• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নয়নতৰা চহৰীয়াৰ হত্যাকাৰী কোন?

নয়নতৰা চহৰীয়াৰ হত্যাকাৰী কোন?

6 years ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

15 minutes ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

38 minutes ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

1 hour ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

13 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

14 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

14 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

15 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

15 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

16 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

17 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

17 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নয়নতৰা চহৰীয়াৰ হত্যাকাৰী কোন?

হত্যাৰ পূৰ্বে বলি হৈছিল ধৰ্ষণৰ!

editor by editor
July 10, 2020
in অপৰাধ, অসম
0
নয়নতৰা চহৰীয়াৰ হত্যাকাৰী কোন?
79
SHARES
343
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কুমাৰজিৎ শৰ্মা, অসম লাইভ ২৪ঃ এই দেশত দেৱীৰূপে পূজিত হয় নাৰী। বন্দিত হয় নাৰী। কিন্তু এই দেশতে যেতিয়া নিৰাপত্তা নাথাকিব নাৰীৰ! ভাবক কোন দিশে গতি কৰিছো আমি! নগাঁৱৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ নৃশংস হত্যাকাণ্ড কোনেও পাহৰিব পৰা নাই। পাহৰিব পৰা নাই, পুত্ৰসম ২ দুৰ্বৃত্তই জঘন্য কাণ্ডৰে অৱসৰলৈ মাত্ৰ কেইটামান মাহ বাকী থকা মৃদুভাষী শিক্ষয়িত্ৰীগৰাকীক কিদৰে হত্যা কৰিছিল। একে ঘটনাৰ পুনৰাবৃত্তি হ’ল ওদালগুৰি জিলাৰ কলাইগাঁৱত।

অভিশপ্ত সোমবাৰ

১নং কলাইগাঁৱৰ নিৱাসী নয়নতৰা চহৰীয়া প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পাছতেই নিৰুদ্দিষ্ট হৈছিল। প্ৰাতঃভ্ৰমণ চহৰীয়াৰ অভ্যাস আছিল। সোমবাৰেও পুৱাতে বিছনা এৰি প্ৰাতঃভ্ৰমণলৈ গৈছিল। অৱশ্যে কিছুসময় পাছত ঘৰলৈ পুনৰ উভতি আহিছিল শিক্ষয়িত্ৰীগৰাকী। স্বামীও শিক্ষক। কলাইগাঁৱৰে বালিপাৰা কৃষক মুক্তি হাইস্কুলৰ দুয়ো শিক্ষক-শিক্ষয়িত্ৰী। স্বামীক ঘৰুৱা দিহা দি পুনৰ প্ৰাতঃভ্ৰমণলৈ বুলি গৈছিল। সেই যে ওলাই গ’ল, তাৰ পাছত মানুহজনী আৰু ঘৰলৈ উভতি নাহিল। পুৱা ১০ বজাৰ লগে লগে ঘৰত হাহাকাৰ লাগিল। আত্মীয়-কুটুমৰ ঘৰতো খবৰ ল’লে। কোনো সম্ভেদ নাপালে। সময় আগবাঢ়িল। সন্ধিয়া নামিল। উপায়ন্তৰ হৈ স্বামীয়ে স্থানীয় কলাইগাঁও আৰক্ষী থানাত তেওঁৰ পত্নী নিৰুদ্দিষ্ট হোৱা বুলি এখন এজাহাৰ দাখিল কৰে।

উদ্বিগ্ন পৰিয়ালৰ ফে’চবুক প’ষ্ট

মঙলবাৰে কি হৈছিল ?

মঙলবাৰে পুৱাতে নয়নতৰা চহৰীয়াৰ ঘৰৰ পৰা কিছু দূৰৈত উদ্ধাৰ হয় এযোৰ গোলাপী ৰঙৰ হাৱাই চেণ্ডেল। চেণ্ডেলযোৰ দেখি সকলোৰে সন্দেহ, হয়তো পুখুৰীটোতে কিবা কাৰণত পিছল খাই শিক্ষয়িত্ৰীগৰাকীৰ সলিল সমাধি ঘটিব পাৰে! আৰক্ষীও আহিল। জিলা প্ৰশাসনৰ লগতে SDRFৰ লোকো আহিল। পুখুৰীত চলিল অভিযান। পিছে, কোনো সম্ভেদ পোৱা নগ’ল এই অভিযানত। উল্লেখ্য যে এই অভিযান পুৱা ১০ বজাৰ পৰা দিনৰ আঢ়ৈ বজালৈ চলিছিল।

ইউ এন ব্ৰহ্ম একাডেমীৰ পৰা আহিছিল গোন্ধ

পুখুৰীটোৰ নিচেই কাষতে আছে ইউ এন ব্ৰহ্ম একাডেমী। অনুসন্ধিৎসু দুজন যুৱকে গোন্ধ অনুসৰণ কৰি প্ৰৱেশ কৰিছিল শিক্ষানুষ্ঠানখনৰ এটা কোঠাত। তেওঁলোকে দেখিছিল মুখমণ্ডল বিকৃত হৈ থকা এটা মৃতদেহ। তৎমুহূৰ্ততে এটা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। পুখুৰীৰ পাৰত উপস্থিত থকা আৰক্ষীৰ লোকো মুহূৰ্ততে উপস্থিত হয়। নয়নতৰা চহৰীয়াৰ সম্বন্ধীয় দেওৰ ভাস্কৰজ্যোতি বৰুৱা আৰু জিতেন বৰুৱাই মৃতদেহটো চিনাক্ত কৰে। মৃতদেহটোৰ মুখমণ্ডলে বীভৎস ৰূপ লৈছিল। কাপোৰ-কানিও অসংলগ্ন অৱস্থাত আছিল।

মৃত্যুৰ পূৰ্বে ধৰ্ষণৰ বলি হৈছিল নেকি?

এই মুহূৰ্তত এই কথা স্পষ্ট নহয়। কিন্তু কাপোৰ-কানিৰ অসংলগ্নতাৰ বাবেই উপস্থিতসকলে মৃত্যুৰ পূৰ্বে শিক্ষয়িত্ৰীগৰাকী ধৰ্ষণৰ বলি হোৱা বুলি সন্দেহ কৰে। এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈ এই প্ৰতিবেদকক চহৰীয়া পৰিয়ালে জনাইছে যে মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বিষয়ে আৰক্ষীয়ে তেওঁলোকক একো জনোৱা নাই। সেয়েহে, হত্যাৰ পূৰ্বে শিক্ষয়িত্ৰীগৰাকী বলাৎকাৰ হৈছিলনে নাই সেই বিষয়ত নিশ্চিত হ’ব নোৱাৰি। পিঠি, হাত আদিত আঘাতৰ চিন স্পষ্ট আছিল।

সন্দেহৰ আৱৰ্তত কোন?

শিক্ষক স্বামীৰ লগতে নয়নতৰা বৰুৱাৰ পৰিয়ালত আছে আৰু দুই পুত্ৰ। তাৰে এজন পুত্ৰ বাণিজ্য স্নাতক হোৱাৰ লগতে আন এজন সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণ। সৰু সংসাৰ, সুখৰ সংসাৰ। চুবুৰীয়াই হওক অথবা দূৰৈৰে হওক, কোনো লোকৰে সৈতে নয়নতৰা চহৰীয়াৰ ব্যক্তিগত শত্ৰুতা যে থাকিব পাৰে, সেই কথা পৰিয়ালৰ কথা বাদেই দিলো, গাঁওবাসীয়ে বিশ্বাস নকৰে। তেনেস্থলত, নৃশংস হত্যাৰ বাবে কোনে কিয় তেওঁক চিকাৰ হিচাপে ল’লে তাক লৈ দিকভ্ৰান্ত পৰিয়াল তথা চুবুৰীয়া। সেয়ে হয়তো হত্যাকাৰীৰ ‘ক্লু’ উলিওৱাত বাৰে বাৰে পিছল খাইছে খোদ আৰক্ষী বিভাগ। তদুপৰি নয়নতৰা চহৰীয়াৰ মুখত এচিড জাতীয় পদাৰ্থ ঢলা হৈছিল। সমগ্ৰ মুখমণ্ডলে ভয়ংকৰ ৰূপ লৈছিল। পেছাদাৰী হত্যাকাৰীৰ দ্বাৰাহে এনে হত্যা সম্ভৱ হ’ব পাৰে বুলি একাংশই সন্দেহ ব্যক্ত কৰিছে। আৰক্ষীৰো তদন্তই নিশ্চয়কৈ এই সন্দেহ সত্য হয়নে নহয় তাক পোহৰলৈ আনিব।

ইউ এন ব্ৰহ্ম একাডেমীত হত্যা কৰা হৈছিলনে?

য’ত উদ্ধাৰ হৈছিল নয়নতৰা চহৰীয়াৰ মৃতদেহটো, তাতে তেওঁক হত্যা কৰা হৈছিলনে নাই সেই লৈয়ো সন্দেহৰ অৱকাশ আছে। কিয়নো তৰ্জাবেৰৰ বিদ্যালয়খনত এনেকুৱা এটা হত্যাকাণ্ড হ’ব পাৰে বুলি বহু লোকে বিশ্বাস কৰা নাই। তেন্তে অন্য ঠাইত হত্যা কৰি ইউ এন ব্ৰহ্ম একাডেমীলৈ অনা হৈছিল নেকি মৃতদেহটো? এই প্ৰশ্নও উত্থাপিত হৈছে। যদি এয়াই হয়, সোমবাৰে পুৱাতে নিৰুদ্দিষ্ট হোৱা শিক্ষয়িত্ৰীগৰাকীক কোনে ক’লৈ লৈ গৈছিল? কেনেকৈ মৃতদেহ ইউ এন ব্ৰহ্ম একাডেমী পালে? এনেবোৰ প্ৰশ্নই এতিয়া দোলা দিছে বৃহত্তৰ অঞ্চলটোত। ইউ এন ব্ৰহ্ম শিক্ষানুষ্ঠানৰ কাষতে আছে ভাৰতীয় সেনা বাহিনীৰ এটা সেনা ছাউনী। যদি শিক্ষানুষ্ঠানখনতে শিক্ষয়িত্ৰীগৰাকীক ধৰ্ষণ বা হত্যা কৰা হ’লহেঁতেন! নিশ্চয়কৈ চিঞৰ-বাখৰ কৰাৰ সংশয় থাকে। তেনে ক্ষেত্ৰত শিক্ষানুষ্ঠানখনত শিক্ষয়িত্ৰীগৰাকীক হত্যা কৰাৰ স্থান হিচাপে হত্যাকাৰীয়ে নিশ্চয় নিৰ্বাচন নকৰে।

হতাশাত ভুগিছিল শিক্ষয়িত্ৰী নয়নতৰা!

মৃত্যুৰ পূৰ্বে কাৰোবাৰ পৰা ভাবুকি পাইছিল নেকি? এই প্ৰশ্ন যেতিয়া সোধা হৈছিল, তেতিয়া পোনছাতে নস্যাৎ কৰিছিল পৰিয়ালৰ লোকে। স্থানীয় এটা সূত্ৰই দাবী কৰা মতে, এক বিশেষ কাৰণত হতাশাই আৱৰি ধৰিছিল শিক্ষয়িত্ৰীগৰাকীক। যাৰ বাবে সুদূৰ হায়দৰাবাদত চিকিৎসাও কৰি আহিছিল। নয়নতৰা চহৰীয়াৰ নিকট আত্মীয়ই এই হতাশাৰ কাৰণ তেওঁক কোনোবাই ভাবুকি দিয়াৰ লগত কোনোপধ্যে জড়িত নহয় বুলি সদৰী কৰে। গেছ জাতীয় সমস্যাত ভোগাৰ বাবেহে হায়দৰাবাদত চিকিৎসা লৈছিল। ইয়াত কোনো হতাশাৰ কাৰণ নাছিল আৰু নিকট আত্মীয় বা পৰিয়ালৰ লোকে তেওঁক হতাশ হোৱা দেখা নাছিল।

শাস্তি পাবনে হত্যাকাৰীয়ে?

হত্যাকাণ্ডৰ ৫ দিন উকলিল। এই পৰ্যন্ত তদন্ত কি পৰ্যায়ত আছে সেই কথা হয়তো পৰিয়ালৰ লোকেও নাজানে। কিন্তু সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰিছে হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়া হওক। দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাওক। ৫৩ বছৰীয়া শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ পৰিয়ালে ন্যায় পাওক। এই আশা আমাৰো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kalaigaon police stationnayantara saharia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
Next Post
ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

অঘৰী-অৱহেলিত দিপালী আজি অদম্য সাহসৰ প্ৰতীক

অঘৰী-অৱহেলিত দিপালী আজি অদম্য সাহসৰ প্ৰতীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.