• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

1 month ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

18 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

43 minutes ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

2 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

2 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

3 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

3 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

3 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

5 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

7 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

7 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

8 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ৰাছিয়ান সেনাৰ কবলত আৰু কিমানজন ভাৰতীয় আছে?

editor by editor
September 3, 2026
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
0
SHARES
404
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়ান সেনাত যোগ দিয়া ভাৰতীয় নাগৰিকসকলক লৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ভাৰত চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাছিয়ান সশস্ত্ৰ বাহিনীত নিয়োগ কৰা ২২৭ গৰাকী ভাৰতীয় নাগৰিকৰ ভিতৰত ৫১ গৰাকীৰ ইতিমধ্যে মৃ*ত্যু হৈছে। আনহাতে, ১৩৯ গৰাকী ভাৰতীয়ক ৰাছিয়ান সেনাৰ পৰা ডিচাৰ্জ কৰি উলিয়াই অনা হৈছে। বাকী থকা লোকসকলকো সোনকালে দেশলৈ ঘূৰাই অনাৰ বাবে ৰাছিয়াৰ সৈতে ভাৰত চৰকাৰৰ আলোচনা অব্যাহত আছে।

এই ঘটনাৰ আঁৰত মূলতঃ বিদেশত অধিক দৰমহাৰ চাকৰিৰ প্ৰলোভনৰ অভিযোগ আছে। বিভিন্ন সময়ত ভাৰতীয় যুৱকক ৰাছিয়াত ভাল দৰমহাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি লৈ যোৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। কিন্তু ৰাছিয়াত উপস্থিত হোৱাৰ পিছত কিছুমান লোকক ৰাছিয়ান সেনাত সহায়ক বা আন কামত নিয়োগ কৰা হয় আৰু পিছত যুদ্ধক্ষেত্ৰলৈ পঠিওৱা হয় বুলি ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ অভিযোগ। ভাৰত চৰকাৰেও নাগৰিকসকলক এনে সন্দেহজনক বিদেশী চাকৰিৰ প্ৰস্তাৱৰ পৰা সাৱধান হ’বলৈ একাধিকবাৰ সকীয়াই আহিছে।

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে ৩১ আগষ্টত এই তথ্য প্ৰকাশ কৰে। তেওঁৰ মতে, ভাৰত চৰকাৰৰ হাতত ৰাছিয়ান সশস্ত্ৰ বাহিনীত নিয়োগ হোৱা ২২৭ গৰাকী ভাৰতীয় নাগৰিকৰ তথ্য আছে। ইয়াৰে—
৫১ গৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে
১৩৯ গৰাকীক ৰাছিয়ান সেনাৰ পৰা ডিচাৰ্জ কৰা হৈছে
বাকীসকলৰ ক্ষেত্ৰত মুক্তি আৰু ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলি আছে। অৰ্থাৎ, চৰকাৰী হিচাপত এতিয়ালৈকে এই ঘটনাত মৃত্যু হোৱা ভাৰতীয়ৰ সংখ্যা ৫১ লৈ বৃদ্ধি পাইছে।

বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে কয় যে এই বিষয়টো ভাৰত আৰু ৰাছিয়াৰ মাজত বিভিন্ন পৰ্যায়ত একাধিকবাৰ উত্থাপন কৰা হৈছে। মস্কোত থকা ভাৰতীয় দূতাবাসে বিষয়টো নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে। ভাৰতৰ লক্ষ্য হৈছে ৰাছিয়ান সেনাত এতিয়াও থকা ভাৰতীয়সকলক যিমান সোনকালে সম্ভৱ সেৱাৰ পৰা মুক্ত কৰাই নিৰাপদে ভাৰতলৈ ঘূৰাই অনা।

ইয়াৰ আগতে জুলাই মাহতো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছিল যে ১৩৯ গৰাকী ভাৰতীয়ক ৰাছিয়ান সেনাৰ পৰা মুক্ত কৰা হৈছে আৰু প্ৰায় দুই ডজন ভাৰতীয় তেতিয়াও ৰাছিয়ান সামৰিক বাহিনীত থকা বুলি চৰকাৰে উল্লেখ কৰিছিল। বাকী লোকসকলৰ মুক্তিৰ বাবেও ৰাছিয়াৰ সৈতে যোগাযোগ চলি আছিল। কিন্তু পৰৱৰ্তী আপডেটত চৰকাৰৰ হাতত থকা মুঠ তালিকাৰ সংখ্যা ২২৭লৈ প্ৰকাশ পোৱাৰ লগতে ৫১ গৰাকী ভাৰতীয়ৰ মৃত্যুৰ তথ্য নিশ্চিত কৰা হয়।

এই বিষয়টো লৈ ইতিমধ্যে মৃত ভাৰতীয়সকলৰ পৰিয়ালৰ একাংশই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। মে’ মাহত কেন্দ্ৰই আদালতক জনাইছিল যে তেতিয়ালৈকে ২১৭ গৰাকী ভাৰতীয় ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ তথ্য আছিল; ইয়াৰে ১৩৯ জনক কূটনৈতিক প্ৰচেষ্টাৰে মুক্ত কৰা হৈছিল, ৪৯ জনৰ মৃত্যু হৈছিল, ৬ জন নিৰুদ্দেশ আৰু ২৩ জনৰ স্থিতি স্পষ্ট হোৱা নাছিল। পৰৱৰ্তী সময়ত এই সংখ্যা আৰু তথ্য আপডেট হৈছে আৰু বৰ্তমান চৰকাৰী হিচাপত ২২৭ জনৰ ভিতৰত ৫১ জনৰ মৃত্যুৰ কথা প্ৰকাশ পাইছে।

এই গুৰুত্বপূৰ্ণ তথ্যটো প্ৰকাশ পোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিছিল। বৈঠকত ইউক্ৰেইন যুদ্ধৰ বিষয়টোও গুৰুত্বসহকাৰে আলোচনা হয়। মোদীয়ে যুদ্ধৰ অন্ত পেলাই শান্তিৰ পথলৈ আগবাঢ়িবলৈ আহ্বান জনায়। এই পৰিপ্ৰেক্ষিতত ৰাছিয়ান সেনাত আবদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বিষয়টো ভাৰতৰ বাবে আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24russia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.