অসম লাইভ২৪ঃ এতিয়াৰে পৰা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ নাপাব মোগলৰ ইতিহাস। পাঠ্যপুথিৰ পৰা উঠাই লোৱা হৈছে মোগলৰ ইতিহাস। আগন্তুক সময়ত নৱপ্ৰজন্মই নাজানিব কোন আছিল মোগল! পৰাক্ৰমী বীৰ লাচিত বৰফুকনে কাৰ সৈতে যুঁজিছিল? কিয় ইমান পৰাক্ৰমী বুলি লাচিত বৰফুকন পৰিচিত এই সকলোবোৰ কথাই নতুন প্ৰজন্মই নাজানিব।
নতুন পাঠ্যপুথি দেখা মাত্ৰকেই সচেতন মহলে কৈছে, ‘মোগলে ১৭ বাৰ অসম আক্ৰমণৰ কথাবোৰ সাধাৰণেই হ’ব কিয়নো মোগলৰ পৰাক্ৰমৰ কথা ক’তোৱেই নাথাকিব ভাৰতৰ ইতিহাসত। একপ্ৰকাৰে লাচিত বৰফুকনেও কোনো পৰাক্ৰমী বীৰৰ বিৰুদ্ধে যুঁজ দিয়া নাছিল বুলিয়েই ধাৰণা থাকিব নতুন প্ৰজন্মৰ মাজত! মোগলৰ সৈতে কৰা যুঁজৰ বাবেহে লাচিত পৰাক্ৰমী বীৰ আছিল, যদি মোগলৰ কোনো ইতিহাসেই ৰখা নহয় তেন্তে লাচিত বৰফুকনৰ বীৰত্বৰো কোনো প্ৰমাণ নাথাকিব দেশৰ ইতিহাসত।’
এম চি ই আৰ টি য়ে নতুন পাঠ্যপুথিৰ পৰা ইতিহাসৰ কেইবাটাও বিষয় আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে। নতুন শিক্ষানীতিৰ অধীনত ষষ্ঠ-দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিলৈ মোগলৰ প্ৰায় ৮০শতাংশ ইতিহাসেই মছি পেলোৱা হৈছে। দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিত নাথাকিব মোগল সাম্ৰাজ্যৰ কোনো অধ্যায়। একেদৰে একাদশ শ্ৰেণীৰ পৰা আঁতৰাই দিয়া হৈছে ইছলামিক ভূমি সভ্যতাৰ কাহিনী। দশম শ্ৰেণীৰ পাঠ্যপুথিত নাথাকিব গণতন্ত্ৰৰ বৈচিত্ৰতা, লোকপ্ৰিয় সংগ্ৰাম আৰু গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান বিষয়ক অধ্যায়।
ইয়াৰোপৰি ইমাৰ্জেন্সিক কেন্দ্ৰ কৰি থকা সকলোবোৰেই কাটি পেলোৱা হৈছে পাঠ্যক্ৰমৰ পৰা। ইপিনে অটল বিহাৰী বাজপেয়ীয়ে ৰাজধৰ্ম পালনৰ নিৰ্দেশ সম্পৰ্কীয় লেখাটোও পাঠক্ৰমৰ পৰা উঠাই দিয়া হৈছে। অৰ্থাৎ ইতিহাসৰ পুনঃ নিৰ্মাণ কৰাৰ যি আৰম্ভণি সেয়া যেন আৰম্ভ হৈছে। ইতিহাস পুনঃনিৰ্মাণে শিক্ষাৰ্থীৰ জীৱনলৈ কেনে প্ৰভাৱ আনিব সেই বিষয়টোক লৈ শিক্ষাবিদসকল চিন্তিত হ’লেও নতুন শিক্ষানীতিত লোৱা এই সিদ্ধান্তক একাংশই আদৰি লোৱাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ