অসম লাইভ ২৪ঃ তৰুণ গগৈ তিনিটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্রী আছিল। এই কথাই অন্যান্য গুণৰ লগতে তেখেতৰ জনপ্ৰিয়তাৰ প্ৰমাণ দিয়ে। তেখেত এগৰাকী সুদক্ষ, দূৰদৰ্শী আৰু সৰ্বজনপ্ৰিয় নেতা আছিল। ৰাজ্যখনত শান্তি স্থাপন আৰু অৰ্থনীতিক নতুন গতি দিয়াৰ ক্ষেত্ৰত তেখেতৰ অৱদান স্মৰণীয় হৈ ৰ’ব।
এগৰাকী সাংবাদিক হিচাপে তৰুণ গগৈক মই বহুবাৰ লগ পাইছিলো, তেখেতৰ ৰাজনৈতিক জীৱন আৰু কামকাজ লক্ষ্য আৰু বিশ্লেষণ কৰিছিলো। সেয়ে আজি অনুভৱ কৰিছো তেখেতৰ বিয়োগ অসমৰ লগতে দেশৰ ৰাজনৈতিক ক্ষেত্র আৰু সমাজ জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি হৈ ৰ’ব।
মই সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকাৰ কথাও মোৰ চিৰদিন মনত থাকিব।
মই গগৈ ডাঙৰীয়াৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ