অসম লাইভ ২৪ঃ বছৰটোৰ হয়তো আটাইতকৈ ভাল খবৰ এইটোৱেই। ১ নৱেম্বৰত উপলব্ধ হ’ব ক’ৰোনাৰ প্ৰতিষেধক।
হাস্পতালক সাজু থকাৰ নির্দেশ। বিশ্বজুৰি ক’ভিড-১৯ মহামাৰীয়ে মহাতংক চলোৱাৰ অন্ত পৰিবলৈ আৰু বেছি দিন নাই। অৱশেষত মানুহৰ বিজয় সাব্যস্ত হোৱাৰ সকলো দুৱাৰ মুকলি হৈছে। ব্ৰিটেইনৰ অক্সফ’র্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ক’ৰোনা প্ৰতিষেধক এই সপ্তাহতে সাধাৰণ মানুহৰ শৰীৰত প্ৰয়োগ কৰা হ’ব। ১ নৱেম্বৰৰ পৰা ক’ৰোনাৰ প্ৰতিষেধক প্ৰদানৰ বাবে লণ্ডনৰ হাস্পতালক সাজু হোৱাৰ নির্দেশ দিলে প্ৰশাসনে। লণ্ডনৰ আগশাৰীৰ এখন হাস্পতালক সাজু হোৱাৰ নির্দেশ জাৰি কৰিছে প্ৰশাসনে। অৱশ্যে হাস্পতালখনৰ নাম এতিয়ালৈকে ৰাজহুৱা কৰা নাই। আৰু কিমানজন লোকক প্ৰথম পর্যায়ত এই টীকা প্ৰদান কৰিব সেই কথাও ৰাজহুৱা কৰা হোৱা নাই। সংবাদ প্ৰতিষ্ঠান ৰয়টার্ছৰ খবৰ অনুসৰি ২ নৱেম্বৰ, সোমবাৰৰ পৰা প্ৰতিষেধক প্ৰদান আৰম্ভ হ’ব পাৰে। অক্সফ’র্ড আৰু ব্ৰিটেইনৰ ঔষধ নির্মাতা প্ৰতিষ্ঠান এষ্ট্ৰ’জেনেকাই যৌথভাৱে তৈয়াৰ কৰিছে ‘এজেডডি১২২২ বা চ্যাডেক্স১ এনকোভ-১৯’ টীকা। উল্লেখ্য এই প্ৰতিষেধকে এজন লোকক এবছৰলৈ ক’ৰোনা সংক্ৰমণৰ পৰা সুৰক্ষা দিব পাৰিব বুলি পূর্বে নির্মাতা প্ৰতিষ্ঠানে জনাইছিল। আনহাতে মাত্ৰ কেইদিমান পূর্বে অন্তিম পৰীক্ষণ পর্যায়ত এজন স্বেচ্ছাসেৱকৰ এই প্ৰতিষেধক লৈ মৃত্যু হৈছিল। উল্লেখ্য অক্সফ’র্ড ইউনিৰ্ভাচিটিৰ সৈতে প্ৰতিষেধক তৈয়াৰ প্ৰক্ৰিয়াত জড়িত হৈ আছে ‘ছেৰাম’ কোম্পানী। ছেৰাম বিশ্বৰ সর্ববৃহৎ ঔষধ নির্মাতা প্ৰতিষ্ঠান। এই দিশৰ পৰা আশা কৰিব পাৰি ভাৰততো প্ৰতিষেধকৰ বাবে বেছি দিন অপেক্ষা কৰিব নালাগিব। অৱেশ্যে ভাৰতত ক’ৰোনা প্ৰতিষেধকক লৈ ইতিমধ্যে বিজেপিয়ে ৰাজনীতি আৰম্ভ কৰিছে। বিহাৰ নির্বাচনত ক’ৰোনা প্ৰতিষেধকক ঢালৰূপে ব্যৱহাৰৰ চেষ্টা চলাইছে বিজেপিয়ে। শাসনলৈ আহিলৈ বিহাৰবাসীক বিনামূলীয়াকৈ ক’ৰোনা প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি বিজেপিয়ে সংকল্পপত্ৰত ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। হিতে বিপৰীত হোৱাৰ শংকাত বিজেপিয়ে শেহতীয়াকৈ সুৰ সলাই সমস্ত দেশবাসীক বিনামূলীয়া ক’ৰোনা ভেকচিন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিবলৈ বাধ্য হয়। কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ সাৰাংগীয়ে প্ৰধানমন্ত্ৰীৰ উদ্ধৃতিৰে দেওবাৰে কয়— ‘ভেকচিন আহিলেই দেশৰ সকলোৱে বিনামূলীয়াকৈ লাভ কৰিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ