অসম লাইভ২৪ঃ কা’ আন্দোলনৰ দুবছৰ। বৰ্তমান কা আন্দোলনৰ উকমুকনি অসমত নাই যদিও এখন বিশেষ ফটোক লৈ তোলপাৰ সামাজিক মাধ্যম। পুৱাৰে পৰাই সামাজিক মাধ্যমত ভাইৰেল হৈছে বিশেষ ফটোখন। ফটোখন কণ্ঠশিল্পী জুবিন গাৰ্গৰ। কা’ আন্দোলনৰ বাবে সমূহ ৰাজ্যবাসীকে দুবছৰ পূৰ্বে আজিৰ দিনটোতেই লতাশিল খেলপথাৰলৈ আন্দোলনৰ বাবে ওলাই আহিবলৈ আহ্বান জনাইছিল জুবিনে।
২০১৯ চনৰ আজিৰ দিনটোতে স্তব্ধ হৈ পৰিছিল মহানগৰ। লতাশিল খেলপথাৰত আন্দোলন অব্যাহত থকাৰ মাজত তোলা এখন ফটো জুবিন গাৰ্গে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। ফটোখনত কেৱল জুবিনেই আছে এনে নহয়। একাংশ আন্দোলনকাৰীৰ সৈতে তোলা ফটোখন শ্বেয়াৰ কৰাই নহয়, জুবিনে ফটোখনৰ সৈতে ভূপেন হাজৰিকাৰো এখন ফটো যোগ কৰিছে। য’ত ভূপেন হাজৰিকাই ১৯৭৯ ত হোৱা অসম আন্দোলনত আন্দোলন কৰিবলৈ ওলাই আহিছিল। তাৰ পাছতেই ২০১৯ চন, মাজত ৪০ টা বছৰ। ৪০ বছৰৰ অন্তত আকৌ এবাৰ আন্দোলনে কঁপোৱা অসমত জাতিটোৰ সন্মুখত থিয় দিছে জুবিন গাৰ্গে।
উল্লেখ্য যে জুবিনে শ্বেয়াৰ কৰা ফটোখন দেখা মাত্ৰকেই নেট দুনীয়াত চৰ্চা। নিজেই নিজৰ প্ৰশংসা কৰিছে জুবিনে। জাতিৰ সংকটকালত জুবিনে সেইদিনা থিয় দিছিল কিন্তু সেই আন্দোলনে পূৰ্ণতা পালেনে? এই বিভিন্ন বিষয়ক লৈ সামাজিক মাধ্যমত নেটিজেনে চৰ্চা চলোৱা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ