজে অসুৰক্ষিত অনুভৱ কৰিছে। ভিছা নীতি সলনি কৰাত বহু ভাৰতীয়ই সংস্থাপন হেৰুৱাইছে। আমেৰিকাৰ অৰ্থনীতি বিধ্বস্ত কৰি ট্ৰাম্পে এতিয়া বৰ্ণ বৈষম্যৰ ৰাজনীতিৰে পুনৰ ক্ষমতা দখলৰ চেষ্টা চলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Jitumani bora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়
জীৱনশৈলী

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

March 18, 2026
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

March 18, 2026
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত
বাণিজ্য

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

March 18, 2026
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
Next Post
সত্যৰঞ্জন বৰাৰ সমদলৰ বিৰুদ্ধে ওলাই আহিল শ-শ লোক

সত্যৰঞ্জন বৰাৰ সমদলৰ বিৰুদ্ধে ওলাই আহিল শ-শ লোক

কঁপনি উঠিল আছাম ডনবস্ক’ ইউনিভাৰ্ছিটীত

কঁপনি উঠিল আছাম ডনবস্ক’ ইউনিভাৰ্ছিটীত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.