২৪ বছৰীয়া অভিনেত্ৰী নিধি শ্বাহে নিজৰ গৰ্ভাৱস্থাৰ ফ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ ইয়াৰ পিছতে সামাজিক মাধ্যমত তোলপাৰ লাগিছে যে ২৪ বছৰ বয়সতে অবিবাহিত নিধি শ্বাহ গৰ্ভৱতী হ’ল কেনেকৈ!
অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰা নিধিৰ গৰ্ভাৱস্থাৰ ফ’টোত লগতে তেওঁৰ হ’বলগীয়া সন্তানৰ পিতৃকো দেখা গৈছে৷ হ’বলগীয়া সন্তানৰ পিতৃয়ে নিধিৰ গৰ্ভত গৰ্ভস্থ সন্তানটোৰ উপস্থিতি কাণ উনাই শুনিছে আৰু নিধিয়ে গৰ্ভত হাত দি আতি আনন্দৰে হাঁহি থকা গৈছে৷
নিধি শ্বাহৰ এই ফ’টোখন দেখি নেট-নাগৰিকে আলিয়া ভাটৰ গৰ্ভৱাস্থাৰ কথা পাৰহিয়ে গৈছে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে বিবাহৰ দুমাহৰ পিছতে গৰ্ভৱতী হোৱা বুলি প্ৰকাশ কৰাৰ পিছতে বলিউদৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটক সামাজিক মাধ্যমত বহুলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে একাংশই ট্ৰল কৰা দেখা গৈছিল৷
লগতে পঢ়ক দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন
কিন্তু নিধি শ্বাহৰ গৰ্ভাৱস্থাৰ এই ফ’টোখন দেখি আপোনালোকে বাৰু কি ভাবিছে? ২৪ বছৰীয়া অবিবাহিত নিধি সঁচাই গৰ্ভৱতী হোৱা বুলিয়েই বিশ্বাস কৰিছে নেকি?
এতিয়া আমি আপোনালোকক জনাওঁ যে আচলতে সেয়া নিধিৰ বাস্তৱ জীৱনৰ ফ’টো নহয়৷ সেয়া হৈছে ৰীল জীৱনৰহে ফ’টো৷ অৰ্থাৎ নিধিয়ে অভিনয় কৰা এখন জনপ্ৰিয় টিভিৰ ধাৰাবাহিক ‘অনুপমা’ৰহে ফ’টো৷ অৰ্থাৎ নিধি শ্বাহে বাস্তৱ জীৱনত গৰ্ভৱতী হোৱা নাই৷ তেওঁৰ ধাৰাবাহিকখনৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈহে গৰ্ভৱতী হৈছে৷
নিধি শ্বাহৰ এই ফ’টোখন হঠাতে দেখি নিধিয়ে গৰ্ভৱতী হোৱা বুলি যিসকল নেট-নাগৰিকে ভাবিছে তেওঁলোকে ইয়াৰ বাবে দুঃচিন্তা অথবা আনন্দ কৰাৰ কোনো কাৰণ নাই৷ নিধি শ্বাহে এইদৰে ফ’টো শ্বেয়াৰ কৰাৰ বাবেই নেট-নাগৰিকে সামাজিক মাধ্যমত তোলপাৰ লগাই নিধিৰ ব্যক্তি স্বাধীনতাৰ প্ৰসংগটোক উলাই কৰা নাই নে! মানুহৰ ব্যক্তি স্বাধীনতাক সামাজিক মাধ্যমে এইদৰে খৰ্ব কৰি থকা নাই নে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ