কাইলৈ ১৫ আগষ্ট ২০২৫ শুকুৰবাৰে চন্দ্ৰই দিনজুৰি মেষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওনৰ কৃষ্ণা সপ্তমী তিথি৷ কাইলৈ পালিত হব ৭৯ তম স্বাধীনতা দিৱস৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব গণ্ড যোগ আৰু বৃদ্ধি যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব অশ্বিনী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ১৫ আগষ্ট অত্যন্ত শুভ দিন হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব৷ বন্ধু আৰু আত্মীয়সকলৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ পিতৃৰ সৈতে সম্পৰ্কৰ ভুল বুজাবুজি থাকিলে দূৰ হব৷ ব্যৱসায়ীসকলৰ বাবেও কাইলৈৰ দিনটো বেছ লাভজনক৷ বৃষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি ভাল হব৷
সিংহ ৰাশি
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত কেৰিয়াৰত বিশেষ উন্নতি কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতে ভাগ্যক কাষত পাব৷ উন্নতিৰ সুযোগ আহিব পাৰে৷ পৰিয়ালত সুখ শান্তি থাকিব৷ ভায়েক ভনীয়েকৰ সহায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷
কন্যা ৰাশি
কাইলৈ শুকুৰবাৰে মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ অসম্পূৰ্ণ কাম সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰিব৷ পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ থাকিব৷ ব্যক্তিগত জীৱনত সুখ শান্তি থাকিব৷ জীৱনসংগীৰ সৈতে বুজাপৰা আৰু ভালপোৱা বৰ্তি থাকিব৷ কৰ্মক্ষেত্ৰত সকলো কামতে সাফল্য আহিব৷
ধনু ৰাশি
কাইলৈ ৰবি যোগৰ শুভ প্ৰভাৱত কাৰ্যকৰী আৰু লাভজনক দিন কটাব ধনু ৰাশিৰ জাতকে৷ ৰিয়েল এষ্টেটৰ পৰা মোটা অংকৰ লাভ কৰিব পাৰিব৷ সকলো বিষয়তে পৰিয়ালৰ সদস্যক কাষত পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ কাম সকলোৱে প্ৰশংসা কৰিব৷ সংগীৰ পৰামৰ্শ লাভজনক হব৷ নতুন চাকৰিৰ ভাল প্ৰস্তাৱ পাব পাৰে৷
কুম্ভ ৰাশি
অশ্বিনী নক্ষত্ৰৰ শুভ প্ৰভাৱ আৰু মা লক্ষ্মীৰ আশীৰ্বাদত কাইলৈ ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত কোনো সুখবৰ পাব পাৰে৷ আৰ্থিকভাৱে লাভৱান হব পাৰে৷ পুৰণি কোনো অসুখ থাকিলে মুক্তি পাব৷ অপ্ৰত্যাশিতভাৱে হাতলৈ ধন আহিব পাৰে৷ ঘৰত সুখ শান্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















