অসম লাইভ২৪ঃ অসম আৰু মেঘালয়ৰ ভূমি বিবাদ সম্পূৰ্ণৰূপে দূৰ কৰাৰ উদ্দেশ্যৰে আজি পুনৰ বৈঠকত মিলিত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী। প্ৰথম পৰ্যায়ত দুই ৰাজ্যৰ বিবাদিত ৬ টা স্থানক লৈ ইতিমধ্যে বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত আজি আন ৬ টা বিবাদিত স্থানক লৈ দুয়োখন ৰাজ্যৰ মাজত আলোচনা।
এই বৈঠক দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে – ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰেড্ চাংমাৰ মাজত অনুষ্ঠিত হ’ব। উল্লেখ্য যে, অসম-মেঘালয়ৰ ভূমি বিবাদ দূৰ কৰাৰ বাবে দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ বিষয়ে যোৱা ১৮ মে’ত প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
সাংবাদিকৰ আগত কনৰাড চাংমাই উল্লেখ কৰিছিল ২৪ মে’ত গুৱাহাটীত দুয়োগৰাকী মুখ্যমন্ত্ৰী পুনৰ বৈঠকত বহিব। এই সন্দৰ্ভত তেওঁ কৈছিল, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কমিটীৰ সদস্যসকলৰ সৈতে ২৪ মে’ত বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। দ্বিতীয় পৰ্যায়ৰ ভূমি বিবাদ দূৰ কৰাৰ বাবে এয়া হ’ব প্ৰথমখন বৈঠক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ