মকৰ সংক্ৰান্তি আৰম্ভ হ’বলৈ আৰু বেছিদিন নাই৷ এই পৰ্ব অসম আৰু উত্তৰ ভাৰতত খুবেই বিশেষ৷ এই দিনটোত সূৰ্যক উপাসনা কৰা হয় আৰু সূৰ্যদেৱক গুৰ, খিচিৰি, মিঠাই অৰ্পন কৰা হয়৷ পঞ্চাঙ্গ অনুসৰি ২০২৬ চনৰ ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ পৰ্ব পালন কৰা হ’ব৷ আৰু ঠিক এদিন পূৰ্বেই শুক্ৰ দেৱতাই গোচৰ কৰিব৷ দ্ৰিক পঞ্চাঙ্গ অনুসৰি ১৩ জানুৱাৰী ২০২৬ত শুক্ৰই পুৱা ৪বজাত মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ যি খুবেই শক্তিশালী গোচৰ বুলি ধাৰণা কৰা হৈছে৷ এই শুক্ৰৰ গোচৰে কাৰ কাৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব?
বৃষ ৰাশি
মকৰ সংক্ৰান্তিৰ শুভ সময়ত শুক্ৰৰ ৰাশি পৰিবৰ্তনে বৃষ ৰাশিৰ জাতকৰ বাবে জীৱনলৈ ইতিবাচকতা কঢ়িয়াই আনিব৷ যি কাম আপুনি পৰিশ্ৰম দি কৰিছে তাত সফলতা লাভৰ প্ৰৱল সম্ভাৱনা আছে৷ কামৰ প্ৰতি পৰিশ্ৰম আৰু উদ্যোগে আপোনাক ভাল ফল দিব৷ ব্যক্তিগত সম্পৰ্কলৈ মধুৰতা আহিব৷ জীৱনসংগী বা কাষৰ মানুহৰ প্ৰতি আৱেগ বাঢ়িব৷ নিজৰ মাজত বুজাপৰা আৰু ভাল হব৷ স্বাস্থ্যক লৈ থকা চিন্তা এইবাৰ দূৰ হব পাৰে৷
তুলা ৰাশি
মকৰ সংক্ৰান্তিত শুক্ৰৰ গোচৰ তুলা ৰাশিৰ বাবে শুভ সংকেত হব৷ বিগত বছৰত যদি কোনো ইচ্ছা পূৰণ নোহোৱাকৈ আছে তেন্তে এই বছৰ পূৰণ হোৱাৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ সৈতে সম্পৰ্ক আৰু ভাল হব৷ নিজৰ মাজত সম্পৰ্ক আৰু দৃঢ় হব৷ যিসকলে চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে কোনো বন্ধুৰ সৈতে নতুন কাম আৰম্ভ কৰাৰ চিন্তা কৰিব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে মকৰ সংক্ৰান্তি খুবেই শুভ হব৷ অৰ্থ সংক্ৰান্তিয় বিষয়ত লাভ হব পাৰে৷ ঘৰত কিছু পুৰণি সমস্যা থাকিলে স্বস্তি পাব৷ জীৱনসংগীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব৷ আপুনি ভৱিষ্যতৰ পৰিকল্পনা তৈয়াৰ কৰিব৷ সম্পত্তি বা পুৰণি বিনিয়োগৰ পৰা সুবিধা পাব পাৰে৷ স্বাস্থ্যক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















