অসম লাইভ২৪ঃ মঙলবাৰৰ পৰা ধাৰাসাৰ বৃষ্টি গুজৰাটত।
বৰষুণৰ বাবেই ভয়াৱহ হৈ পৰিছে গুজৰাটৰ বান পৰিস্থিতি।
বিপৰ্যস্ত হৈ পৰিছে জনজীৱন।
শতাধিক মানুহক নিৰাপদ স্থান লৈ স্থানান্তৰ কৰিছে উদ্ধাৰকাৰী দলে।
মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতেই ৩০০ মিলিমিটাৰ বৰষুণে ৰেকৰ্ড গঢ়িছে কেইবাখনো জিলাত।
একেই ঘটনা মহাৰাষ্ট্ৰতো।
মহাৰাষ্ট্ৰৰ কেইবাটাও এলেকাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
ৰায়গড়, পালঘৰ, কমলা, মুম্বাই পুণেত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
বানত বুৰ গৈছে কেইবাটাও ৰাস্তা।
ৰায়গড়ত বান পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ বাবে বুধবাৰৰ পৰা সেই এলেকাৰ বিদ্যালয়, মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















