বিশ্বজুৰি মুছলমানৰ জনসংখ্যা খ্ৰীষ্টানতকৈ অধিক হোৱাৰ সম্ভাৱনাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। ২০৩৫ চনৰ ভিতৰত ইছলাম ধৰ্মাৱলম্বীৰ সংখ্যা খ্ৰীষ্টানতকৈ অধিক হ’ব পাৰে বুলি পিউ ৰিচাৰ্চ চেণ্টাৰৰ (Pew Research Center) এক নতুন অধ্যয়নত প্ৰকাশ পোৱাৰ পিছতে এই বিষয়টোক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ মাজতে আমেৰিকাৰ প্ৰাক্তন হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লাইন লিভিটে (Karoline Leavitt) খ্ৰীষ্টানসকলক অধিক সন্তান জন্ম দিবলৈ আৰু সন্তানক গীৰ্জাৰ ধৰ্মীয় পৰিৱেশত ডাঙৰ-দীঘল কৰিবলৈ আহ্বান জনাইছে।
কি ক’লে কেৰ’লাইন লিভিটে(Karoline Leavitt)?
১৯ নৱেম্বৰত সামাজিক মাধ্যম X-ত এটা পোষ্ট শ্বেয়াৰ কৰি কেৰ’লাইন লিভিটে লিখে, “বিবাহপাশত আবদ্ধ হওক, অধিক সন্তান জন্ম দিয়ক, তেওঁলোকক গীৰ্জাত ডাঙৰ-দীঘল কৰক আৰু আমেৰিকাক ভাল পাবলৈ শিকাওক।”
তেওঁৰ এই মন্তব্যৰ আঁৰত আছিল বিশ্বৰ ধৰ্মীয় জনসংখ্যাৰ পৰিৱৰ্তন সম্পৰ্কীয় এক অধ্যয়নৰ প্ৰতিবেদন। অধ্যয়নটোৰ মতে, আগন্তুক বছৰবোৰত বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় জনগোষ্ঠীৰ স্থান খ্ৰীষ্টান ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ পৰিৱৰ্তিত হোৱাৰ সম্ভাৱনা আছে।
২০৩৫ চনত মুছলমানৰ সংখ্যা হ’ব ২৫৭ কোটি!
পিউ ৰিচাৰ্চ চেণ্টাৰৰ শেহতীয়া জনসংখ্যা সম্পৰ্কীয় প্ৰক্ষেপণ অনুসৰি, ২০৩৫ চনৰ ভিতৰত বিশ্বজুৰি মুছলমানৰ সংখ্যা ২৫৭ কোটিলৈ বৃদ্ধি পাব পাৰে। আনহাতে, সেই সময়ছোৱাত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ সংখ্যা প্ৰায় ২৫২ কোটি হোৱাৰ সম্ভাৱনা আছে।
প্ৰতিবেদন অনুসৰি, ২০২০ চনত বিশ্বত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ সংখ্যা আছিল প্ৰায় ২২৭ কোটি। একে সময়তে মুছলমানৰ সংখ্যা আছিল প্ৰায় ২০২ কোটি। কিন্তু দুয়োটা ধৰ্মীয় জনগোষ্ঠীৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ মাজত পাৰ্থক্য থকাৰ বাবে ২০৩৫ চনত মুছলমানৰ সংখ্যা খ্ৰীষ্টানতকৈ অধিক হ’ব পাৰে বুলি অনুমান কৰা হৈছে।
জন্মৰ হাৰেই জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ
পিউ ৰিচাৰ্চ চেণ্টাৰৰ তথ্য অনুসৰি, ২০২০ৰ পৰা ২০২৫ চনৰ ভিতৰত মুছলমান মহিলাৰ প্ৰতি গড়ে ৩.১টা সন্তান জন্ম দিয়াৰ হাৰ আছিল। আনহাতে, খ্ৰীষ্টান মহিলাৰ ক্ষেত্ৰত এই হাৰ আছিল ২.৫টা। অন্যান্য ধৰ্মীয় গোটৰ মহিলাৰ ক্ষেত্ৰত গড় জন্মৰ হাৰ আছিল ১.৬টা সন্তান।
গৱেষকসকলৰ মতে, তুলনামূলকভাৱে অধিক জন্মৰ হাৰ আৰু মুছলমান জনগোষ্ঠীৰ কম বয়সীয়া জনসংখ্যাৰ গাঁথনিয়ে এই বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেৱল ধৰ্মান্তৰকৰণৰ বাবেই এই পৰিৱৰ্তন হোৱা নাই।
সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়া
কেৰ’লাইন লিভিটৰ এই মন্তব্যক লৈ সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই তেওঁৰ বক্তব্যক পাৰিবাৰিক মূল্যবোধ আৰু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি সমৰ্থন হিচাপে গ্ৰহণ কৰিছে। আনহাতে, একাংশই বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিত অধিক সন্তানৰ লালন-পালন, শিক্ষা, চিকিৎসা আৰু জীৱন-যাপনৰ ব্যয়ৰ বিষয়টো উত্থাপন কৰি তেওঁৰ মন্তব্যৰ সমালোচনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















