কঠোৰ পৰিশ্ৰমেৰে নিজৰ সপোন বাস্তৱত পৰিণত কৰিব পাৰি, তাৰেই উদাহৰণ দাঙি ধৰিছে শিৱসাগৰৰ তিনি যুৱকে। দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ ‘জেইলাৰ ২’ ছবিত ফাইটাৰ হিচাপে কাম কৰাৰ সুযোগ লাভ কৰি এতিয়া চৰ্চালৈ আহিছে বৰুন বৰুৱা, দিগন্ত পাংগিং আৰু বিকিৰণ ফুকন। ছবিখনত কাম কৰাৰ অভিজ্ঞতাৰ পৰা আৰম্ভ কৰি ছুপাৰষ্টাৰসকলৰ সৈতে হোৱা সাক্ষাতলৈকে বিভিন্ন কথা অসম Live24ৰ কেমেৰাৰ সন্মুখত ব্যক্ত কৰে যুৱক তিনিজনে।
চিনেমাৰ জগতখনত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাটো বহু যুৱকৰ সপোন। বিশেষকৈ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰসকলৰ সৈতে একেখন ছবিত কাম কৰাৰ সুযোগ লাভ কৰাটো সহজ কথা নহয়। কিন্তু নিজৰ ইচ্ছাশক্তি, পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে এই সপোন বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ তিনি যুৱক।
বৰুন বৰুৱা, দিগন্ত পাংগিং আৰু বিকিৰণ ফুকন নামৰ যুৱক তিনিজনে ছুপাৰষ্টাৰ ৰজনীকান্ত অভিনীত ‘জেইলাৰ ২’ ছবিখনত ফাইটাৰ হিচাপে কাম কৰাৰ সুযোগ লাভ কৰে। ছবিখনত তেওঁলোকৰ এই অংশগ্ৰহণে কেৱল তেওঁলোকৰ নিজৰ বাবেই নহয়, অসমৰ যুৱপ্ৰজন্মৰ বাবেও এক আশাৰ বতৰা কঢ়িয়াই আনিছে।
শেহতীয়াকৈ অসম Live24ৰ কেমেৰাৰ সন্মুখত উপস্থিত হৈ যুৱক তিনিজনে ‘জেইলাৰ ২’ ছবিখনত কাম কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰে। ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত লাভ কৰা অভিজ্ঞতা, ৰজনীকান্তৰ ব্যক্তিত্ব আৰু চলচ্চিত্ৰ জগতৰ কাম-কাজৰ বিষয়ে তেওঁলোকে বিভিন্ন কথা প্ৰকাশ কৰে।
জানিব পৰা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৩০০০ যুৱকৰ মাজত অনুষ্ঠিত অডিচনৰ জৰিয়তে ‘জেইলাৰ ২’ ছবিখনত কাম কৰাৰ সুযোগ লাভ কৰিছিল তেওঁলোকে। ইমান বৃহৎ সংখ্যক প্ৰতিযোগীৰ মাজৰ পৰা নিৰ্বাচিত হোৱাটো তেওঁলোকৰ বাবে এক উল্লেখযোগ্য সফলতা। চলচ্চিত্ৰ জগতত নিজৰ স্থান গঢ়ি তোলাৰ বাবে যে প্ৰতিভাৰ লগতে ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰো প্ৰয়োজন, এই অভিজ্ঞতাই সেই কথাকে প্ৰতিফলিত কৰিছে। উল্লেখ্য যে, বৰুন বৰুৱা, দিগন্ত পাংগিং আৰু বিকিৰণ ফুকনে কেৱল ‘জেইলাৰ ২’তেই নহয়, দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডৰ কেইবাখনো ছবিত কাম কৰাৰ সুযোগ লাভ কৰিছে।
‘জেইলাৰ ২’ ছবিখনত কাম কৰাৰ সময়ত ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে হোৱা অভিজ্ঞতাই যুৱক তিনিজনক বিশেষভাৱে আপ্লুত কৰিছে। চলচ্চিত্ৰ জগতত বিশাল জনপ্ৰিয়তা আৰু সুনাম অৰ্জন কৰাৰ পিছতো ৰজনীকান্তৰ ব্যৱহাৰ আৰু ব্যক্তিত্বই তেওঁলোকৰ মন জয় কৰিবলৈ সক্ষম হয়। যুৱক তিনিজনৰ মতে, ৰজনীকান্তৰ দৰে এগৰাকী ছুপাৰষ্টাৰৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰাটো তেওঁলোকৰ বাবে এক বিশেষ অভিজ্ঞতা। তেওঁৰ ব্যৱহাৰ আৰু ব্যক্তিত্বৰ পৰা তেওঁলোকে বহু কথা শিকিবলৈ পাইছে। চলচ্চিত্ৰ জগতত কাম কৰাৰ সূত্ৰে বৰুন, দিগন্ত আৰু বিকিৰণে কেইবাগৰাকীও জনপ্ৰিয় অভিনেতাক লগ পোৱাৰ সুযোগ লাভ কৰিছে। ৰজনীকান্তৰ উপৰি ঋত্বিক ৰোশন, মিঠুন চক্ৰৱৰ্তী আৰু বিদ্যা বালনৰ দৰে তাৰকাক লগ পাই তেওঁলোক যথেষ্ট অভিভূত হোৱা বুলি জানিবলৈ দিয়ে।
যুৱক তিনিজনে কয় যে, এই তাৰকাসকলে নিজৰ অভিনয় আৰু প্ৰতিভাৰ জৰিয়তে কোটি কোটি অনুৰাগীৰ হৃদয় জয় কৰিছে। তথাপি তেওঁলোকৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ মাজত থকা সৰলতাই বিশেষভাৱে আকৰ্ষিত কৰে। তেওঁলোকৰ মতে, বলিউডৰ বহু ছুপাৰষ্টাৰ বাস্তৱ জীৱনত অতি সহজ-সৰল আৰু মাটিৰ মানুহ। জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱাৰ পিছতো তেওঁলোকৰ এই সৰল মনোভাৱে যুৱক তিনিজনক মুগ্ধ কৰিছে।
শিৱসাগৰৰ এই তিনি যুৱকৰ চলচ্চিত্ৰ যাত্ৰা ‘জেইলাৰ ২’তে সীমাবদ্ধ হৈ থকা নাই। তেওঁলোকৰ ভাষ্য অনুসৰি, দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডৰ কেইবাখনো ছবিত ফাইটাৰ হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছে। বাহুবলীখ্যাত প্ৰভাস অভিনীত ‘ফৌজী’ আৰু ‘স্পিৰিট’, জুনিয়ৰ NTR অভিনীত ‘ড্ৰেগন’, ছলমান খান অভিনীত ‘গালৱান’ আৰু হৰ্ষৱৰ্ধন অভিনীত ‘চিলা’ নামৰ ছবিতো তেওঁলোকে ফাইটাৰ হিচাপে পৰ্দাত ভূমুকি মৰাৰ সুযোগ লাভ কৰা বুলি জানিবলৈ দিয়ে।
এই ছবিসমূহত কাম কৰাৰ অভিজ্ঞতাই তেওঁলোকৰ চলচ্চিত্ৰ জগতৰ যাত্ৰাক অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিছে। বিভিন্ন ভাষাৰ ছবিত কাম কৰাৰ জৰিয়তে তেওঁলোকে চলচ্চিত্ৰ নিৰ্মাণৰ বিভিন্ন দিশৰ সৈতে পৰিচিত হোৱাৰ লগতে নতুন অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















