স্বাস্থ্যমন্ত্ৰীলৈ অনুৰোধ, লকডাউন প্ৰত্যাহাৰ কৰক। লকডাউনে ক’ৰোনা ৰোগীৰ সংখ্যা কমাব পৰা নাই। লকডাউনে অসমীয়া সাধাৰণ শ্ৰমজীৱী আৰু কৰ্মজীৱী মানুহখিনিৰ কঁকাল ভাগিছে। ক্ষুদ্ৰ, মজলীয়া, বৃহৎ আটাইবোৰ ব্যবসায়ীৰে অৱস্থা এতিয়া লাওলোৱা । ২৪ মাৰ্চৰ পৰা এই জুলাইলৈকে প্ৰায় চাৰিমাহ দোকান-পোহাৰ সকলো বন্ধ। কামলৈ নগ’লেও চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পাই আছে। অসমৰ ৩.৩০ কোটি মানুহৰ মাজত ৬ লাখমান চৰকাৰী কৰ্মচাৰী। গাইপতি ছজনকৈ পৰিয়ালৰ সদস্য ধৰিলে ৩৬ লাখ মানুহ চৰকাৰৰ দৰমহাৰ দ্বাৰা প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে উপকৃত হৈছে। এইসকলক লকডাউনে কোনো ক্ষতি কৰিব পৰা নাই বুলি ধৰিলে অসমৰ বাকী ২.৯৪ কোটি মানুহ লকডাউনত প্ৰত্যক্ষভাৱে বিধস্ত। চৰকাৰৰ কোনো আঁচনিয়ে লকডাউনত কৰ্মহীন আৰু উপাৰ্জনহীন হৈ পৰা ২.৯৪ কোটি মানুহক উপকৃত কৰিব নোৱাৰে। ৫ কিলোগ্ৰাম চাউল আৰু ১ কিলোগ্ৰাম দালিয়েই জীৱন নহয় ! এই সত্য চৰকাৰৰ প্ৰতিজন লোকে অনুভৱ কৰক। ইয়াৰ বাহিৰেও মানুহৰ জীৱন আছে। চিকিৎসকৰ ওচৰলৈ, হাস্পতাললৈ গ’লে ভেটি-মাটি বেচিবলগীয়া হয়। এনেকুৱা বহু উদাহৰণ আছে। বিচাৰিলে দিবলৈ সাজু। চৰকাৰে চিকিৎসা সুলভ আৰু বিনামূলীয়া কৰা নাই। বহিঃৰাজ্যৰ পৰা অহা লাখ লাখ অসমীয়া শ্ৰমিকক কোনো ৰোজগাৰ চৰকাৰে দিব পৰা নাই। সমস্ত দোকান, বজাৰ, চিনেমা ঘৰ, শ্বপিং মল, হোটেল, ৰেস্তোৰাঁ বন্ধ হৈ থকাত ৫০ লাখৰ অধিক মানুহ কৰ্মহীন, নিবনুৱা, ভিক্ষাৰী হোৱাৰ পথত। স্বাস্থ্যমন্ত্ৰী মহোদয়, আপুনি নিশ্চয় দেখা পাইছে, জি এছ ৰোডৰ দুয়োকাষৰ দোকানবোৰৰ ৭৫% চিৰদিনলৈ বন্ধ হ’বলৈ গৈ আছে। তিনিমাহ বন্ধ হৈ থকা দোকানত কোনো ব্যৱসায় নথকাত মালিকক ভাড়া দিব নোৱাৰি এইবোৰ একেবাৰে বন্ধ কৰি দিয়াৰ চিন্তা-চৰ্চা চলিছে। লকডাউনে ক’ৰোনা সংক্ৰমণ ৰুধিব পৰা নাই। লকডাউনে মানুহক মানসিকভাৱেও হত্যা কৰিছে। গতিকে লকডাউনৰ সলনি চৰকাৰে এতিয়া সকলো ব্যবসায়-বাণিজ্য, শ্বপিং মল, বাৰ, হোটেল, ৰেস্তোৰাঁ, চিনেমা ঘৰ খুলি দিয়াৰ কথা চিন্তা কৰক। পদ পথৰ দোকান, অপৰিষ্কাৰ খাদ্য বিক্ৰী, সাপ্তাহিক বজাৰ আদি ছমাহলৈ বন্ধ ৰাখক। কঠোৰভাৱে সামাজিক দূৰত্ব, ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক কৰক। ইটালীত স্বাভাৱিক জীৱন ঘূৰি আহিছে। লকডাউনত বিধস্ত ভাৰত ক’ৰোনাত আক্ৰান্ত পৃথিৱীৰ প্ৰথম স্থানপ্ৰাপ্ত দেশ হোৱাৰ পথত আগবাঢ়িছে। অসমো মহাৰাষ্ট্ৰ, দিল্লীৰ সৈতে প্ৰথম হোৱাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। লকডাউনত মানুহ অতিষ্ঠ হৈছে। পুনৰ লকডাউন বৃদ্ধি কৰিলে বিদ্ৰোহৰ সম্ভাৱনাও আছে। ৰোজগাৰ, ৰুটী দিব নোৱৰা চৰকাৰে লকডাউনৰে ৰাইজক শাস্তি দিয়া কাৰ্য এৰাই চলাটোৱে মংগল। কিয়নো লকডাউনে ক’ৰোনা ৰুধিব পৰা নাই। লকডাউনৰ সময়ত অৰ্থনীতি শেষ কৰি ক’ৰোনা ভাইৰাছ মেকুৰীৰ পিঠিৰে গৈ বাঘৰ পিঠিত উঠিল।
(জিতুমণি বৰাৰ এই অভিমত নিজা। ইয়াৰ বাবে #Asom_Live_24 দায়ী নহয়।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ