বৰ্তমান পৰিৱেশত আমি সকলোৱেই ভয় আৰু শংকাত জীয়াই থাকিব লগা হৈছে । অনাগত দিনত যদি আমি Covid-19 লগত সহবাস কৰিবলগীয়া হয়, তেন্তে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি ? আমি প্ৰথমে সহজ ভাষাত বুজিবলৈ চেষ্টা কৰো যে ক’ৰোনা ভাইৰাছে কেনেধৰণে আমাৰ ওপৰত ক্ৰিয়া কৰে। এই ভাইৰাছ বাহ্যিকভাৱে আমাৰ শৰীৰত লাগিলে একো অপকাৰ কৰিব নোৱাৰে; যেতিয়ালৈকে ই আমাৰ নাক-মুখ-চকুৰ দ্বাৰা আমাৰ শৰীৰৰ অভ্যন্তৰত প্ৰৱেশ নকৰে। কিবাকৈ নাক-মুখ-চকুৰে আমাৰ শৰীৰত প্ৰৱেশ কৰিলে কেইবা ঘণ্টালৈ ই নাক আৰু গলত থিতাপি লয়। ইয়াৰ পিছত শ্বাস নলীৰ সহায়ত ‘ফুচ-ফুচ’ (Lung)ত প্ৰৱেশ কৰি শ্লেমা বৃদ্ধি ঘটাই Lungখন গধুৰ আৰু সিক্ত কৰি তোলে। ইয়াৰ ফলত উশাহ-নিশাহ ল’বলৈ কষ্ট হয় আৰু শুকান কাহৰ সৃষ্টি হয় । এনেকৈ ই বংশবৃদ্ধি কৰি শৰীৰত ভয়াৱহতা সৃষ্টি কৰে আৰু শেষত উশাহ-নিশাহ ল’ব নোৱৰা হৈ ৰোগীজন মৃত্যুমুখত পৰা দেখিবলৈ পোৱা গৈছে।
ইয়াৰ ওপৰত যোগৰ প্ৰতিকাৰ কি ?
যোগ সকলোৰে বাবে। যোগ হ’ল বিজ্ঞান। যোগ বুলিলে অকল আসনকে নুবুজায়। আসন, প্ৰণায়াম, ধ্যান, মুদ্ৰা, সৎকৰ্ম, ক্ৰিয়া ইত্যাদি লগ হৈহে যোগ। মূল কথাখিনিলৈ আহো। পুৱা শুই উঠি দাঁত-মুখ ধুই ‘জল-নেতী’ বা ‘সূত্ৰ-নেতী’ খুবেই প্ৰয়োজন। ই হ’ল সৎকৰ্ম। জল নেতী বুলিলে- এটা নাকৰ ছিদ্ৰৰে কুহুমীয়া নিমখ পানী ভৰাই আনটো নাকেৰে উলিয়াই দিয়া আৰু ঠিক তেনেকৈ আনটো নাকৰ ছিদ্ৰৰে ভৰাই বিপৰীত নাকৰ ছিদ্ৰৰে পানী উলিয়াই দি নাকৰ ভিতৰখন পৰিষ্কাৰ কৰাৰ প্ৰণালী । ইয়াৰ বাবে এটা বিশেষ ‘জল নেতী পাত্ৰ’ বজাৰত সহজে উপলব্ধ। খালী পেটত এনেকৈ দিনত দুবাৰ, পুৱা আৰু গধূলি কৰিব লাগে। ইয়াৰ ফলত নাকত ক’ৰোনা ভাইৰাছ থিতাপি লোৱাত বিফল হ’ব। ইয়াৰ পিছত দিনে দুবাৰকৈ নিমখ পানীৰে Gagling কৰিব। ফলত নাক আৰু ডিঙিত ভাইৰাছ থিতাপি লোৱাৰ পৰা ৰক্ষা পৰিব। প্ৰথম অৱস্থাৰ পৰা নাক আৰু ডিঙি ভাইৰাছমুক্ত হৈ থাকিলে ই আৰু Lungলৈ যোৱাৰ কথাই নাহে। কিন্তু ওপৰোক্ত ক্ৰিয়াসমূহ Regular দুবাৰ কৰিবই লাগিব। এতিয়া আহো Lung বাবে কৰিবলগা বিষয়সমূহলৈ। যিবোৰ আমি উশাহ-নিশাহৰ দ্বাৰা কৰিব পাৰো। যেনে- প্ৰণায়াম। আপুনি জানেনে, আমি মাত্ৰ ৩০ পৰা ৩৩ শতংশহে Lungত উশাহ ভৰাওঁ। আমি যদি ইয়াক ১০০% কাৰ্যকৰী কৰাৰ চেষ্টা কৰো, তেনেহ’লে জানো Lungৰ অসুবিধা থাকিব? আপুনি নিজে অনুমান কৰক। সেয়ে সদায় আসন কৰা পিছত প্ৰাণায়াম-ক্ৰিয়া নিতান্তই জৰুৰী। মই Recommend কৰো, Art of Livingৰ সুৰ্দশন ক্ৰিয়া প্ৰতিদিনে অভ্যাস কৰক। ইয়াৰ ফলত Lungৰ সমন্ধীয় অন্যান ৰোগৰ পৰাও পৰিত্ৰাণ পাই থাকিব। যোগে শৰীৰৰ সকলো অংগৰ লগতে মানসিকভাৱেও সুস্থ কৰি ৰাখে। কিছু আসন Heartৰ বাবেও কৰি থাকক আৰু অন্তিমত ধ্যান খুবেই জৰুৰী । ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) বৃদ্ধি পায়। এনেকৈ দৈনিক ৩০ পৰা ৬০ মিনিট সময় নিজৰ শৰীৰৰ বাবে নিয়ম বান্ধি লৈ নিজে সুস্থ হৈ থাকি আনকো সুস্থ হৈ থাকিবলৈ কওক।
আজি COVID-19 ভয়াৱহতা দেখি সকলোৱে Panic হৈ পৰিছে বা ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকি স্বাভাৱিকতে সকলোৱে Stress/Depress হৈ গৈছে। সেয়েহে ইয়াৰ পৰিত্ৰাণৰ বাবে আসন, প্ৰণায়াম, ক্ৰিয়া, ধ্যান, সৎকৰ্ম নিতান্তই প্ৰয়োজন। যাৰ কোনো Side Effect নোহোৱাকৈ আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব। ক’ৰোনাৰ লগত সহবাস কৰিবলৈ ইয়াৰ বহিৰে আৰু কোনো গত্যন্তৰো নাই। আমাৰ এই প্ৰাচীন ক্ৰিয়া যোগৰ দ্বাৰাই শৰীৰৰ আন ৰোগসমূহৰ পৰাও পৰিত্ৰাণ পাব পাৰি। খাদ্যাভ্যাস- সাত্ত্বিক আহাৰ নিয়মিত সময়ত গ্ৰহণ কৰক। পুৱাৰ জলপান ৯ বজাৰ ভিতৰত, দুপৰীয়াৰ আহাৰ ১ পৰা ২ বজাৰ ভিতৰত আৰু ৰাতিৰ আহাৰ ৯ পৰা ১০ বজাৰ ভিতৰত খাবলৈ অভ্যাস কৰক। বাহী বস্তু নাখাব। টোপনি অতিকমেও ৭ পৰা ৮ ঘণ্টা। ধনাত্মক চিন্তা-চৰ্চা কৰিব।
তলত সন্নিৱিষ্ট কৰা আসন-প্ৰাণায়াম আদি কোনো এজন যোগ প্ৰশিক্ষকৰ ওচৰত শিকি লৈহে কৰিব। নিজৰ শৰীৰৰ ক্ষমতা অনুযায়ী
সৎকৰ্ম, জল নেতী/সূত্ৰ নেতী। আসন- ভূজাঙ্গাসন, সলাৱাসন, নৌকাসন, সৰ্বাঙ্গাসন, হলাসন, মস্যাসন, পৱনমুক্তাসন, ইত্যাদি ইত্যাদি।
প্ৰণায়াম- নাড়ী শোধন, ভ্ৰামৰি, উয্যয়, শীতলী, কপালভাটি ইত্যাদি।
ধ্যান- ২০ মিনিট সময় উশাহৰ গতি ওপৰত ধ্যান বা সেইধৰণৰ যিকোনো অভ্যাস কৰিব।
(লেখক মজুমদাৰ এগৰাকী যোগ প্ৰশিক্ষক)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ