চীনৰ ৰেষ্টোৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড, ২২ জনে হেৰুৱালে প্ৰাণ
চীনৰ লিয়াওনিঙত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। এখন ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড সংঘটিত হৈ প্ৰাণ হেৰুৱালে ২২ জন লোকে। এই অগ্নিকাণ্ডত কমেও ৩ জন লোক আহত হৈছে। আজি বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা।
অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই। স্থানীয় ৰাইজৰ মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে সেই স্থানত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ৰেষ্টোৰেণ্ট খনৰ খিৰিকী আৰু দুৱাৰৰ পৰা জুইৰ শিখা ওলাই আহে।
অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ সেই স্থানত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে কয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। ৰেষ্টুৰেণ্টখনৰ চাৰিওফালে থকা অট্টালিকাসমূহ ততাতৈয়াকৈ খালী কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















