• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫

মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫

2 minutes ago
কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

29 minutes ago
‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

1 hour ago
৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

2 hours ago
এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

3 hours ago
ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

10 hours ago
আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!

আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!

11 hours ago
ৰে’লত জোৰেৰে কথা পাতিলে সাৱধান, ভৰিব লাগিব জৰিমনা!

ৰে’লত জোৰেৰে কথা পাতিলে সাৱধান, ভৰিব লাগিব জৰিমনা!

11 hours ago
যোগী আদিত্যনাথৰ মাতৃৰ বিয়োগ, ৯১ বছৰ বয়সত ত্যাগ কৰে ইহসংসাৰ

যোগী আদিত্যনাথৰ মাতৃৰ বিয়োগ, ৯১ বছৰ বয়সত ত্যাগ কৰে ইহসংসাৰ

12 hours ago
ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

12 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

ডিচেম্বৰ মাহত ভাগ্য সলনি হ’ব এই ৫টা ৰাশিৰ! ধন-সম্পত্তি আৰু সফলতাৰ যোগ

13 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

কাইলৈ ভাগ্যৰ গতি সলনি হ’ব, ৫ ৰাশি পাব নতুন সুযোগ!

14 hours ago
অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

অকালতে মৃত্যু জনপ্ৰিয় অভিনতাৰ, বিনোদন জগতত শোকৰ ছাঁ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫

নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা!

editor by editor
November 21, 2026
in উত্তৰ-পূব, খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মণিপুৰত ভুৱা আৰু বিষাক্ত সুৰা সেৱনৰ ফলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিষাক্ত সুৰা পান কৰি ইতিমধ্যে ১৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৮০জনতকৈ অধিক লোক অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। ৰাজ্যখনৰ চাণ্ডেল জিলাৰ চাকপিক্ৰং মহকুমা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাই সমগ্ৰ মণিপুৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি ৰাজ্য চৰকাৰে জৰুৰীকালীন স্বাস্থ্যসেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে ভুৱা সুৰা প্ৰস্তুত আৰু বিতৰণৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে।

এই ঘটনাৰ পিছতে শুকুৰবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনম খেমচান্দ সিঙে লামফেলপাটৰ শ্বিজা হাস্পতাল আৰু চাজিৱাৰ বাবিনা হাস্পতাল পৰিদৰ্শন কৰে। দুয়োখন চিকিৎসালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসাধীন ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসা ব্যৱস্থাৰো পৰ্যালোচনা কৰে।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা তথ্য অনুসৰি, শ্বিজা হাস্পতালত ১৪০জনতকৈ অধিক আৰু বাবিনা হাস্পতালত ৪১জনতকৈ অধিক ৰোগীক ভৰ্তি কৰোৱা হৈছে। তেওঁ কয় যে চিকিৎসকসকলে ৰোগীসকলক নিৰন্তৰ নিৰীক্ষণ কৰি আছে। দুয়োখন চিকিৎসালয়ৰ কৰ্তৃপক্ষক ৰোগীসকলক উন্নত চিকিৎসা সেৱা আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে।

তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, দোষীয়ে পাব কঠোৰ শাস্তি

বিষাক্ত সুৰা সেৱনৰ ফলত হোৱা এই ঘটনাক গুৰুত্বসহকাৰে লৈছে মণিপুৰ চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ইয়াৰ সৈতে জড়িত দোষীসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে। তেওঁ জানিবলৈ দিয়ে যে বিশেষজ্ঞ চিকিৎসকৰ নেতৃত্বত এটা চিকিৎসকৰ দল অত্যাৱশ্যকীয় ঔষধ আৰু চিকিৎসা সামগ্ৰীসহ চাণ্ডেল জিলালৈ প্ৰেৰণ কৰা হৈছে। আক্ৰান্ত লোকসকলক উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে অঞ্চলটোত স্বাস্থ্যসেৱাৰ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে, অসুস্থ লোকসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে মৃত্যুক সাবটি লোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এতিয়াও সংকটজনক কেইবাজনো

আৰক্ষীৰ তথ্য অনুসৰি, বিষাক্ত সুৰা সেৱনৰ ফলত অসুস্থ হোৱা অধিকাংশ লোকেই আদবয়সীয়া পুৰুষ। সুৰা সেৱনৰ পিছতে তেওঁলোকৰ পেটৰ তীব্ৰ বিষ, মূৰ ঘূৰোৱা আৰু উশাহ-নিশাহ লোৱাত অসুবিধাকে ধৰি বিভিন্ন শাৰীৰিক সমস্যা দেখা দিয়ে। হঠাতে বৃহৎ সংখ্যক ৰোগী চিকিৎসালয়ত উপস্থিত হোৱাত শ্বিজা হাস্পতালত যথেষ্ট চাপৰ সৃষ্টি হয়। হাস্পতালখনৰ যুটীয়া পৰিচালন সঞ্চালক ডাঃ চেতন খুণ্ডোংবামে জানিবলৈ দিয়া মতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগ, আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (RIMS) আৰু জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (JNIMS) সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰি থকা হৈছে।

ইতিমধ্যে একাংশ ৰোগীক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। আনহাতে, যিসকল ৰোগীৰ অৱস্থা অধিক সংকটজনক আৰু জীৱনদায়িনী চিকিৎসা তথা হিম’ডায়েলাইছিছৰ প্ৰয়োজন হৈছে, তেওঁলোকক শ্বিজা হাস্পতালতে বিশেষ চিকিৎসা প্ৰদান কৰা হৈছে।

সামগ্ৰিকভাৱে, মণিপুৰৰ এই ঘটনাই অবৈধভাৱে প্ৰস্তুত কৰা ভুৱা সুৰাৰ ভয়ংকৰ পৰিণতি পুনৰ এবাৰ পোহৰলৈ আনিছে। এতিয়া চৰকাৰী তদন্তত এই বিষাক্ত সুৰা ক’ৰ পৰা আহিছিল, কোনে প্ৰস্তুত কৰিছিল আৰু ইয়াৰ বিতৰণৰ আঁৰত কোন কোন জড়িত আছিল, সেই সকলো তথ্য পোহৰলৈ অহাৰ অপেক্ষা কৰিছে ৰাজ্যবাসীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

November 21, 2026
ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!
জীৱনশৈলী

ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

November 20, 2026
আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!
জীৱনশৈলী

আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!

November 20, 2026
ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম
জীৱনশৈলী

ঘৰৰ পূজাঘৰ কোন দিশত থাকিব লাগে? জানক বাস্তুৰ বিশেষ নিয়ম

November 20, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.