অসম লাইভ২৪ঃ ৬০ বছৰ পুৰণি এটা ঘড়ী। তেতিয়াই ঘড়ীটোৰ দাম আছিল প্ৰায় ৭ হাজাৰ টকা। ৭ হাজাৰ টকাত ৬০ বছৰ পূৰ্বে ক্ৰয় কৰা ঘড়ীটো নিলামত উঠিছে ৪১ লাখ টকা। ঘড়ী প্ৰস্তুতকাৰী সংস্থা ৰোলেক্সে নিৰ্মাণ কৰিছিল ঘড়ীটো। ১৯৬৮ চনত কিনা ঘড়ীটোৰ দাম তেতিয়া আছিল ৭ হাজাৰ টকা।
সেই ঘড়ীটোৱেই ২০২৩ বৰ্ষত নিলামত উঠিছে। নিলামত উঠা ঘড়ীটোৰ দাম উঠিছে ৪১ লাখ ১১ হাজাৰ ৬৯২ টকা। ঘড়ীটো ৰোলেক্সৰ ‘চাবমেৰিন মডেল’ৰ। এই ঘড়ীটোক ডাইভাৰ্ছ ৱাচ্ছ নামেৰেও জনা যায়। ১৯৫৩ চনত সেই ঘড়ীটো পোনতে বজাৰলৈ আহিছিল। সেয়াই আছিল প্ৰথমটো ৱাটাৰ প্ৰুফ ঘড়ী। ঘড়ীটোৰ মালিক আছিল ছাইমন বাৰ্নেট। তেওঁ এজন সামূদ্ৰিক ডুবাৰু আছিল। ২০১৯ চনত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ বাৰ্নেটে ঘড়ীটো নিলামলৈ ওলিয়াই আনিছে। তেওঁৰ পিতৃ ছাইমনে ঘড়ীটো ডুবাৰু লৈ ডুব মাৰোতেও পৰিধান কৰিছিল বুলি পুত্ৰই জানিবলৈ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















