অসম লাইভ২৪ঃ ৰেচনতন্ত্ৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগটোৱেই হৈছে কিডনী বা বৃক্ক৷ বৃক্কৰ কাম হৈছে তেজত থখা দূষিত পদাৰ্থসমূহ চেকি উলিওৱা৷ ইয়াৰোপৰি বৃক্কই তেজত থকা নিমখ, পটাছিয়াম আদিৰ ভাৰসাম্য ৰক্ষা কৰে৷ দীৰ্ঘদিন ধৰি অনিয়ন্ত্ৰিত ডায়বেটিছ, উচ্চৰক্ত চাপ থাকিলে বৃক্কৰ ক্ষতি হ’ব পাৰে৷ বৃক্কই ঠিকমতে কাম নকৰিলে নানান শাৰীৰিক জটিলতাৰ সৃষ্টি হ’ব পাৰে৷ কিডনিৰ অসুখ দেৰিকৈ ধৰা পৰিলে দুয়োটা কিডনিয়েই ৮০-৯০ শতাংশ ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা থাকে৷ এইক্ষেত্ৰত কেইবাটাও লক্ষণ পোনতে চকুত পৰে৷ যেনে ভোক নলগা, ক্লান্তিভাৱ, প্ৰস্ৰাৱৰ সৈতে তেজ বাহিৰ হোৱা, নিদ্ৰাহীনতা, পেশীৰ বিষ, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে৷ এটা বয়সৰ পাছত নিয়মিতভাৱে কিডনিৰ যাৱতীয় পৰীক্ষা কৰিব লাগে৷ ডায়বেটিছ আৰু উচ্চৰক্তচাপৰ সমস্যা থাকিলে কেইটামান ক্ষেত্ৰত সতৰ্ক হোৱাটো খুবেই প্ৰয়োজন৷ তেনে পাঁচটা কৌশল যিয়ে আপোনাৰ কিডনি ভালে ৰখাত সহায় কৰিব৷
নিয়মিত শৰীৰচৰ্চা
নিয়মিত শৰীৰচৰ্চাই বেমাৰৰ আশংকা কমায়৷ কিডনিৰ অসুখো ইয়াৰ ব্যতিক্ৰম নহয়৷ ইয়াৰোপৰি নিয়মিত শৰীৰচৰ্চাই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷ ৰক্তচাপ নিয়ন্ত্ৰণ কিডনিৰ সুস্বাস্থ্যৰ বাবে অতি জৰুৰী৷ যিসকলে শৰীৰচৰ্চা কৰাৰ সুযোগ বা সময় নাপায় তেওঁলোকে দৈনিক খোজকঢ়া, দৌৰা, সাঁতোৰা, চাইকেল চলোৱা আদি অভ্যাস গঢ়ি তুলিব পাৰে৷
ডায়বেটিছ নিয়ন্ত্ৰণ
ডায়বেটিছেও কিডনিৰ সমস্যা বঢ়ায়৷ ডায়বেটিছে যিহেতু শৰ্কৰাৰ মাত্ৰা বঢ়ায় সেয়ে তেজ পৰিশোধিত কৰিবলৈ কিডনিয়ে বেছিকৈ কাম কৰিবলগা হয়৷ সেই কাৰণেও ঘনাই প্ৰস্ৰাৱ লগাৰ সমস্যা হয়৷ সেয়ে তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰা অলপমান বৃদ্ধি পালেও চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷
ধূমপানৰ অভ্যাস এৰক
ধূমপানে কেৱল হাওঁফাওঁৰে নহয় কিডনিৰো ক্ষতি কৰে৷ ধূমপানে ৰক্তনলীৰ ক্ষতি কৰাৰ লগতে দেহত ৰক্ত সঞ্চালনৰ সমস্যা হয়৷ যিয়ে কিডনিৰ ওপৰত চাপ তৈয়াৰ কৰে৷ ধূমপানে কিডনিৰ কৰ্কটৰো আশংকা বৃদ্ধি কৰে৷
পৰ্যাপ্ত পানী খাওক
কিডনিৰ স্বাস্থ্য ভালে ৰাখিবলৈ সময়মতে পানী খাওক৷ আমাৰ বহুতেই সময়মতে পানী নাখায়৷ প্ৰতিদিনে কমেও দুইৰ পৰা আঢ়ৈ লিটাৰ পানী খাওক৷ শাৰীৰিক অৱস্থাৰ ওপৰত ভিত্তি কৰি এই পৰিমান সলনি হয়৷
ঔষধ খোৱা বন্ধ কৰা
পেটৰ বিষৰ পৰা ছৰ্দি কাঁহ আদিত আমি নিজাকৈ ঔষধ খাও৷ এনেকৈ ঔষধ সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হয়৷ সেয়ে কিবা ৰোগ হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ সেৱন কৰিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ