অসম লাইভ২৪ঃ উত্তৰাখণ্ডত বৃষ্টি পাইছে গংগাৰ জলস্থৰ।
বিপদসীমাৰ ওপৰেৰে বৈছে গংগাৰ পানী।
হৰিদ্বাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ সতৰ্কবাণী।
বিগত কেইবাদিনো ধৰি দিয়া বৰষুণৰ বাবেই বৃদ্ধি পাইছে গংগাৰ জলস্থৰ।
সোমবাৰৰ পৰাই বিপদসীমাৰ ওপৰেৰে বৈছে গংগাৰ পানী।
উত্তৰাখণ্ডৰ কেইবাটাও এলেকা ইতিমধ্যে প্লাবিত হৈ পৰিছে।
ঠায়ে ঠায়ে ভূমিস্খলনৰো ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডত।
কেৱল গংগাই নহয় অলকানন্দাৰ পানীও বৃদ্ধি পাইছে ভয়াৱহ হাৰত।
গংগাৰ ফুলাৰি ঘাট, ৰামকুণ্ড, ধনেশ্বৰ ঘাট, সংগম ঘাট ইতিমধ্যে প্লাবিত কৰিছে গংগাৰ পানীয়ে।
ইতিমধ্যে এই এলেকাসমূহত জাৰি কৰা হৈছে হাই এলাৰ্ট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















