২০২৫ চন শেষ হ’বলৈ মাজত আৰু বেছি দিন নাই৷ ২০২৬ চন কেনে হ’ব সেই বিষয়ক লৈ সকলোৱে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে৷ ২০২৬ চনত কেইবাটাও গ্ৰহৰ অৱস্থান পৰিবৰ্তন হ’ব৷ আগন্তুক বছৰত মীন ৰাশিত গোচৰ কৰিব শনিয়ে৷ ইয়াৰ সৈতে বৃহস্পতি থাকিব মিথুন ৰাশিত৷ ৰাহু আৰু কেতুৱে আগন্তুক বছৰত নিজৰ স্থান পৰিবৰ্তন কৰিব৷ জ্যোতিষ গণনাই কৈছে এই সকলো গ্ৰহৰ গোচৰে ২০২৬ত এটাৰ পাছত আনটো চেলেঞ্জ আনিব কেইবাটাও ৰাশিৰ বাবে৷ জানি থওক আগন্তুক বছৰত শনি, ৰাহু, কেতু আৰু বৃহস্পতিৰ প্ৰভাৱত নানান সমস্যাত সোমাই পৰিব কোন কোন ৰাশিৰ জাতক?
মেষ ৰাশি
আগন্তুক বছৰত নানান মানসিক সমস্যা থাকিব মেষ ৰাশিৰ জাতকৰ৷ শনিৰ চাৰে সাতি দশাৰ প্ৰভাৱত অজানা ভয়ে আপোনাৰ মনত বাঁহ বান্ধিব৷ আৰ্থিক সমস্যা আহিব পাৰে৷ স্বাস্থ্যও ভালে নাথাকিব৷ অকাৰণে যাত্ৰা কৰিব পাৰে৷ অপ্ৰয়োজনীয় খৰচ এৰাই চলিবলৈ চেষ্টা কৰক৷
সিংহ ৰাশি
শনিৰ ধাইয়া আগন্তুক বছৰত চলিব সিংহ ৰাশিত৷ ইয়াৰ ফলত মূৰৰ বিষ, লিভাৰৰ সমস্যাত ভূগিব পাৰে৷ নানান কাৰণত মানসিক উদ্বেগ বাঢ়িব৷ প্ৰয়োজনৰ তুলনাত আয় কম হব৷ নানান প্ৰতিকূলতাৰ মাজেৰে যাব আগন্তুক বছৰতো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















