আজিকালি ছ’চিয়েল মিডিয়াত ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ শব্দ দুটা যুৱপ্ৰজন্মৰ মাজত শুনিবলৈ পাওঁ। যিবোৰৰ বিষয়ে আগৰ দিনৰ মানুহবোৰ সম্পূৰ্ণ অজ্ঞাত। এই শব্দবোৰ GenZ য়ে উদ্ভাৱন কৰিছে। ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ আজিৰ সময়ত এক প্ৰকাৰৰ সম্পৰ্কীয় ভাষাত পৰিণত হৈছে।
ৰেড ফ্লেগ মানে কি?
ৰেড ফ্লেগ হ’ল যিকোনো আচৰণ, অভ্যাস বা চিন যিয়ে আপোনাক সতৰ্ক কৰি দিয়ে যে এই সম্পৰ্ক, বন্ধুত্ব বা ব্যক্তিজন আপোনাৰ বাবে উপযুক্ত নহয়। ইয়াক বহু ধৰণে চিনাক্ত কৰিব পাৰি: আপোনাৰ কথা কোৱাৰ ধৰণ ভাল নাপালে খং কৰা, আপোনাৰ সীমাক সন্মান নকৰা, সৰু সৰু কথাত সন্দেহ বা খং কৰা, অত্যধিক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা, মিছা কোৱা বা কথা লুকুৱাই ৰখা। এইবোৰ কিছুমান লক্ষণ যিবোৰক আওকাণ কৰিলে ভৱিষ্যতে আপোনাৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
গ্ৰীণ ফ্লেগ মানে কি?
গ্ৰীণ ফ্লেগ বুলিলে বিশ্বাসযোগ্যতা, বুজাবুজি আৰু সদিচ্ছা প্ৰদৰ্শন কৰা আচৰণ বা অভ্যাসক বুজোৱা হয়। ইয়াক বহু ধৰণে চিনাক্ত কৰিব পাৰি, যেনে আপোনাৰ চিন্তাবোৰ মনোযোগেৰে শুনা, আপোনাৰ অনুভৱক সন্মান কৰা, ভুল স্বীকাৰ কৰা, আপোনাক ধাৰাবাহিকভাৱে সমৰ্থন কৰা, আৰু সম্পৰ্কত বিশ্বাসযোগ্য আৰু সৎ হোৱা। এই সকলোবোৰে সুস্থ সম্পৰ্ক আৰু আশাব্যঞ্জক ভৱিষ্যতৰ ইংগিত দিয়ে।
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগৰ ধাৰণাটো আজিকালি ইমান জনপ্ৰিয় হৈ পৰিছে কাৰণ সম্পৰ্কৰ প্ৰতি মানুহৰ সচেতনতা বাঢ়িছে। এই শব্দবোৰ ৰীলত সঘনাই শুনা যায়। Gen Zয়ে সদায় নতুন নতুন শব্দ ব্যৱহাৰ কৰি ভাল পায়। তেওঁলোকে নিজকে কুল দেখাব বিচাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















