অসম লাইভ২৪ঃ বিবাহৰ পৰ্ব শেষ হৈছিলহে মাত্ৰ৷ ন’বোৱাৰীক লৈ ভিন্ন ৰীতি নীতি চলি আছিল স্বামীগৃহত৷ অতিথিৰেই ভৰি আছিল স্বামীগৃহ৷ সকলো ঠিকেই আছিল৷ কিন্তু হঠাতেই আ অলংকাৰসহিতে কইনা হেৰাল৷ গহনা গাঁঠৰি লৈ ক’লৈ গ’ল ন কইনা৷ বিচাৰখোচাৰৰ অন্তত আচৰিত হৈ পৰে ন বোৱাৰীৰ শহুৰৰ ঘৰৰ ব্যক্তিসকল৷
ন কইনাৰ স্বামীগৃহৰ পৰা দিয়া আ অলংকাৰ লৈ ন’ জীৱনৰ পাতনি মেলিলে প্ৰেমিকৰ সৈতে৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ঘটনা কৰ্ণাটকৰ৷ ন বোৱাৰী এনেদৰে পলাই যোৱাক লৈ আৰক্ষীৰ কাষ চাপিছে স্বামী পৰিয়ালৰ লোক৷ ২১ মেত কুন্দাপুৰ ভাদেৰহোবালিৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় উলুৰুৰ এজন যুৱকৰ৷ কিন্তু বিয়াৰ পাছতেই কইনাৰ চাল চলন সন্দেহজনক হৈ পৰে৷ নিয়মিত প্ৰেমিকৰ সৈতে যোগাযোগ ৰাখি আহিছিল যুৱতীগৰাকীয়ে৷ বিয়াৰ ৪দিন পাছতেই পিতৃ গৃহলৈ যাত্ৰা কৰে ন বোৱাৰী৷ পিতৃ গৃহলৈ আহিয়েই উধাও হয় কইনা৷
ঘটনাক লৈ ন কইনাৰ বিৰুদ্ধে আৰক্ষীচকিত অভিযোগ দাখিল কৰিছে যুৱকে৷ তেওঁৰ অভিযোগ, বিয়াৰ পাছৰে পৰাই প্ৰতিদিনে প্ৰেমিকৰ সৈতে তেওঁৰ পত্নীয়ে ভিডিঅ’ কল কৰিছিল৷ স্বামীৰ আপত্তি থকা স্বত্ত্বেও ভিডিঅ’ কলত কথা পাতে দুয়োৱে৷ স্বামীয়ে বাধা দিওতে কয় যে তেওঁৰ স্বামীৰ সৈতে থকাৰ ইচ্ছা নাই৷ আৰক্ষীক স্বামীয়ে জনোৱা অনুসৰি প্ৰায় ১০ লাখ টকাৰ গহনা লৈ উধাও হৈছে তেওঁৰ পত্নী৷ ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ