অতিকে শোকাৱহ, তীৰ্থযাত্ৰা কৰিবলৈ গৈ নিহত একেটা পৰিয়ালৰে ২ টা শিশুসহ ১৩ গৰাকী লোক
দেৱীমাৰ মন্দিৰ দৰ্শন কৰি উভতি আহি আছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ লিখন, নাযায় খণ্ডন। বাটতে দুৰ্ঘটনাত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ১৩ গৰাকী কৈ তীৰ্থযাত্ৰীয়ে। এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকত।
দেৱী ইয়াল্লাম্মাৰ মন্দিৰ দৰ্শন কৰি উভতি আহি আছিল কৰ্ণাটকৰ শিৱমোগাৰ অঞ্চলৰ তীৰ্থযাত্ৰী সকল। এখন ট্ৰেভেলাৰ যোগে আহি আছিল ভক্তৰ দলটো। কিন্তু আজি শুকুৰবাৰে পুৱা প্ৰায় ৪ মান বজাত বাছখনৰ চালকৰ টোপনি আহি যায়।
যাৰ বাবেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। তীব্ৰ বেগত থকা ট্ৰেভেলাৰ বাছখনে ৰাজপথৰ কাষত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এইদৰে কৰুণভাৱে মৃ্ত্যুক আঁকোৱালি লয় ১৩ গৰাকীকৈ লোকে। নিহত সকলৰ ভিতৰত দুটি শিশুও আছে।
কৰ্ণাটকৰ হাভেৰী জিলাত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় দুৰ্ঘটনাটো। পুনে – বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ ফলত বাছখন একেবাৰে থেতেলা খাই পৰাৰ বাবে মৃতদেহবোৰ ওলাবৰ বাবে বাছখন কাটিব লগা হয়।
উল্লেখ্য যে, নিহত আটাইকেইজন একেটা পৰিয়ালৰে, একেলগে সকলো তীৰ্থযাত্ৰালৈ যোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত ১৩ গৰাকীয়ে প্ৰাণ হেৰুৱাৰ বিপৰীতে চাৰিজন লোক আহত হয়। আহত সকলক নিকট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ