অসম লাইভ২৪ঃ মানুহৰ যৌন জীৱনক লৈ অধ্যয়ন আৰু গৱেষণাৰ শেষ নাই৷ মানুহৰ যৌনতাৰ উপভোগ তথা সন্তুষ্টি সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণাৰো অন্ত নাই৷ মানুহৰ বয়স অনুসাৰে যৌন সম্পৰ্কৰ সন্তুষ্টিৰ তাৰতম্য ঘটে নেকি সেই সম্পৰ্কীয় এক গৱেষণাত পোহৰলৈ আহিছে কেইবাটাও তথ্য।
শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে, যৌন সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত বয়স অনুসাৰে সন্তুষ্টিৰ তাৰতম্য ঘটে৷ অৰ্থাৎ বয়সভেদে যৌন সন্তুষ্টিৰ তাৰতম্য ঘটায়ো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু সেই বুলি এইটোৱেই কেৱল মাত্ৰ শুদ্ধ নহয় যে ডেকা বসয়তেই যৌন সম্পৰ্ক অধিক উপভোগ্য হৈ উঠে৷ কিন্তু এই পাৰ্থক্য কেনেকৈ অনুভূত হয় সেই বিষয়ে আমি তলত উল্লেখ কৰিবলৈ প্ৰয়াস কৰিছো৷ কাৰণ বয়সৰ লগে লগে মেজাজ, টেনচন, স্বাস্থ্যৰ অৱস্থা সকলো সলনি হৈ যায়।
২০ বছৰ
এই বয়স জীৱনৰ অন্যতম শ্ৰেষ্ঠ সময়। জীৱনৰ এই পৰ্যায়ত বেছি মানসিক চাপ নাথাকে। কম বয়সতে থাকে অধিক উত্তেজনা। নতুন নতুন অভিজ্ঞতাৰ মাজেৰে পাৰ হ’বলৈ এক তীব্ৰ যৌন আকাংক্ষা থাকে। ফলস্বৰূপে এই বয়সত যৌনতাত অধিক জীপাল হোৱাৰ লগতে সজীৱতা থাকে।
৩০ বছৰ
বিবাহিত হওক বা নহওক এই বয়সত বহুতে নিজকে জীৱনৰ লগত খাপ খুৱাবলৈ আৰম্ভ কৰে। প্ৰেম, বিশ্বাস, কেৱল নিজৰ আৰু আপোনাৰ সংগীৰ প্ৰতি থকা আবেগে এই সময়ছোৱাত কাম নকৰে। সেই বিশ্বাস আৰু প্ৰেমৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নিজৰ শাৰীৰিক সম্পৰ্কত অন্তৰংগ আশ্ৰয় বিচাৰি পায়।
৪০ বছৰ
গৱেষণাৰ পৰা দেখা গৈছে যে ৩০ বছৰ বয়সৰ পিছত যৌন আনন্দ সৰ্বোত্তমভাৱে অনুভৱ কৰিব পাৰি। কাৰণ দুয়োজনেই বহুদিনৰ পৰা ইজনে সিজনৰ ছাঁত থাকে। ইজনে সিজনক বহুত ভালদৰে চিনি পায়। সম্পৰ্কটো গভীৰ হ’লেও ইমান দিন একেলগে থকাৰ অৰ্থ হ’ল অলপ হ’লেও সিহঁতে নিজকে বুজিবলৈ সক্ষম হৈছে। গতিকে জীৱনৰ এই পৰ্যায়ত শাৰীৰিক সম্পৰ্ক বহুত বেছি উপভোগ্য হয়।
৫০ বছৰ
৫০ বছৰ স্পৰ্শ কৰিলে বা অতিক্ৰম কৰা সকলো মানুহৰে শাৰীৰিক আৰু মানসিক অৱস্থা একে নহয়। জীৱন সম্পৰ্কীয় স্বাভাৱিক চিন্তা কিছু কমি যায়। কিন্তু সম্পৰ্কৰ শাৰীৰিক প্ৰয়োজনীয়তা পূৰণৰ উপৰিও ভাল সুস্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ বাবেই এই সময়ছোৱাতো শাৰীৰিক সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজনীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ