অসম লাইভ২৪ঃ অসমত বন্ধ হ’ব ৬০০ খন মাদ্ৰাছা৷ সদৰ্পে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কৰ্নাটকৰ এখন সভাত ৰাজ্যৰ সকলো মাদ্ৰাছাই বন্ধ কৰি দিয়া হ’ব বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘ ৬০০ মাদ্ৰাছা বন্ধ কৰিম৷ বাকিসমূহো অচিৰেই বন্ধ হ’ব৷ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমৰ ঐতিহ্য নষ্ট কৰিছে৷’
মাদ্ৰাছাসমূহক সাধাৰণ স্কুললৈ সলনি কৰাৰ কথাও ভাষণত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ বৰ্তমানলৈ মাদ্ৰাছাসমূহ সাধাৰণ স্কুললৈ ৰূপান্তৰ হোৱা নাই যদিও খুব কম সময়ৰ ভিতৰতেই হ’ব বুলিও ভাষণত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ শিক্ষা সদায়ে ধৰ্মনিৰপেক্ষ হ’ব লাগে৷ এই যুক্তি দাঙি ধৰিয়েই ৰাজ্যৰ সমূহ মাদ্ৰাছা সাধাৰণ স্কুললৈ ৰূপান্তৰ কৰা সিদ্ধান্ত লৈছে অসম চৰকাৰে৷ ২০২০ চনতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ৰাজ্যৰ মাদ্ৰাছাসমূহেও চৰকাৰী অনুদানেৰেই চলি থাকে৷ তেনেক্ষেত্ৰত হিমন্ত বিশ্ব নেতৃতাধীন চৰকাৰখনে কোনো এটা বিশেষ সম্প্ৰদায়ৰ বাবে পৃথককৈ খৰচ বহন কৰিব নোৱাৰে বুলি প্ৰকাশো কৰিছিল৷ বিষয়টোক লৈ একাংশই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাত সমগ্ৰ বিষয়টো স্থগিত ৰাখিবলৈ বাধ্য হয় অসম চৰকাৰ৷
উল্লেখ্য যে বিষয়টোৱে উচ্চতম ন্যায়ালয় পোৱাত হিমন্ত চৰকাৰে এই সিদ্ধান্ত সম্পৰ্কত যুক্তি দি কয় যে ভাৰতীয় সংবিধানত উল্লেখ থকামতে চৰকাৰী ব্যয়ত কোনো ধৰ্মীয় শিক্ষানুষ্ঠান চলিব নোৱাৰে৷ অৱশ্যে নিজা খৰচেৰে কোনোৱে চলাই ৰাখিলে তাত হস্তক্ষেপ কৰিব লগা একো নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ