• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

2 months ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

54 minutes ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

2 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

3 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

4 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

5 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

5 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

7 hours ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

20 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

20 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

20 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ৰাছিয়ান সেনাৰ কবলত আৰু কিমানজন ভাৰতীয় আছে?

editor by editor
September 3, 2026
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়ান সেনাত যোগ দিয়া ভাৰতীয় নাগৰিকসকলক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ভাৰত চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাছিয়ান সশস্ত্ৰ বাহিনীত নিয়োগ কৰা ২২৭ গৰাকী ভাৰতীয় নাগৰিকৰ ভিতৰত ৫১ গৰাকীৰ ইতিমধ্যে মৃ*ত্যু হৈছে। আনহাতে, ১৩৯ গৰাকী ভাৰতীয়ক ৰাছিয়ান সেনাৰ পৰা ডিচাৰ্জ কৰি উলিয়াই অনা হৈছে। বাকী থকা লোকসকলকো সোনকালে দেশলৈ ঘূৰাই অনাৰ বাবে ৰাছিয়াৰ সৈতে ভাৰত চৰকাৰৰ আলোচনা অব্যাহত আছে।

এই ঘটনাৰ আঁৰত মূলতঃ বিদেশত অধিক দৰমহাৰ চাকৰিৰ প্ৰলোভনৰ অভিযোগ আছে। বিভিন্ন সময়ত ভাৰতীয় যুৱকক ৰাছিয়াত ভাল দৰমহাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি লৈ যোৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। কিন্তু ৰাছিয়াত উপস্থিত হোৱাৰ পিছত কিছুমান লোকক ৰাছিয়ান সেনাত সহায়ক বা আন কামত নিয়োগ কৰা হয় আৰু পিছত যুদ্ধক্ষেত্ৰলৈ পঠিওৱা হয় বুলি ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ অভিযোগ। ভাৰত চৰকাৰেও নাগৰিকসকলক এনে সন্দেহজনক বিদেশী চাকৰিৰ প্ৰস্তাৱৰ পৰা সাৱধান হ’বলৈ একাধিকবাৰ সকীয়াই আহিছে।

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে ৩১ আগষ্টত এই তথ্য প্ৰকাশ কৰে। তেওঁৰ মতে, ভাৰত চৰকাৰৰ হাতত ৰাছিয়ান সশস্ত্ৰ বাহিনীত নিয়োগ হোৱা ২২৭ গৰাকী ভাৰতীয় নাগৰিকৰ তথ্য আছে। ইয়াৰে—
৫১ গৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে
১৩৯ গৰাকীক ৰাছিয়ান সেনাৰ পৰা ডিচাৰ্জ কৰা হৈছে
বাকীসকলৰ ক্ষেত্ৰত মুক্তি আৰু ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলি আছে। অৰ্থাৎ, চৰকাৰী হিচাপত এতিয়ালৈকে এই ঘটনাত মৃত্যু হোৱা ভাৰতীয়ৰ সংখ্যা ৫১ লৈ বৃদ্ধি পাইছে।

বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে কয় যে এই বিষয়টো ভাৰত আৰু ৰাছিয়াৰ মাজত বিভিন্ন পৰ্যায়ত একাধিকবাৰ উত্থাপন কৰা হৈছে। মস্কোত থকা ভাৰতীয় দূতাবাসে বিষয়টো নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে। ভাৰতৰ লক্ষ্য হৈছে ৰাছিয়ান সেনাত এতিয়াও থকা ভাৰতীয়সকলক যিমান সোনকালে সম্ভৱ সেৱাৰ পৰা মুক্ত কৰাই নিৰাপদে ভাৰতলৈ ঘূৰাই অনা।

ইয়াৰ আগতে জুলাই মাহতো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছিল যে ১৩৯ গৰাকী ভাৰতীয়ক ৰাছিয়ান সেনাৰ পৰা মুক্ত কৰা হৈছে আৰু প্ৰায় দুই ডজন ভাৰতীয় তেতিয়াও ৰাছিয়ান সামৰিক বাহিনীত থকা বুলি চৰকাৰে উল্লেখ কৰিছিল। বাকী লোকসকলৰ মুক্তিৰ বাবেও ৰাছিয়াৰ সৈতে যোগাযোগ চলি আছিল। কিন্তু পৰৱৰ্তী আপডেটত চৰকাৰৰ হাতত থকা মুঠ তালিকাৰ সংখ্যা ২২৭লৈ প্ৰকাশ পোৱাৰ লগতে ৫১ গৰাকী ভাৰতীয়ৰ মৃত্যুৰ তথ্য নিশ্চিত কৰা হয়।

এই বিষয়টো লৈ ইতিমধ্যে মৃত ভাৰতীয়সকলৰ পৰিয়ালৰ একাংশই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। মে’ মাহত কেন্দ্ৰই আদালতক জনাইছিল যে তেতিয়ালৈকে ২১৭ গৰাকী ভাৰতীয় ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ তথ্য আছিল; ইয়াৰে ১৩৯ জনক কূটনৈতিক প্ৰচেষ্টাৰে মুক্ত কৰা হৈছিল, ৪৯ জনৰ মৃত্যু হৈছিল, ৬ জন নিৰুদ্দেশ আৰু ২৩ জনৰ স্থিতি স্পষ্ট হোৱা নাছিল। পৰৱৰ্তী সময়ত এই সংখ্যা আৰু তথ্য আপডেট হৈছে আৰু বৰ্তমান চৰকাৰী হিচাপত ২২৭ জনৰ ভিতৰত ৫১ জনৰ মৃত্যুৰ কথা প্ৰকাশ পাইছে।

এই গুৰুত্বপূৰ্ণ তথ্যটো প্ৰকাশ পোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিছিল। বৈঠকত ইউক্ৰেইন যুদ্ধৰ বিষয়টোও গুৰুত্বসহকাৰে আলোচনা হয়। মোদীয়ে যুদ্ধৰ অন্ত পেলাই শান্তিৰ পথলৈ আগবাঢ়িবলৈ আহ্বান জনায়। এই পৰিপ্ৰেক্ষিতত ৰাছিয়ান সেনাত আবদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বিষয়টো ভাৰতৰ বাবে আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24russia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়
জীৱনশৈলী

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

November 1, 2026
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

November 1, 2026
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!
জীৱনশৈলী

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

November 1, 2026
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ
বাণিজ্য

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

November 1, 2026
Next Post
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.