কাইলৈ ২৯ জানুৱাৰী ২০২৫ বুধবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘী অমাবস্যা তিথি৷ কাইলৈ সন্ধিয়া ৬ বাজি ৫ মিনিট পৰ্যন্ত অমাবস্যা তিথি থাকিব৷ তাৰপাছতেই মাঘৰ শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সিদ্ধি যোগ আৰু ব্যাতিপত যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে থাকিব উত্তৰ আষাঢ় আৰু পাছত শ্ৰৱণা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ শ্ৰৱণা নক্ষত্ৰৰ প্ৰভাৱত কোনো আত্মীয় বা প্ৰতিবেশীৰ পৰা খুব ভাল কোনো খবৰ আহিব পাৰে মেষ ৰাশিৰ জাতকৰ৷ ইয়াৰ ফলত আপোনাৰ মন কাইলৈ আনন্দেৰে পৰিপূৰ্ণ হৈ থাকিব৷ বিৰোধীসকলে আপোনাক জব্দ কৰাৰ বাবে নানান ধৰণৰ চক্ৰান্ত কৰিলেও বিৰোধীসকলৰ এই চেষ্টা ব্যৰ্থ কৰি দিব আপুনি৷ বৰং আপোনাৰ শত্ৰুৱেই নিজৰ মাজত যুঁজ কৰিব পাৰে৷
সিংহ ৰাশি
কাইলৈ কোনো সামাজিক কামত সক্ৰিয়ভাৱে অংশ ল’ব পাৰে সিংহ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত সমাজত জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বৃদ্ধি পাব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ গণেশৰ কৃপাত আত্মবিশ্বাসেৰে তুংগত থাকিব সিংহ ৰাশিৰ জাতক৷ জীৱনসংগীৰ সৈতে কোনো বিষয়ত মনোমালিন্য হ’লে কাইলৈ দূৰ হ’ব৷ কোনো সুন্দৰ স্থানত কাইলৈ পঢ়িবলৈ যাব পাৰে৷
কন্যা ৰাশি
সিদ্ধি যোগৰ শুভ প্ৰভাৱত কাইলৈ ৭ জুন সম্পদ বৃদ্ধিৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ স্বাস্থ্য খুব ভালে নাথাকিব পাৰে৷ অৱশ্যে মোটা আৰ্থিক লাভ হ’ব পাৰে কন্যা ৰাশিৰ জাতকৰ৷ নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক৷ কাইলৈ আপুনি নিজৰ সন্তানৰ ভৱিষ্যৎ সম্পৰ্কিত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ