বুধবাৰ ২৩ অক্টোবৰ চন্দ্ৰই আজি নিশা ১২ বাজি ২ মিনিটত মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ এই সময়ত সূৰ্য আছে তুলা ৰাশিত৷ আজি কাতি মাহৰ কৃষ্ণপক্ষৰ সপ্তমী তিথি৷ এই তিথিতেই শিৱ যোগ আৰু সিদ্ধ যোগৰ প্ৰভাৱ আছে৷ ইয়াৰোপৰি আজি থাকিব প্ৰথমে পুনৰ্বাসু আৰু তাৰপিছত পুষ্য নক্ষত্ৰৰ প্ৰভাৱ৷ আজি পুৱা ৬বাজি ৩৬ মিনিটত সুৰ্যোদয় আৰু সন্ধিয়া ৫বাজি ৪৩ মিনিটত সূৰ্যাস্ত হ’ব৷ হিন্দুধৰ্ম অনুসৰি বুধবাৰ হৈছে গণেশৰ প্ৰিয় দিন৷ এই সকলো শুভ যোগৰ প্ৰভাৱত আজিৰ দিনটোত কোন কোন ৰাশিৰ জাতক জাতিকাৰ দিনটো ভাল হ’ব? অন্যান্য ৰাশিৰ জাতকসকলে আজি নানান সমস্যাৰ মুখতো পৰিব৷ আজি গণপতিৰ আশীৰ্বাদত কোন কোন ৰাশিৰ জাতকৰ ওপৰত থাকিব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকে সিদ্ধান্ত গ্ৰহণৰ সময়ত নিজৰ চিন্তাভাৱনা স্পষ্ট ৰাখক ফলত ভৱিষ্যতে লাভ হ’ব৷ সন্তানৰ ভৱিষ্যৎ সংক্ৰান্তিয় সিদ্ধান্ত লোৱাৰ সময়ত পিতৃৰ পৰামৰ্শ গ্ৰহণ কৰক৷ জীৱনসংগীৰ সৈতে কটাৰ কটাকটি হ’ব পাৰে৷ অৰ্থৰ অপচয় নকৰিব৷ সন্ধিয়া ক্লান্ত অনুভৱ কৰিব পাৰে৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত সতৰ্ক থাকক৷ ব্যৱসায়ত নতুন কিবা কৰাৰ চেষ্টা কৰক৷ এই ক্ষেত্ৰত পিতৃৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব৷ মামাৰ ঘৰৰ পৰা গীফট লাভ কৰিব৷ আইনী গোচৰৰ পৰা স্বস্তি পাব৷ চাকৰিয়ালসকলে সুসংবাদ পাব পাৰে৷ সন্ধিয়া ভাতৃৰ সৈতে বিশেষ আলোচনা কৰিব পাৰে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ ব্যৱসায়ীৰ ইচ্ছা পূৰণ নোহোৱাৰ বাবে হতাশ হ’ব৷ ব্যক্তিগত সম্পৰ্কত মতভেদ হ’ব পাৰে৷ জীৱনৰ কঠিন বাস্তৱ চাই শিক্ষা গ্ৰহণ কৰি আগুৱাই যাওক৷ কঠিন পৰিশ্ৰম কৰিলে সফলতা লাভ সম্ভৱ৷ শহুৰৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে কথাৰ কটাকটি হ’ব৷ পৰিয়ালৰ সৰু সকলৰ সৈতে ভাল সময় কটাব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকে সাফল্য অৰ্জন কৰিব৷ শাৰীৰিক সমস্যা বৃদ্ধি পাব পাৰে৷ ভাৱিচিন্তি সিদ্ধান্ত গ্ৰহণ কৰক৷ সন্তানে কিছু ভাল কাম কৰিলে আপুনি গৰ্ব অনুভৱ কৰিব৷ ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি পাব৷ শহুৰৰ ঘৰৰ পৰা সন্মান লাভ কৰিব৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াশুনাত ভাল ফল লাভ কৰিব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ স্নেহৰ সৈতে ব্যক্তিগত সম্পৰ্কসমূহ ধৰি ৰাখিব৷ ব্যৱসায়ত মুনাফা সম্ভৱ৷ বজাৰ কৰি মানসিক শান্তি লাভ কৰিব৷ পাৰিবাৰিক সম্পৰ্কসমূহ ভালধৰণে বজায় ৰাখিব পাৰিব৷ সন্তান আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ ব্যৱসায়ত দ্ৰুত পৰিবৰ্তন দেখা যাব৷ নতুন পৰিকল্পনা তৈয়াৰ কৰিব যাৰ পৰা সাফল্যৰ পথত আগুৱাই যাব৷ সিদ্ধান্ত গ্ৰহণৰ সময়ত নিজৰ মনৰ কথা শুনক৷ অন্যৰ ভুল ক্ষমা কৰিবলৈ শিকক৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল লাভ কৰিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক অৱসাদমুক্ত থাকিব৷ পৰিকল্পনা অনুসৰি কাম সম্পন্ন কৰিব৷ নতুন সুযোগৰ বাবে প্ৰস্তুত থাকক৷ কিছু ভাল সুযোগ আপোনাৰ সন্মুখলৈ আহিব৷ কৰ্মক্ষেত্ৰত শত্ৰু বা বিৰোধীয়ে আপোনাৰ কামৰ পথত সমস্যা হৈ ঠিয় দিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ অহংকাৰ আৰু অন্যক দেখুওৱা স্বভাৱ ত্যাগ কৰক অন্যথা আৰ্থিক পৰিস্থিতি নষ্ট হ’ব৷ বাক্তিগত আৰু পেছাগত বিষয়ত অতি উৎসাহী হৈ অসম্ভৱ কাম সম্ভৱ কৰিব পাৰিব৷ প্ৰেম জীৱন আনন্দেৰে কটাব৷ সন্তানৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব৷ বাহিৰৰ খোৱা বোৱা ত্যাগ কৰক৷
ধনু ৰাশি
ধনু ৰাশিৰ মনৰ মাজত কোনো নেতিবাচক চিন্তাভাৱনা আহিব পাৰে৷ তেতিয়াই সাফল্য লাভ সম্ভৱ৷ বন্ধুৱে ব্যৱসায়ত নতুন চুক্তি চূড়ান্ত কৰিব পাৰিব৷ আৰ্থিক পৰিস্থিতিৰ বাবে লাভজনক সময়৷ সন্ধিয়াবেলা মাতৃৰ স্বাস্থ্য দুৰ্বল হ’ব, সতৰ্ক থাকক৷ বিবাদ এৰাই চলক৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক আজি বিভ্ৰান্ত হ’ব৷ সন্ধিয়া বিভ্ৰান্তি দূৰ হ’ব৷ পুৰণি পদ্ধতি অৱলম্বন কৰি কৰ্মক্ষেত্ৰত পৰিস্থিতি উন্নত হ’ব৷ কাৰ্যালয়ৰ কাৰোবাক কিবা কোৱাৰ পূৰ্বে চিন্তা কৰি লওক৷ মনত ৰাখিব আপোনাৰ কথাত যাতে কোনো আহত নহয়৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকে ভৱিষ্যৎ পৰিকল্পনাৰ জালত সোমোৱাৰ পৰিবৰ্তে বৰ্তমান সময় উপভোগ কৰিব৷ ইয়াৰবাবে তেওঁলোকে একাধিক সুবৰ্ণ সুযোগ হেৰুৱাই পেলাব৷ চাকৰিয়ালৰ পদোন্নতি হ’ব৷ শত্ৰুৱে আপোনাৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকে আলোচনাৰ মাধ্যমেৰে কৰ্মক্ষেত্ৰৰ সমস্ত সমস্যাৰ সমাধান কৰাত সফল হ’ব৷ পাৰিবাৰিক বিবাদৰ সময়ত নিজৰ কথা নিয়ন্ত্ৰণত ৰাখিব লাগিব এই ৰাশিৰ জাতকে৷ অন্যথা সম্পৰ্কত তিক্ততাই দেখা দিব পাৰে৷ ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ