এক অপৰাধৰ অভিযোগত মাত্ৰ ১৫ বছৰ বয়সতে জে’ললৈ যাবলগীয়া হৈছিল এজন কিশোৰ। তাৰ পিছত পাৰ হৈ গ’ল ৪২টা বছৰ। জীৱনৰ বহু মূল্যৱান সময় কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত ন্যায় লাভ কৰিলে তেওঁ। প্ৰায় চাৰি দশক পুৰণি ধ*ৰ্ষণ আৰু হ*ত্যাৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে ঐতিহাসিক ৰায় প্ৰদান কৰি ব্ৰজপাল ওৰফে বেদপালক সকলো অভিযোগৰ পৰা দোষমুক্ত ঘোষণা কৰে। ১৯৮২ চনত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা। এগৰাকী আঠ বছৰীয়া কিশোৰীক ধ*ৰ্ষণ কৰি হ*ত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ সময়ত ব্ৰজপালৰ বয়স আছিল মাত্ৰ ১৫ বছৰ।
কি ঘটিছিল ১৯৮২ চনত?
প্ৰাপ্ত তথ্য অনুসৰি, এগৰাকী আঠ বছৰীয়া কিশোৰী সন্ধানহীন হোৱাৰ পিছত পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ সন্ধান আৰম্ভ কৰে। বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ অন্তত এখন পথাৰত কিশোৰীগৰাকীৰ মৃ*তদেহ উদ্ধাৰ কৰা হয়। ইফালে, ঘটনাৰ তদন্তৰ সময়ত আৰক্ষীৰ সন্দেহৰ আৱৰ্তলৈ আহে ১৫ বছৰীয়া ব্ৰজপাল ওৰফে বেদপাল। কাৰণ, কিশোৰীগৰাকীৰ মৃ*তদেহ উদ্ধাৰ হোৱা চুপাৰিৰ পথাৰখনৰ পৰা ব্ৰজপালক ওলাই অহা দেখা গৈছিল বুলি অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ ভিত্তিতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত পৰিস্থিতিগত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি নিম্ন আদালতে ব্ৰজপালক দোষী সাব্যস্ত কৰে আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
৪২ বছৰৰ পিছত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে ব্ৰজপালে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। দীৰ্ঘদিন ধৰি চলি থকা গোচৰটোৰ শুনানি গ্ৰহণ কৰি অৱশেষত এলাহাবাদ উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায় বাতিল কৰে। ন্যায়াধীশ সিদ্ধাৰ্থ ভাৰ্মা আৰু ন্যায়াধীশ জয় কৃষ্ণ উপাধ্যায়ৰ খণ্ড বিচাৰপীঠে ১৯৮৪ চনৰ ১৮ মে’ত গাজিয়াবাদৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে প্ৰদান কৰা শাস্তি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে ব্ৰজপালৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত আৰু বিশ্বাসযোগ্য প্ৰমাণ দাখিল কৰাত তদন্তকাৰী পক্ষ ব্যৰ্থ হৈছে। কেৱল অপৰাধস্থলীৰ ওচৰত কোনো ব্যক্তিক দেখা পোৱাৰ ভিত্তিত তেওঁক ইমান গুৰুতৰ অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিব নোৱাৰি বুলিও আদালতে স্পষ্ট কৰি দিয়ে।
পিতৃক খাদ্য দিবলৈ পথাৰলৈ গৈছিল ব্ৰজপাল
শুনানিৰ সময়ত প্ৰতিৰক্ষা পক্ষই এক গুৰুত্বপূৰ্ণ যুক্তি আগবঢ়ায়। তেওঁলোকৰ মতে, ঘটনাৰ দিনা ব্ৰজপালেও পথাৰলৈ গৈছিল যদিও তেওঁৰ উদ্দেশ্য আছিল পথাৰত কাম কৰি থকা পিতৃক খাদ্য যোগান ধৰা। অৰ্থাৎ, পথাৰত তেওঁৰ উপস্থিতিৰ আন এক স্বাভাৱিক কাৰণ আছিল। উচ্চ ন্যায়ালয়ে প্ৰতিৰক্ষা পক্ষৰ এই যুক্তি আৰু গোচৰটোৰ সকলো দিশ বিবেচনা কৰে। অভিযুক্তৰ বিৰুদ্ধে অপৰাধৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰিব পৰা পৰ্যাপ্ত প্ৰমাণ নথকাৰ বাবে আদালতে তেওঁক সন্দেহৰ সুবিধা প্ৰদান কৰে। অৱশেষত নিম্ন আদালতৰ দোষী সাব্যস্ত কৰাৰ ৰায় বাতিল কৰি ব্ৰজপাল ওৰফে বেদপালক সকলো অভিযোগৰ পৰা দোষমুক্ত ঘোষণা কৰা হয়।
মাত্ৰ ১৫ বছৰ বয়সতে আৰম্ভ হোৱা এই আইনী যুঁজৰ অন্ত পৰিল প্ৰায় ৪২ বছৰৰ পিছত। এই ঘটনাই ন্যায় ব্যৱস্থাত প্ৰমাণৰ গুৰুত্ব আৰু নিৰ্দোষ ব্যক্তিক দোষী সাব্যস্ত নকৰাৰ প্ৰয়োজনীয়তা পুনৰবাৰ চৰ্চালৈ আনিছে। এগৰাকী আঠ বছৰীয়া কিশোৰীৰ ধ*ৰ্ষণ আৰু হ*ত্যাৰ দৰে গুৰুতৰ অপৰাধৰ ন্যায় নিশ্চিত কৰাটো যেনেদৰে জৰুৰী, তেনেদৰে পৰ্যাপ্ত প্ৰমাণ অবিহনে কোনো ব্যক্তিক দোষী সাব্যস্ত নকৰাটোও ন্যায় ব্যৱস্থাৰ এক মৌলিক দায়িত্ব। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়ে সেই কথাকে পুনৰ স্পষ্ট কৰি তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















