১টা ২টা নহয়, একেলগে ৩টা বিশ্ব অভিলেখৰ গৰাকী শুভমন গিল
ভাৰতীয় দলে ইংলেণ্ডক ৬০৮ ৰানৰ লক্ষ্য দি দ্বিতীয়খন টেষ্ট মেচত আগবাঢ়ি আছে। ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে এই দ্বিতীয়খন মেচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। প্ৰথম ইনিংছত ২৬৯ ৰান আৰু দ্বিতীয় ইনিংছত ১৬১ ৰান সংগ্ৰহ কৰি দ্বৈত শতক অৰ্জন কৰে।
প্ৰথম ইনিংছত ভাল বেটিং কৰি শুভমান গিলে ৩৮৭ বলত মুঠ ২৬৯ ৰান সংগ্ৰহ কৰে। শুভমনৰ এই ইনিংছত ৩০টা চাৰি আৰু তিনিটা ছয় কোবাই। শুভমনৰ এই ইনিংছৰ বাবেই টিম ইণ্ডিয়াই প্ৰথম ইনিংছত ৫৮৭ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পাছত দ্বিতীয় ইনিংছতো জিলিকি উঠে শুভমন। শুভমনে বেটিং কৰি ১৬১ ৰান সংগ্ৰহ কৰে। পাছে এই শতকিয় ইনিংছ খেলি শুভমনে একেলগে কেইবাটাও ৰেকৰ্ডৰ গৰাকী হয়।
একেখন টেষ্ট মেচতে দ্বি-শতক আৰু ১৫০+ ৰানৰ ইনিংছ অৰ্জন কৰা ক্ৰিকেট জগতৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে শুভমান গিল। তেওঁৰ পূৰ্বে ক্ৰিকেট জগতৰ কোনেও এই কাম কৰিব পৰা নাছিল। এতিয়া শক্তিশালী বেটিঙেৰে নিজৰ নামত এই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে শুভমনে।
ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচখনত শুভমন গিলে মুঠ ৪৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ লগে লগে তেওঁ নন অ’পেনাৰ হিচাপে টেষ্ট মেচত সৰ্বাধিক ৰান সংগ্ৰহৰ বিশ্ব অভিলেখো গঢ়ি তোলে। শুভমন পূৰ্বে নন অ’পেনাৰ হিচাপে টেষ্ট মেচত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছিল কুমাৰ ছাংগাকাৰাৰ নামত। ২০১৪ চনত বাংলাদেশৰ বিৰুদ্ধে এখন টেষ্ট মেচত তেওঁ ৪২৪ ৰান সংগ্ৰহ কৰিছিল ছাংগাকাৰাই।
৪ নম্বৰত বেটিং কৰি টেষ্ট মেচত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে শুভমন গিল। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ গ্ৰেগ চেপেলৰ নামত। ১৯৭৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচখনত চেপেলে মুঠ ৩৮০ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও টেষ্ট মেচত ৪ নম্বৰত বেটিং কৰি ৪০০+ ৰান সংগ্ৰহ কৰা একমাত্ৰ বেটছমেন গিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ