অসম লাইভ২৪ঃ অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ প্ৰেমত হাবুডুবু এজন ৪৭ বছৰীয়া শিক্ষক। ১৩ বছৰীয়া ছাত্ৰীক উদ্দেশ্যি এখন দিঘলীয়া প্ৰেমপত্ৰও লিখিছে শিক্ষকে। তাৰ পাছতেই অথন্তৰ। কণমানি নাবালিকাই সেই প্ৰেমপত্ৰ পিতৃ-মাতৃৰ হাতত তুলি দিয়ে। ঘটনাটো উত্তৰপ্ৰদেশৰ কনৌজৰ। শিক্ষকগৰাকীৰ বিৰুদ্ধে শনিবাৰে এজাহাৰ দাখিল কৰিছে নাবালিকাৰ পিতৃয়ে। শ্লীলতাহানিৰ অভিযোগ তুলি পিতৃয়ে দাখিল কৰিছে এজাহাৰ।
উল্লখ্য যে চিঠিখনত শিক্ষকে নাবালিকাক উদ্দেশ্যি লিখিছে যে তেওঁ ছাত্ৰীগৰাকীক ভালপায়। বিদ্যালয়লৈ কেইদিনমান নগ’লেই তাইৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰে। বিদ্যালয়ত নহাৰ সময়ছোৱাত যাতে তেওঁৰ সৈতে পোনপটিয়াকৌ ফোনযোগে সম্পৰ্ক ৰক্ষা কৰে। স্কুল ছুটীৰ পাছতো যাতে তেওঁক এবাৰ লগ কৰে। তলত নিজৰ নামো উল্লেখ কৰিছে চিকিৎসকগৰাকীয়ে।
শিক্ষকগৰাকীৰ এই চিঠি লাভ কৰা মাত্ৰকেই পিতৃ-মাতৃয়ে আৰক্ষীৰ কাষ চাপিছে। শিক্ষকগৰাকীৰ সৈতেও নাবালিকাৰ পিতৃয়ে যোগাযোগ কৰা বুলি প্ৰকাশ কৰিছে। শিক্ষকেই এনে কাৰ্যকলাপ কৰিলে সমাজ কেনেকৈ ভাল হ’ব বুলিও ছাত্ৰীগৰাকীৰ পিতৃয়ে প্ৰশ্ন উত্থাপন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ