বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ১৩ আগষ্ট বুধবাৰ গণেশৰ উদ্দেশ্যে নিবেদিত৷ ইয়াৰোপৰি এই দিনটোতেই চন্দ্ৰই মীন ৰাশিলৈ গমন কৰিব, যিয়ে গজকেশৰী যোগ তৈয়াৰ কৰিছে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটো সৰ্বাৰ্থ সিদ্ধি যোগেৰে আৰম্ভ হৈছে৷ ইয়াৰোপৰি আছে ধন যোগো৷ ভগৱান গণেশৰ আশীৰ্বাদ আৰু সৰ্বাৰ্থ সিদ্ধি যোগো আছে৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটো ৫ ৰাশিৰ জাতকৰ বাবে খুবেই উপকাৰী৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আৱেগেৰে পৰিপূৰ্ণ হব৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ পাব৷ যি কামত লাগি আছে সেই কামতেই ভাল ফল পাব৷ পদমৰ্যাদা আৰু প্ৰতিপত্তিৰ সুবিধা পাব৷ আয় ভাল হব৷ উপাৰ্জনৰ ওপৰিও আপুনি বিলাসবহুল সামগ্ৰীৰ পিছত ধন ব্যয় কৰিব৷ নতুন সামগ্ৰীত বিনিয়োগ কৰিব৷ পুৰণি ইচ্ছা পূৰণ হব পাৰে৷ মন সুখী থাকিব৷ সামাজিক বৃত্ত প্ৰসাৰিত হব৷ পৰিয়ালত সুখ আৰু শান্তি বৰ্তি থাকিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো দুৰ্দান্ত হব৷ ভাগ্যৰ সমৰ্থন পাব৷ ধন লাভৰ যোগ আছে৷ অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব পাৰে৷ এই সময়ৰ ভিতৰত আপোনাৰ পৰিকল্পিত কাম সময়মতে সম্পন্ন হব৷ উচ্চশিক্ষাৰ ক্ষেত্ৰত অনুকূল ফলাফল পাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল পাব পাৰে৷
সিংহ ৰাশি
বুধবাৰ সিংহ ৰাশিৰ বাবে এটি শুভ দিন হব৷ কৰ্মক্ষেত্ৰত পছন্দৰ চাকৰি পাব৷ চাকৰি পোৱাৰ পাছত আপুনি পূৰ্ণ উৎসাহৰ সৈতে কাম কৰিব৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ পৰিয়ালত এক অনুকূল পৰিবেশ থাকিব৷ আপোনাৰ পত্নীৰ সৈতে সম্পৰ্কত যদি মতবিৰোধ থাকে সেই সমস্যাৰো সমাধান হব৷ বিবাহিত জীৱনত সম্পৰ্কৰ মাজলৈ মধুৰতা আহিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই বিশেষ৷ পৰিকল্পতিভাৱে কাম কৰক৷ সাফল্যৰ সম্ভাৱনা বেছি৷ আপোনাৰ বাগ্মীতা আৰু বিচক্ষণতাই মানুহক মুগ্ধ কৰিবলৈ সক্ষম হব৷ নতুন যোগাযোগ তৈয়াৰ হব পাৰে৷ কাঙ্খিত ফলাফল পাব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ হব৷ উৎসাহৰ সৈতে কাম কৰক৷ নতুন পৰিকল্পনাক সফল হব৷ নতুন দায়িত্ব পাব পাৰে৷ আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















