অসম লাইভ২৪ঃ মাত্ৰ ৮মাহ পূৰ্বে ঝাৰখণ্ডৰ কোডাৰমাৰ সহকাৰী ৰেজিষ্ট্ৰাৰ পদত যোগ দিছিল মিতালি শৰ্মা। প্ৰথম দিনাই ঘোচ লৈ হাতলুটে ধৰা পৰিল মিতালী। হাজাৰিবাগৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰে মিতালি। এটা স্থানীয় সংগঠনৰ পৰা ঘোচ লওঁতেই ধৰা পৰে মিতালি।
চাকৰিত যোগ দিয়েই জীৱনৰ প্ৰথম পোষ্টিং হৈছিল ঝাৰখণ্ডত। তাতেই ঘোছ লৈছিল তেওঁ। বিগত ৭ জুলাইত মিতালীক গ্ৰেপ্তাক কৰিছে দুৰ্নীতি নিবাৰক শাখাই। তেওঁৰ ঘোছ লোৱাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ততাতৈয়াকৈ দুৰ্নীতি নিবাৰক শাখাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত দিয়া মন্তব্যত কয়, ‘কোডাৰমা বেপাৰ সহযোগ সমিতি নামৰ এটা স্থানীয় সংগঠনে হঠাতে সেই কাৰ্যালয় পৰিদৰ্শন কৰোতে বহু বেমেজালি দেখা পাইছিল।
সংগঠনৰ কৰ্মকৰ্তাসকলৰ পৰা কামৰ বাবে মিতালিয়ে ২০হাজাৰ টকা বিচাৰে। চৰকাৰী অধিকাৰিসকলক ঘোছ নলবলৈ বাৰে বাৰে সতৰ্ক কৰি থকা স্বত্ত্বেও এনেদৰে ঘোছ লোৱাত তেওঁৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰে সংগঠনৰ সদস্যই। তেওঁলোকৰ অভিযোগৰ ভিত্তিতেই অভিযান চলাই মিতালিক গ্ৰেপ্তাৰ কৰা হৈছে। ৭জুলাইত প্ৰথম কিস্তি ঘোছৰ ধন ১০হাজাৰ টকা লওতেই হাতেলুটে ধৰা পেলাই মিতালিক। গ্ৰেপ্তাৰৰ পাছতেই মিতালিক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ