৩ ছেপ্টেম্বৰ ২০২৪ মঙলবাৰে চন্দ্ৰই সিংহৰ ৰাশি সূৰ্যত প্ৰৱেশ কৰিব৷ এতিয়া সেই স্থানতেই অৱস্থান কৰিছে সূৰ্যই৷ ফলত কাইলৈ চন্দ্ৰ আৰু সূৰ্যৰ যুঁটি গঠন কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সাধ্য যোগ আৰু সিদ্ধ যোগৰ শুভ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰথমে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পাছত উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন তোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য থাকিব? জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ ৩ ছেপ্টেম্বৰ শুভ দিন হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি যি কামতেই হাত দিয়ে তাতেই সফলতা পাব৷ নিজৰ সকলো কামত কাইলৈ মনোযোগ দিয়ক৷ ধ্যান আৰু যোগ ব্যায়াম কৰি নিজৰ মানসিক জোৰেৰে মনঃসংযোগ বঢ়াব পাৰে মিথুন ৰাশিৰ জাতকে৷ আয় বঢ়াৰ সৈতে কাইলৈ সমাজত প্ৰতিপত্তিও বাঢ়িব৷
সিংহ ৰাশি
কাইলৈ দিনটো বজৰংবলীৰ কৃপাত দুৰ্দান্ত হ’ব সিংহ ৰাশিৰ জাতকৰ৷ নিজৰ উপাৰ্জন বৃদ্ধিৰ বাবে কাইলৈ বহু সময় আৰু এনাৰ্জি ব্যয় কৰিব আপুনি৷ সন্ধিয়াৰ পাছত বন্ধুৰ সৈতে ভাল সময় কটাব৷ কাইলৈ কঠোৰ পৰিশ্ৰমৰ জোৰত সাফল্য লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত সাফল্যৰ শীৰ্ষত উঠাৰ সুযোগ পাব৷ কাৰ্যালয়ত মেনেজমেণ্টে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷
তুলা ৰাশি
কাইলৈ সাধ্য যোগৰ শুভ ফল পাব তুলা ৰাশিৰ জাতকে৷ কাইলৈ কিছু চেলেঞ্জে আপোনাৰ সন্মুখত আহিলে সফলভাৱে এই সকলো চেলেঞ্জৰ মোকাবিলা কৰিব পাৰে আপুনি৷ কাইলৈ ঘৰত বেছ আনন্দেৰে সময় কটাব৷ নিজৰ ব্যৱসায়ক আৰু আগুৱাই নিয়াৰ সুযোগ পাব৷ প্ৰেম জীৱন বেছ সুখৰ হ’ব তুলা ৰাশিৰ জাতকে৷ সংগীৰ পৰা প্ৰয়োজনীয় সাহায্য পাব৷
ধনু ৰাশি
সিদ্ধ যোগৰ শুভ প্ৰভাৱ থাকিব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ দিনটো বেছ আৰামেৰে কটাব আপুনি৷ ঘৰত বিশেষ খানাৰ আয়োজন চলিব পাৰে৷ সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷ নতুন কোনো প্ৰকল্পত কাইলৈ বিনিয়োগ কৰিব পাৰে৷ পৰিয়ালৰ সৈতে কৰোবাত ফুৰিবলৈ যাব পাৰে৷ কাৰ্যালয়ত আপোনাৰ পদোন্নতি আৰু বেতনবৃদ্ধি হ’ব পাৰে৷ সকলো কামেই কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷
কুম্ভ ৰাশি
কাইলৈ ৩ ছেপ্টেম্বৰ মঙলবাৰে পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ শুভ প্ৰভাৱত লাভজনক দিন কটাব কুম্ভ ৰাশিৰ জাতকে৷ কাইলৈ বেছ কিছু অতিৰিক্ত অৰ্থলাভৰ সম্ভাৱনা আছে৷ কাৰ্যালয়ৰ পৰিস্থিতি আপোনাৰ বাবে অনুকূল থাকিব৷ পৰিয়ালৰ সৈতে কাইলৈ বেছ আনন্দৰ দিন কটাব কুম্ভ ৰাশিৰ জাতকে৷ পুৰণি কোনো অসুখ থাকিলে এইবাৰ দূৰ হ’ব৷ মনত সুখ আৰু আনন্দ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ