অসম লাইভ২৪ঃ এইবাৰৰ দুৰ্গাপূজা আৰু নৱৰাত্ৰি বিশেষ। কাৰণ প্ৰায় ৩০ বছৰ পাছত দুৰ্গা পূজাত পৰিছে তিনিটা বিশেষ যোগ। ১৫ অক্টোবৰ প্ৰতিপদ তিথিৰ পৰাই আৰম্ভ হ’ব পূজা। দুৰ্গাপূজাৰ সময়ত এই বছৰ অতি শুভ বুধাদিত্য, আৰু ভাদ্ৰ ৰাজযোগৰ প্ৰভাৱ থাকিব। এইবাৰ দুৰ্গাপূজাত সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত বুধাদিত্য ৰাজযোগ তৈয়াৰ হ’ব। বুধে স্বৰাশিত থাকি ভদ্ৰ ৰাজযোগ তৈয়াৰ কৰিব। শনিৰ স্বৰাশিত কুম্ভৰ অৱস্থানে শ শ ৰাজযোগ তৈয়াৰ কৰিব। ৩০ বছৰ পাছত তৈয়াৰ হৈছে এই তিনিটা ৰাজযোগ। যাৰফলত দুৰ্গাপূজাৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। ইয়াৰফলত ৫ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হ’ব। কাৰ কাৰ ওপৰত দেৱী দূৰ্গাৰ আশীৰ্বাদ থাকিব?
মেষ ৰাশি
দুৰ্গা পূজাৰ এই বিশেষ যোগৰ ফলত মেষ ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হ’ব। এই সময়ত আপোনাৰ ঘৰ আৰু সম্পত্তি ক্ৰয়ৰ যোগ আছে। ইয়াৰোপৰি মাটি-সম্পত্তিৰ অন্যান্য কামতো লাভাম্বিত হ’ব। কৰ্মক্ষেত্ৰত কোনো উচ্চপদ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিৰ ভাল প্ৰস্তাৱ লাভ কৰিব মেষ ৰাশিৰ জাতকে। ব্যৱসায়ীসকলে আকস্মিক ধন লাভ কৰিব পাৰে। যাত্ৰাৰ প্ৰৱল সম্ভাৱনা আছে। এই যাত্ৰা আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব। দুৰ্গাৰ আশীৰ্বাদত লগ্নি কৰিলে ভাল লাভ অৰ্জন কৰিব পাৰিব।
বৃষ ৰাশি
এই তিনি ৰাজযোগত বৃষ ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা আহিব। এই ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। এই সময়ত আপোনাৰ ফচি থকা টকা ঘূৰাই পাব। পৰিয়ালত সুখ সমৃদ্ধি বাঢ়িব। বৃষ ৰাশিৰ চাকৰীয়াল জাতকে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। সন্তানৰ পৰা সু-সংবাদ লাভ কৰিব। সন্তানে চাকৰি লাভ কৰাৰ সম্ভাৱনা।
কৰ্কট ৰাশি
বুধাদিত্য আৰু ভদ্ৰ ৰাজযোগৰ ফলত কৰ্কট ৰাশিৰ জাতকসকলৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব। ইয়াৰোপৰি আপোনাৰ সমস্ত কাম সম্পন্ন হ’ব। ইচ্ছাপূৰণ হ’ব কৰ্কট ৰাশিৰ জাতকৰ। কৰ্কট জাতকসকলে নতুন কামৰ পৰিকল্পনা কৰিলে সফলতা লাভ কৰিব। সমাজত আপোনাৰ মান-সন্মান বৃদ্ধি পাব। বন্ধুৰ সহায়ত একাধিক ৰৈ যোৱা কাম সম্পন্ন হ’ব। বিদেশ যাত্ৰাৰো যোগ আছে। দুৰ্গাৰ আশীৰ্বাদত গুৰুত্বপূৰ্ণ পৰিকল্পনাত সফলতা লাভ কৰিব।
মকৰ ৰাশি
তিনিটা ৰাজযোগৰ প্রভাৱত মকৰ ৰাশিৰ জাতকে শুভ সময় কটাব। আনকি দুৰ্গা পূজাৰ মাজত কোনো সু-সংবাদ লাভ কৰিব। কেৰিয়াৰত উন্নতিৰ যোগ আছে। লোহাৰ ব্যৱসায়ীসকলে দ্বিগুণ মুনাফা অৰ্জন কৰিব। চাকৰিয়ালৰ পদোন্নতিৰ যোগ। দৰমহা বৃদ্ধিৰ যোগ আছে। নিজৰ কামত মনোনিবেশ কৰক। স্বাস্থ্যৰ যত্ন ৰাখিব।
তুলা ৰাশি
দুৰ্গা পূজাৰ সময়ত এই ৰাশিৰ জাতকৰ সফলতাৰ যোগ আছে। আপোনাৰ সমস্ত মনোকামনা পূৰণ হ’ব। একাধিক উৎসৰ পৰা অৰ্থ লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। স্বাস্থ্য ভালে থাকিব। পৈতৃক সম্পত্তি সংক্ৰান্তীয় বিবাদৰ অন্ত পৰিব। সোন ক্ৰয়ৰো যোগ আছে। পৰিয়ালৰ সৈতে ভাল সময় কটাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ