অধিক সুন্দৰ দেখিবলৈ এটা দুটা নহয় মুঠ ২৯ টা চাৰ্জাৰী কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
ভাৰতীয় চিনেমাৰ অভিনেত্ৰী বুলিলে সৌন্দৰ্যৰ ভাণ্ডাৰ। কোনো কম নহয় সৌন্দৰ্যৰ ক্ষেত্ৰত। নিজকে আৰু অধিক সুন্দৰ কৰি ৰাখিবৰ বাবে ফিটনেছৰ ফালৰ পৰাই হওক কিম্বা সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতে হওক বহু উপায় অৱলম্বন কৰে পাৰফেক্ট হৈ থাকিবৰ বাবে।
তেনেই এগৰাকী বলীউডৰ মোহময়ী অভিনেত্ৰী, যাক এবাৰ মাত্ৰ চাবৰ বাবে ভিৰ কৰিছিল বহু অনুৰাগী। তেখেতৰ সৌন্দৰ্যৰ কথা ভাৰতৰ লগতে বিদেশতো বিশেষভাৱে চৰ্চিত হৈছিল। যি মাত্ৰ ১৬ বছৰ বয়সৰ পৰাই দপদপাই আছিল ভাৰতীয় চিনেমাজগতত।
সেই অভিনেত্ৰীগৰাকীয়ে যিমানেই ধুনিয়া সিমানেই পাৰ্গত অভিনয়তো। পাছে জন্মগতভাৱে পোৱা সৌন্দৰ্য অৰু অধিক নিপুন-নিখুত কৰিবৰ বাবে কৰিছিল কেইবাটাও অস্ত্ৰোপচাৰ। এটা দুটা নহয় মুঠ ২৯ টা অস্ত্ৰোপচাৰ কৰিছিল ।

আনকি মৃত্যুৰ পূৰ্বেও কৰাইছিল এক অস্ত্ৰোপচাৰ। যি অস্ত্ৰোপচাৰ দেখিলে সহজে অভিনেত্ৰীগৰাকীক চিনিব নোৱাৰি। সেই অভিনেত্ৰীগৰাকীয়েই হৈছে হৱা হৱাই শ্ৰী দেৱী।

শ্ৰী দেৱীৰ ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত চিৰ বিদায় মাগে। মৃত্যু পৰ্যন্ত তেখেতে ২৯ টা ফেচিয়েল চাৰ্জাৰী কৰে। ইয়াৰে ভিতৰত স্কিন চাৰ্জাৰী, চিলিকন ব্ৰেষ্ট চাৰ্জাৰী, বোটোক্স, বডী টংকিং, ফেচ লিফ্ট, নোজ চাৰ্জাৰী, লিপ চাৰ্জাৰী আদি । মৃত্যু কেইদিনমান পূৰ্বে তেখেতে লিপ চাৰ্জাৰী কৰাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















