অসম লাইভ২৪ঃ কৰ্ণাটকত কংগ্ৰেছৰ বৃহৎ জয়! ধুলিস্যাৎ হৈ পৰিল বিজেপি দল৷ কৰ্ণাটকত এইবাৰ চলিল ৰাহুল গান্ধীৰ যাদু৷ বিফল হ’ল মোদীৰ সকলো মেজিক৷
ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা হৈ পৰিল কংগ্ৰেছৰ টাৰ্নিং পইণ্ট৷ এই যাত্ৰাত কৰ্ণাটকৰ হাজাৰ হাজাৰ লোক ওলাই আহিছিল৷ কংগ্ৰেছৰ ৫ গেৰাণ্টীকো আঁকোৱালি ল’লে কৰ্ণাটকৰ জনতাই৷ ইয়াৰ বিপৰীতে বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিৰ পৰাজয়৷
বজৰং দলক ইচ্ছু হিচাপে লৈছিল বিজেপি আৰু মোদীয়ে৷ কংগ্ৰেছক আখ্যা দিয়া হৈছিল মুছলমানৰ দল হিচাপে৷ কৰ্ণাটকত পৰাজয়ৰ পাছতেই এক্সিট প’ল মানি লৈছে হিমন্ত বিশ্ব শৰ্মাইয়ো৷ কৰ্ণাটকত বিজেপিয়ে ভাল ফলাফল নেদেখুৱাই বুলি নিশ্চিত আছিল বুলিও মন্তব্যত আজি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ এই সন্দৰ্ভত কয়, মোক অসমৰ কথা সোধক৷ এই ফলাফলক লৈ আচৰিত হ’বলগীয়া একো নাই৷ মই দুমাহ পূৰ্বেই জানিছিলো কৰ্ণাটকত কংগ্ৰেছৰেই জয় হ’ব৷’
বিজয়ৰ পাছত ৰাহুল গান্ধীয়েও মন্তব্যত কয়, পুঁজিপতিক প্ৰত্তুত্ত্যৰ দিছে দেশৰ দৰীদ্ৰ জনতাই৷ ঘৃণাৰ বিপৰীতে প্ৰেমৰ জয় হ’ল কৰ্ণাটকত৷ কৰ্ণাটকৰ পৰা আন ৰাজ্যতো লাহে লাহে পৰিবৰ্তন আহিব৷ ’২৪ ৰ পূৰ্বে কংগ্ৰেছৰ এই জয়ে আশাৰ বতৰা আনিছে বিৰোধীলৈ৷ বিজেপিৰ বাবে ই চিন্তাৰ কাৰণ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ