অসম লাইভ ২৪ঃ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৫০ জন মুছলমান বুদ্ধিজীৱিৰে বৈঠকত মিলিত হ’ব। অসমত জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হ’ব। ইয়াৰ পূৰ্বে বিগত এটা মাহত অসমৰ কেইবাটাও সংখ্যালঘু মুছলমান দল সংগঠনৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত দুটা সন্তান জন্মৰ নিয়মৰ পক্ষপাতী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ৰাজ্যৰ মুছলমান পৰিয়ালসমূহৰ মাজত দৰিদ্ৰতা নিৰ্মূলৰ লগতে শিক্ষা সম্প্ৰসাৰণৰ বাবে এই পদক্ষেপ হাতত ল’ব চৰকাৰে। উল্লেখযোগ্য যে, অসমত মুছলমান সম্প্ৰদায়ৰ মাজত বিগত এটা দশকত ২৯ শতাংশ জনসংখ্যা বৃদ্ধি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ