বৈবাহিক জীৱনত প্ৰেমৰ পৰা আৰম্ভ কৰি বহু কথা জড়িত হৈ থাকে। বিবাহিত দম্পতীৰ বাবে ৰাতিপুৱাটো তেওঁলোকৰ সম্পৰ্ক শক্তিশালী আৰু উন্নত কৰাৰ এক বিশেষ সময়। মিঠা কথা-বতৰা আদান-প্ৰদান কৰা, ইজনে সিজনক সুপ্ৰভাত জনোৱা, চাহ বা কফি আনি দিয়া, আৰু কৃতজ্ঞতা প্ৰকাশ কৰা আদিয়ে দিনটো ইতিবাচকভাৱে আৰম্ভ কৰাত সহায় কৰিব পাৰে আৰু আৱেগিক সংযোগ বৃদ্ধি কৰিব পাৰে।
কি কি কৰিব?
- এটি হাঁহিৰে আৰম্ভণি- ৰাতিপুৱা সাৰ পাই ইজনে সিজনক সাৱটি ধৰিব বা মৰম আৰু হাঁহিৰে দিনটো আৰম্ভ কৰিব।
- কথা পতা- পুৱা ইজনে-সিজনৰ লগত দিনটোৰ সৰু সৰু পৰিকল্পনাবোৰৰ বিষয়ে আলোচনা কৰক।
- ফোনৰ পৰা দূৰত্ব- পুৱা সাৰ পাই ফোন চোৱাত ব্যস্ত হৈ নপৰিব। ফোনে দুয়োৰে মাজত ব্যৱধান বৃদ্ধি কৰিব পাৰে।
- একেলগে সময় কটাওক: টোপনিৰ পৰা উঠি কেইমিনিটমান একেলগে চাহ বা কফি খাওক।
- সন্মান আৰু ৰোমাঞ্চ: ইজনে সিজনৰ প্ৰয়োজন আৰু দায়বদ্ধতাক সন্মান কৰক, যিটো সম্পৰ্কৰ শক্তিশালীতাৰ বাবে অতি প্ৰয়োজনীয়।
অস্বীকাৰ: এই বাতৰিত প্ৰকাশিত তথ্য সামাজিক মাধ্যমত পোৱা আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 এ ইয়াক সমৰ্থন নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














