নতুন বছৰৰ পহিলা দিনটোতে ৫ টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ
নতুন বছৰত ৰাজ্যবাসীৰ বাবে ৫ টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। নতুন বৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন সংবাদমেল । এই সংবাদমেলতেই সদৰি কৰে কেইবাটাও ঘোষণা।
নতুনকৈ ৩০ লাখ মহিলাক ধন দিব চৰকাৰে।
২০২৫ চনৰ এইয়া সৰ্ববৃহৎ আঁচনি হিমন্ত চৰকাৰৰ।
প্ৰথম অৱস্থাত ১০ হাজাৰকৈ একাউন্টত সোমাব ৩০ লাখ মহিলাৰ
ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব দাইল আৰু চেনি
বিনামূলীয়া চাউল আৰু বজাৰতকৈ কম দামত দাইল, চেনি দিব চৰকাৰে
৩য়, ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে প’ৰ্টেল মুকলি।
এই প’ৰ্টেলৰ যোগেদি কৰ্মচাৰীয়ে মিউচিয়েল ট্ৰাঞ্চফাৰত স্বচ্ছতা আনিব।
প্ৰত্যেক বছৰে ১ জানুৱাৰীৰ পৰা ২৮জানুৱাৰীলৈ থাকিব mutual transfer ৰ সুবিধা।
mutual transferৰ ক্ষেত্ৰত প্ৰক্ৰিয়া computerized হ’ব। কোনো ব্যক্তিৰ হস্তাক্ষেপ নাথাকে।
ইয়াৰ উপৰি মিছন বসুন্ধৰাৰ ক্ষেত্ৰতো দিছে বিশেষ সুবিধা। এতিয়া মিছন বসুন্ধৰাৰ আৱেদনৰ শেষ সময়সীমা ১০ জানুৱাৰীলৈ বৃদ্ধি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ