অসম লাইভ ২৪ঃ গৃহ ঋণ লোৱাৰ পৰিকল্পনা কৰি আছে নেকি? বেংকলৈ অহা-যোৱা কৰি আছে নেকি? এইবোৰ চিন্তা-ভাবনাৰ মাজত এই বাতৰিটোৱে নিশ্চয় আপোনাৰ দৃষ্টি আকর্ষণ কৰিছে। মাত্ৰ ৭৫ টকা খৰচ কৰিলেই এখন ঘৰৰ গৰাকী হ’ব পাৰিব আপুনি। ৭৫ টকা ঘৰ এটাৰ গৰাকী হোৱাটো নিশ্চয় কোনো লোকৰ বাবে জটিল নহয়। পিছে চর্ত আছে। চর্ত অনুসৰি ঘৰৰ মালিকীস্বত্ব গ্ৰহণ কৰাৰ পাছত, ঘৰটোৰ প্ৰয়োজনীয় মেৰামতি আৰু ৩ বছৰৰ মূৰে মূৰে ৰং কৰাৰ দায়িত্ব ঘৰৰ গৰাকীয়ে সুচাৰুৰূপে পালন কৰিব লাগিব। যদি চর্ত মানি নচলে, তেনেহ’লে ১০ লাখ ৬৪ হাজাৰ টকা জৰিমনা ভৰিব লাগিব। যদি এই চর্ত মানি লয় তেনেহ’লে ঘৰ ক্ৰয় কৰিব পাৰিব। ক’ৰোনাই থেকেচি পেলোৱা ইটালীত প্ৰশাসনে আগবঢ়াইছে এই সুবিধা। অতি আশ্চর্যজনক কথা যে ইটালীৰ এখন গাঁৱক এতিয়াও ক’ৰোনা সংক্ৰমণে চুব পৰা নাই। ইটালীৰ বিচাচিয়াৰ ক’ৰোনামুক্ত ছিংকিউফোণ্ডী নামৰ গাঁওখনত ৭৫ টকাত ঘৰ ক্ৰয়ৰ সুবিধা দিছে প্ৰশাসনে। ১৯৮০ চন প্ৰাকৃতিক দুর্যোগৰ মুখামুখি হৈ গাঁওখন ত্যাগ কৰিছিল তাৰ বাসিন্দাসকলে। তেতিয়াৰে পৰা পৰি থকা প্ৰায় ৯০টা ঘৰ প্ৰশাসনে অতি কম মূল্যত বিক্ৰীৰ সিদ্ধান্ত লৈছে। পুনৰ বসতিৰে গাঁওখনক প্ৰাণৱন্ত কৰি তোলাৰ বাবেই মাত্ৰ এক ডলাৰত ঘৰ বিক্ৰীৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় প্ৰশাসনে। প্ৰাকৃতিক সৌন্দর্যও ছিংকিউফোণ্ডীৰ অন্যতম আকর্ষণ। পাহাৰৰ ঢালত অৱস্থিত গাঁওখনৰ পৰা মাত্ৰ ১০ মিনিটৰ দূৰত্ব অতিক্ৰম কৰিলেই সাগৰৰ সৌন্দর্য উপভোগ কৰিব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ