অসম লাইভ২৪ঃ সম্পত্তিৰ দিশেৰে দেশৰ সকলোতকৈ ধনী বিধায়ক হৈছে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ। কৰ্ণাটকৰ এইগৰাকী কংগ্ৰেছী বিধায়কৰ বেংক একাউণ্টত জমা আছে ১৪০০ কোটি টকা। দেশৰ সকলোতকৈ ধনী বিধায়কৰ তালিকাত ডিকে শিৱকুমাৰ কিন্তু দেশৰ আটাইতকৈ দুখীয়া বিধায়ক কোন?
সকলোতকৈ ধনী ডি কে শিৱকুমাৰ
ADRৰ ৰিপৰ্ট অনুসৰি দেশৰ আটাইতকৈ ধনী বিধায়কৰ তালিকাত আছে ডি কে শিৱকুমাৰ। ১হাজাৰ ৪০০কোটি টকাতকৈ বেছি সম্পত্তি আছে ডি কে শিৱকুমাৰৰ। এছোচিয়েছন ফৰ ডেমোক্ৰেটিক ৰিফৰ্মছে প্ৰকাশ কৰিছে এই তথ্য। ADRৰ ৰিপৰ্টমতে দেশৰ দ্বিতীয় আৰু তৃতীয় ধনী বিধায়কো কৰ্ণাটকৰেই। সকলোতকৈ ধনী বিধায়কৰ তালিকাত দ্বিতীয় স্থানত আছে কেএইছ পুট্টস্বামী গৌড়া। তেওঁৰ ঘোষিত সম্পদৰ পৰিমাণ ১হাজাৰ ২৬৭কোটি টকা। তৃতীয় স্থানত আছে কংগ্ৰেছৰ বিধায়ক প্ৰিয় কৃষ্ণ। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১ হাজাৰ ১৫৬ কোটি টকা। ডি কে শিৱকুমাৰে ধনী বিধায়কৰ তালিকাত স্থান লাভ কৰাৰ পাছতেই তেওঁ এই সন্দৰ্ভত কয়, ‘মই ধনী নহয়। সেইবুলি মই দুখীয়াও নহয়। দীৰ্ঘ সময় ধৰি মই কষ্টেৰে এই সম্পদ আহৰণ কৰিছো। মোৰ সম্পত্তি যি আছে সকলো মোৰ নিজৰ নামতেই আছে। অন্যৰ দৰে মই যাৰে তাৰে নামত সম্পদ আহৰণ কৰা নাই। মোৰ যি আছে সকলো দেখাকৈয়ে আছে।’
কংগ্ৰেছৰ বিধায়ক ধনী নে বিজেপিৰ?
দেশৰ সকলোতকৈ ধনী ১০ জন বিধায়কৰ ভিতৰত ৪জন কংগ্ৰেছৰ আৰু তিনিজন বিজেপিৰ। এই বিষয়টোক লৈ দুই দলৰ মাজতেই বাকযুদ্ধও চলি আছে। কংগ্ৰেছৰ বিধায়ক বিজোয়ান আৰশ্বাদে এই সন্দৰ্ভত কয়, ‘শিৱকুমাৰে ব্যৱসায় কৰি ধন উপাৰ্জন কৰিছে। এই ধন দুৰ্নীতিৰ ধন নহয়। কিন্তু বিজেপিৰ বিধায়কসকলে শিৱকুমাৰৰ দৰে ব্যৱসায় কৰি ধন উপাৰ্জন কৰা নাই এই ধন দুৰ্নীতিৰ ধন।
সকলোতকৈ দুখীয়া বিধায়ক কোন?
দুখীয়া বিধায়কৰ তালিকাত আছে পশ্চিমবংগৰ বিজেপি বিধায়ক নিৰ্মল কুমাৰ ধাৰা। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ২হাজাৰ টকাতকৈয়ো কম। এই দৰিদ্ৰ বিধায়কসকলৰ তালিকাত আছে ওড়িশাৰ নিৰ্দলীয় বিধায়ক মকাৰান্দা মুদুলি, তাৰপাছতেই পঞ্জাৱৰ বিধায়ক নৰিন্দৰ পাল সিং। ওড়িশাৰ মকৰন্দ মুদুলিৰ সম্পত্তিৰ পৰিমান মাত্ৰ ১৫হাজাৰ টকা। আনহাতে তৃতীয় দুখীয়া বিধায়ক পঞ্জাৱৰ আপ বিধায়ক নৰিন্দৰ পাল সিঙৰ সম্পত্তিৰ পৰিমাণ ১৮ হাজাৰ ৩৭০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ